১০০ শতাংশ যাত্রী কঢ়িওৱাৰ অনুমতিঃ ল’ব নোৱাৰিব বর্ধিত ভাৰা
নিয়মীয়া বাৰ্তা ৯ অক্টোবৰঃ ৰাজ্যত যাত্রীবাহী আৰু চিটীবাছসমূহত যাত্রী কঢ়িওৱাৰ ক্ষেত্রত নতুন নির্দেশনা জাৰি কৰিছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে৷ সেই অনুসৰি এতিয়াৰে পৰা যাত্রীবাহী আৰু চিটীবাছসমূহত এশ শতাংশ যাত্রী কঢ়িয়াব পাৰিব৷ অৱশ্যে এইক্ষেত্রত নির্দিষ্ট নীতি–নিয়ম মানি চলিব লাগিব যাত্রীবাহী বাছসমূহে৷ বাছসমূহত আসনৰ সংখ্যাৰ হিচাপতহে যাত্রী কঢ়িয়াব পাৰিব৷ কোনো বাহনত থিয় হৈ যাব নোৱাৰিব যাত্রী৷ আনহাতে, মাস্ক পৰিধান নকৰিলে যাত্রীক বাছত উঠাৰ অনুমতি প্রদান কৰিব নোৱাৰিব৷ প্রতিখন বাহনত ছেনিটাইজাৰৰ ব্যৱস্থা উপলব্ধ কৰিব লাগিব মালিকসকলে৷ গন্তব্য স্থানত উপস্থিত হোৱাৰ পাছত বাহনসমূহ ছেনিটাইজ কৰিব লাগিব৷ প্রতিমুহূর্তত বাছৰ চালক আৰু কর্মচাৰীসকলে মাস্ক পৰিধান কৰিব লাগিব৷ এই নীতি–নির্দেশনাসমূহ কার্যকৰী কৰাৰ ক্ষেত্রত ৰাজ্যৰ পৰিবহণ বিভাগে ব্যৱস্থা গ্রহণ কৰিব পাৰিব৷ উল্লেখ্য যে ১০০ শতাংশ যাত্রী কঢ়িওৱাৰ অনুমতি প্রদান অথবা ভাৰা বৃদ্ধিৰ দাবীৰে যোৱা ৫ অক্টোবৰৰ পৰা অনির্দিষ্টকালীন চকাবন্ধ কার্যসূচীৰ আহ্বান জনাইছিল অসম মটৰ পৰিবহণ সন্থাই৷ ফলত ৰাজ্যজুৰি বাছ–ট্রেকাৰ আদিৰ চলাচল বন্ধ হৈ পৰিছিল৷ কালি পৰিবহণ সন্থাৰে হোৱা আলোচনাতো ১০০ শতাংশ যাত্রী কঢ়িওৱাৰ অনুমতি প্রদান কৰিবলৈ দাবী উত্থাপন কৰিছিল সন্থাই৷ ইয়াৰ পাছতে এইক্ষেত্রত স্বাস্থ্য বিভাগৰ অনুমোদন বিচাৰি পত্র প্রেৰণ কৰিছিল পৰিবহণ বিভাগে৷ এই পত্রৰ ভিত্তিতে সকলো বিষয় চালি–জাৰি চাই স্বাস্থ্য বিভাগে চর্ত সাপেক্ষে ১০০ শতাংশ যাত্রী কঢ়িওৱাৰ অনুমতি প্রদান কৰে৷ স্বাস্থ্য বিভাগে এই অনুমতি প্রদান কৰাৰ পাছতে অনির্দিষ্টকালীন চকাবন্ধ কার্যসূচী প্রত্যাহাৰ কৰিছে মটৰ পৰিবহণ সন্থাই৷ এক বিবৃতিত সন্থাৰ সচিবপ্রধান প্রদীপ দাসে সদৰী কৰা অনুসৰি আজি সন্ধিয়া ৬ বজাৰ পৰা এই কার্যসূচী প্রত্যাহাৰ কৰিছে৷ সন্থাৰ ক’ৰ কমিটীৰ বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ অৱশ্যে, চকাবন্ধ প্রত্যাহাৰ হ’লেও বৃদ্ধি নহ’ব যাত্রীবাহী বাহনৰ ভাৰা৷ এই সন্দর্ভত কালি অনুষ্ঠিত বৈঠকৰ অন্তত পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে স্পষ্ট কৰি দিছিল৷ কিছুদিন পূর্বে যিহেতু ভাৰা বৃদ্ধি কৰা হৈছিল সেয়েহে নতুনকৈ ভাৰা বৃদ্ধি কৰা নহ’ব বুলি তেওঁ সংবাদ মাধ্যমৰ সদৰী কৰিছিল৷