নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্চায়তত ZPCৰ প্ৰাৰ্থীক হৰুৱাবলৈ ১১ লাখ আদায় বিধায়ক নন্দিতা দাসৰ

তথ্য ফাদিল দলীয় কৰ্মীৰ, বিধায়িকাৰ এজাহাৰ দাখিল

নিয়মীয়া বাৰ্তা,১৬ মে’ : জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থীক হৰুৱাবলৈ কংগ্ৰেছী বিধায়িকাই হেনো আদায় লৈছিল নগদ ১১ লাখ! কংগ্ৰেছ দলৰে কৰ্মীয়ে এই তথ্য পৰাজিত প্ৰাৰ্থীগৰাকীৰ সতে হোৱা টেলিফোনিক বাৰ্তালাপত সদৰী কৰাৰ পাছতেই অডিঅ’ ক্লিপ নিমিষতে ভাইৰেল হৈ পৰে।

বকো সমষ্টিৰ কংগ্ৰেছ বিধায়িকা নন্দিতা দাসৰ বিৰুদ্ধে উত্থাপন হৈছে প্ৰাৰ্থীক হৰুৱাবলৈ ঠিকা লোৱাৰ গুৰুতৰ অভিযোগ। এই কথোপকথনৰ অডিঅ’ ক্লিপ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতেই আজি শুক্ৰবাৰৰ আবেলি বিধায়িকা নন্দিতা দাসে নগৰবেৰা ইন্দিৰা ভৱণত দলীয় কৰ্মী-সমৰ্থকৰ সতে এক জৰুৰী বৈঠকত মিলিত হয় আৰু ফোনালাপত অভিযোগ উত্থাপন কৰা নগৰবেৰা খামেৰি গাঁৱৰ আছৰফ আলীৰ পুত্ৰ জয়নাল আবেদিনৰ বিৰুদ্ধে নগৰবেৰা আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে।

আনকি দলীয় সদস্যৰ পৰাও নিলম্বন কৰা হয় জয়নাল আবেদিনক। প্ৰশ্ন হয় সচাঁ কোন, মিছা কোন? ৬নং নগৰবেৰা ছমৰীয়া সত্ৰ জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী হিমাদ্ৰী পাঠকৰ সতে ফোনত বিধায়িকাই টকা লোৱা তথ্য ফাদিল কৰা কংগ্ৰেছ কৰ্মী জয়নাল আবেদিন? নে এই তথ্য ভিত্তিহীন বুলি আৰক্ষীত এজাহাৰ দাখিল কৰা কংগ্ৰেছ দলৰ বিধায়িকা নন্দিতা দাস? নগৰবেৰা আৰক্ষীয়ে উদ্ঘাটন কৰিব পাৰিবনে উৰহীৰ ওৰ?

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like