ক’ভিড–১৯ৰ নমুনা পৰীক্ষাত অসমৰ বৃহৎ সফলতাঃ একে দিনাই ১০ হাজাৰ
পৰীক্ষা সম্পন্ন, নমুনা পৰীক্ষাৰ সংখ্যা ২,২৭,১০৯টালৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা ১৭ জুনঃ ক’ভিড–১৯ৰ নমুনা পৰীক্ষাৰ ক্ষেত্রত অসমৰ স্বাস্থ্য বিভাগে বিশেষ সফলতা প্রদর্শন কৰিছে৷ মঙলবাৰে দিনটোতে অসমে সর্বাধিক ১০ হাজাৰ নমুনা পৰীক্ষা সম্পন্ন কৰি ৰেকর্ড স্থাপন কৰিছে৷ ইয়াৰ লগে লগে অসমে নমুনা পৰীক্ষা সম্পন্ন কৰাৰ সংখ্যা ২,২৭,১০৯টালৈ বৃদ্ধি পালে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে সন্তোষ প্রকাশ কৰি চিকিৎসক, বিজ্ঞানী আৰু বিভাগৰ ফ্রণ্টলাইন ৱর্কাৰসকলক এনে সফলতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ মঙলবাৰে দিনৰ ১১ বজাপর্যন্ত যোৰহাট মেডিকেল কলেজ হাস্পতালত ২৭,২২৯টা, শিলচৰ মেডিকেল কলেজ হাস্পতালত ২১,৩১৫টা, গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ৩৯,৭১০টা, অসম মেডিকেল কলেজ হাস্পতালত ১১,৯৯২টা, তেজপুৰ মেডিকেল কলেজ হাস্পতালত ২৬,৪৯০টা, বৰপেটা মেডিকেল কলেজ হাস্পতালত ৩৫,০৪৫টা, ডিফু মেডিকেল কলেজ হাস্পতালত ৪৮১টা, ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডিজ ইন ছায়েন্স এণ্ড টেক্ন’লজীত (আই এ এছ এছ টি) ৪,২৯৫টা, ৰিজি’নেল মেডিকেল ৰিছার্চ চেণ্টাৰত (আৰ এম আৰ চি–আই চি এম আৰ) ২০,৪৭৬টা, ডিফেন্স ৰিছার্চ এণ্ড ডেভেলপমেণ্ট অর্গেনাইজেচনত (ডি আৰ ডি অ’) ১,১৬৭টা, নর্থ–ইষ্ট ইনষ্টিটিউট অৱ ছায়েন্স এণ্ড টেক্ন’লজীত (এন ই আই এছ টি) ১০৯টা আৰু আউটচ’চত ৩৮,৮০০টা মুঠ ২,২৭,১০৯টা নমুনা পৰীক্ষা সম্পন্ন হয়৷