আজি বিষ্ণু ৰাভাৰ ওপজা দিন, সমন্বয় ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি গুণমুগ্ধৰ
নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ অসমৰ জাতীয় সংস্কৃতি আৰু সত্তাৰ প্ৰাণপুৰুষ বিষ্ণুপ্ৰসাদ ৰাভাৰ আজি ওপজা দিন।
১৯০৯ চনৰ ৩১ জানুৱাৰীত ব্ৰিটিছ ভাৰতৰ ঢাকাত জন্মগ্ৰহণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ আজি ১১২ সংখ্যক জন্মদিন উপলক্ষে ৰাভাৰ কৰ্মভূমি তেজপুৰৰ সমাধিস্থলী সমন্বয় ক্ষেত্ৰত শিল্পী-বিপ্লৱীগৰাকীক আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে গুণমুগ্ধই।
সমন্বয়স্থলীত গীত-মাতৰ অনুষ্ঠানৰ লগতে চাকি-বন্তি জ্বলাই পুস্পাঞ্জলি অৰ্পণ কৰি গুণমুগ্ধই স্মৰণ কৰে মহান অসমীয়া শিল্পীগৰাকীক।
ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও টুইটযোগে শ্ৰদ্ধা জ্ঞাপন কৰে শিল্পীগৰাকীক। টুইটত মুখ্যমন্ত্ৰীগৰাখী উল্লেখ কৰে- ‘অসমীয়া কলা-কৃষ্টি তথা জাতীয় জীৱনক অনন্য সৃষ্টিৰাজিৰে চহকী কৰি থৈ যোৱা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱক জন্ম দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।’
অসমীয়া কলা-কৃষ্টি তথা জাতীয় জীৱনক অনন্য সৃষ্টিৰাজিৰে চহকী কৰি থৈ যোৱা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱক জন্ম দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। pic.twitter.com/cyAAxGW8vV
— Sarbananda Sonowal (@sarbanandsonwal) January 31, 2021