নিয়মীয়া বাৰ্তা, ১৫ অক্টোবৰ : আগন্তুক দুৰ্গাপূজাৰ উলহ-মালহৰ মাজতে ধুবুৰীৰ ৰে’ল ষ্টেচনৰ গাতে লাগি থকা এটা পুখুৰীত পৰি এজন তৃতীয় শ্ৰেণীৰ ছাত্ৰৰ মৃত্যু হোৱাৰ এক শোকাৱহ ঘটনা সংঘটিত হৈছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, কালি বিয়লিৰ পৰা শুভম ৰায় (১০) নামৰ শিশুটিৰ সন্ধানত হাবাথুৰি খাইছিল পৰিয়ালবৰ্গই। পিছত এজন লোকে শুভমক ৰে’ল আস্থানৰ কাষৰ পুখুৰীৰ ওচৰত দেখা বুলি জনাইছিল। সেই মৰ্মে কালি নিশাৰ পৰা শিশুটিৰ সন্ধানত সেই পুখুৰীটোত অভিযান আৰম্ভ কৰিছিল এছডিআৰএফৰ এটি দলে আৰু অৱশেষত আজি পুৱাসেই পুখুৰীটোত উদ্ধাৰ হয় শুভমৰ নিথৰ দেহ। জানিব পৰা মতে, জিলাখনৰ গোলকগঞ্জৰ কামাৰটাৰীৰ সেই শিশুটি ধুবুৰীৰ ৰে’লৱে ক’লনীৰ মোমায়েকৰ ঘৰলৈ অহাৰ পিছত এই শোকাৱহ ঘটনাটো সংঘটিত হয়। ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হৈছে শিশুটিৰ মৃতদেহ ।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী