নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলাক্ষেত্ৰত ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান অনুষ্ঠানত ৰাজ্যপাল, মুখ্যমন্ত্ৰী

নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰীঃ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাজ্যৰ সর্বোচ্চ অসামৰিক সন্মান, অসম বঁটা ২০২১ অলংকৰণ অনুষ্ঠানত উপস্থিত থাকে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত অত্যন্ত গাম্ভীর্যপূর্ণ পৰিৱেশত অনুষ্ঠিত এই অনুষ্ঠানত আজি লােকসেৱা, স্বাস্থ্য, শিক্ষা, উদ্যোগ, কৃষি আদি বিভিন্ন ক্ষেত্ৰলৈ অসামান্য অৱদান আগবঢ়োৱা তথা সমাজ জীৱনৰ বাটকটীয়াসকললৈ এই সন্মান আগবঢ়োৱা হয়। আজিৰ এই অনুষ্ঠানত শিক্ষাবিদ, গৱেষক অধ্যাপক ড° কমলেন্দু দেৱ ক্রোৰীক বিদ্যায়তনিক দিশলৈ আগবঢ়োৱা অসামান্য বৰঙনিৰ স্বীকৃতিকল্পে ‘অসম সৌৰভ’ বঁটা প্ৰদান কৰা হয়। তদুপৰি, মানৱ সেৱাৰ মন্ত্ৰেৰে উদ্বুদ্ধ অগ্রণী কোভিড যােদ্ধা, ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া ডাঃ লক্ষ্মণন এছক লােকসেৱা, ধ্যানচাঁদ, খেলৰত্ন, অর্জুন সন্মানেৰে বিভূষিত অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোঁহাইক ক্রীড়া ক্ষেত্ৰলৈ আগবঢ়োৱা অনৱদ্য বৰঙনি তথা সৃষ্টিৰে কৃষ্টিৰ কঠিয়া পাৰি সমাজ জীৱন উজলােৱা বিশিষ্ট চিত্রশিল্পী নীলপৱন বৰুৱাক চিত্রকলা আৰু সংস্কৃতিৰ বাবে অসম সৌৰভ বঁটাৰে সন্মানিত কৰা হয়।

এই অনুষ্ঠানতে ৰাজ্যপালে কোভিড কালত জনতালৈ অনৱদ্য সেৱা আগবঢ়োৱা মুণীন্দ্র নাথ ডাটেক লােকসেৱা আৰু টীকাকৰণৰ বাবে অসম গৌৰৱ বঁটাৰে সন্মানিত কৰে। ৰােগীলৈ জটিল সময়ত দেবদূত স্বৰূপে চিকিৎসা সেৱা আগবঢ়োৱা ডাঃ বসন্ত হাজৰিকাক জনস্বাস্থ্য আৰু কোভিড ব্যৱস্থাপনা, ক্ষুদ্র উদ্যোগীৰ বাটকটীয়া স্বৰূপে পৰিচিত আকাশজ্যোতি গগৈলৈ হাঁহ-কুকুৰা পালন উদ্যোগলৈ আগবঢ়োৱা বৰঙনিৰ বাবে, নতুন অর্থনীতিৰ বাটকটীয়া তথা গ্রাম্য অর্থনীতিলৈ নৱজাগৰণৰ জোৱাৰ অনা, নতুন যুগৰ স্বপ্নদ্রষ্টা মনােজ কুমাৰ বসুমতাৰীক গাহৰি পালনৰ বাবে, শিখৰ চুৱাৰ হেপাহেৰে পর্বতাৰােহণ কৰা খৰচিং তেৰাঙক ক্রীড়া আৰু পর্বতাৰােহণৰ বাবে, উদ্যমিতা আৰু নাৰী সৱলীকৰণৰ বাটকটীয়া ববী হাজৰিকাক নাৰী উদ্যমিতাৰ বাবে, তাতৰ শালত সপােন ৰচা তথা তাঁত শালত সৃষ্টিৰ আন্দোলনৰ সূচনা কৰা হেমপ্রভা চুতীয়াক বয়ন শিল্পৰ বাবে, কোভিড যুদ্ধৰ অক্লান্ত সৈনিক নমিতা কলিতাক জনস্বাস্থ্য আৰু লােকসেৱাৰ বাবে, আর্তজনৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হােৱা আশা কর্মী বার্মিত মমিনক লােকসেৱাৰ বাবে, বনসুৰক্ষাৰ নামত সমর্পিত ধৰণীধৰ বড়ােক বন্যপ্রাণী সংৰক্ষণৰ বাবে, উত্তৰ পুৰুষৰ বাবে নতুন দুৱাৰ তথা সম্ভাৱনীয়তাৰ সৃষ্টি কৰা কৌশিক বৰুৱাক কৃষি ৰপ্তানি আৰু উদ্যমিতাৰ বাবে, নিষ্ঠা তথা ত্যাগৰ অপূর্ব। সমাহাৰেৰে উজলি উঠা অংগনৱাড়ী কর্মী কল্পনা বড়াে লােকসেৱাৰ বাবে, স্বাস্থ্য সেৱাৰ জৰিয়তে মানৱ। সেৱাৰ নিদর্শন দাঙি ধৰা ডাঃ আছিফ ইকবালক স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞানৰ বাবে অসম গৌৰৱ বঁটাৰে সন্মানিত কৰা হয়।

You might also like