নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসভা নিৰ্বাচনত ১২খন আসনত আমাৰ জয় নিশ্চিত : মন্ত্ৰী পীয়ূষ হাজৰীকা

👉তামুলপুৰৰ কুমাৰীকাটাত বিশাল কৰ্মকৰ্তা সন্মিলন সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

👉বিটিআৰৰ উন্নয়নৰ বাবে দিনে-ৰাতিয়ে কাম কৰিছে বিজেপি-ইউপিপিএল সন্মিলিত চৰকাৰে

👉পাঁচ ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ পিছত ঘৰত সোমাই আছে কংগ্ৰেছ

👉উন্নয়নৰ বাবে দিনে-ৰাতিয়ে কাম কৰিছে বিজেপি-ইউপিপিএল সন্মিলিত চৰকাৰে

👉অৰুণোদয়ৰ ধন ১৪৫০ টকালৈ বৃদ্ধিৰ পোষকতা

👉আগন্তুক আঢ়ৈ বছৰত আৰু ৪৫ হাজাৰ নিবনুৱালৈ চৰকাৰী চাকৰি

বিশেষ বাৰ্তা, ১১ ডিচেম্বৰঃ আজি তামুলপুৰৰ কুমাৰীকটা বজাৰ খেলপথাৰত বিশাল কৰ্মকৰ্তা সন্মিলনত সম্বোধন কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। বিজেপিৰ বাবে এনেদৰে বিশাল জনগণ একত্ৰিত হোৱাৰ বাবে সকলোকে প্ৰথমেই ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। ৰাজ্যত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰ আৰু বিটিআৰত বিজেপি-ইউপিপিএল সন্মিলিত শক্তিৰ চৰকাৰে ৰাইজৰ উন্নয়নৰ বাবে দিনে-ৰাতিয়ে কাম কৰি আছে বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে, শিক্ষা, স্বাস্থ্য, বানপানী নিয়ন্ত্ৰণৰ লগতে বিভিন্ন ক্ষেত্ৰত কাম কৰি অসমক আগুৱাই লৈ যাবলৈ বিজেপি চৰকাৰে প্ৰয়াস কৰিছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই নিৰ্বাচনত প্ৰদান কৰা প্ৰতিশ্ৰুতি সমূহ ৰাইজৰ বাবে আখৰে আখৰে কৰে বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই। অসমৰ লাখ লাখ অৰুণোদয় আঁচনি লাভ কৰা লোকক ৰাজহুৱাকৈ কথা দিয়ে যে, অতি সোনকালে আঁচনিৰ ধন ১৪৫০ টকালৈ বৃদ্ধি কৰা হব। এনেদৰে ভৱিষ্যতেও অসমৰ ৰাইজক সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰী হাজৰীকাই। বিগত নিৰ্বাচনৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১ লাখ নিবনুৱা যুৱক-যুৱতীৰ চৰকাৰী নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিল। চৰকাৰ গঠন কৰা আঢ়ৈ বছৰত ১ লাখ চৰকাৰী নিযুক্তিৰ প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্য চৰকাৰে ইতিমধ্যে ৮৭ হাজাৰ হাজাৰ নিবনুৱা যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে, কোনোধৰণৰ টকা-পইচা নিদিয়াকৈ নিকাভাৱে আগন্তুক আঢ়ৈ বছৰত আৰু ৪৫ হাজাৰ চৰকাৰী চাকৰি প্ৰদান কৰিব বুলি ঘোষণা কৰে মন্ত্ৰী হাজৰীকাই। প্ৰতিশ্ৰুতিতকৈ ৩৫ হাজাৰ নিবনুৱা যুৱক-যুৱতীয়ে বেছিকৈ চৰকাৰী চাকৰি লাভ কৰিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। নিৰ্বাচন আন এটা প্ৰতিশ্ৰুতি অনুসৰি প্ৰায় ১২ লাখ মহিলাৰ মাইক্ৰফাউনেঞ্চৰ ঋণ মাফৰ বাবে বেংক সমূহক প্ৰায় ২১০০ কোটি টকা চৰকাৰে ঘূৰাই দিছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। অসমত এটি ২৪ খন মেডিকেল কলেজ আছে। বিগত ৬০ বছৰ তথা কংগ্ৰেছ চৰকাৰৰ দিনত অসমত মাত্ৰ ৬ খন মেডিকেল কলেজ আছিল। বিজেপি চৰকাৰৰ দিনত অসমত মেডিকেল কলেজ ১২খনলৈ বৃদ্ধি পোৱাৰ কথা মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, বৰ্তমানেও ৰাজ্যত আৰু ১২খন মেডিকেল কলেজৰ কাম পুৰ্ণগতিত চলি আছে। বিজেপি চৰকাৰে ৰাজ্যত প্ৰতিবছৰে ৩০০০ ডাক্তৰ উলিওৱাৰ পৰিবেশ গঢ়ি তুলিব। বিগত চৰকাৰৰ দিনত তামুলপুৰৰ ৰাস্তা-ঘাট অত্যন্ত বেয়া আছিল। বিজেপি চৰকাৰৰ দিনতে যাতায়তৰ ক্ষেত্ৰত যথেষ্ট উন্নত হৈছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। বিটিআৰত মুখ্যমন্ত্ৰী গুড উইল আঁচনিৰ অধীনত অসম চৰকাৰে প্ৰায় ৫০০ কোটি টকা বিটিআৰৰ ৰাস্তা নিৰ্মাণৰ বাবে প্ৰদান কৰিছে বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰি কয় যে, আগন্তুক তিনি বছৰত বিটিআৰত এটাও কেচা ৰাস্তা নাথাকিব। বিজেপি চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি বিনামূলীয়া নামভৰ্তিল লগতে বিনামূলীয়া ফৰ্ম ফিলাপৰো ব্যৱস্থা কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। আগতে কেন্দ্ৰীয় চৰকাৰে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ কৰিছিল। এতিয়া মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে আঢ়ৈ হাজাৰ টকা খৰছ কৰি দলং নিৰ্মাণ কৰিব পৰা হল। মিছন বসুন্ধৰা যোগেদি লাখ লাখ মানুহক চৰকাৰে ভূমি পট্টা প্ৰদান কৰিবলৈ সক্ষম হৈছে। মিছন ভূমিপুত্ৰৰ যোগেদি এতিয়ালৈকে ৩০ লাখ লোকক জাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰা হৈছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী আত্ননিৰ্ভৰ আঁচনিৰ জৰিয়তে অসমৰ ২ লাখ যুৱক-যুৱতীক ২ লাখৰ পৰা ৫ লাখ টকালৈকে আৰ্থিক সকাহ দিয়াৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে। কংগ্ৰেছ চৰকাৰৰ দিনত আত্মসহায়ক গোটক ৫ হাজাৰকৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰিছিল। চলিত বিজেপি চৰকাৰে এইবাৰ প্ৰতিটো আত্মসহায়ক গোটক ১ লাখ ১০ হাজাৰকৈ আৰ্থিক অনুদান দিয়া হব বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাতেই অসমত এমএচপি ব্যৱস্থা প্ৰবৰ্তন হৈছে। যাৰ ফলত ৰাজ্য কৃষকসকলে ধানৰ উকৃষ্ট মূল্য লাভ কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। বিজেপি চৰকাৰৰ দিনতে মুখ্যমন্ত্ৰী আয়ুস্মান অসমৰ জৰিয়তে বছৰত ৫ লাখ টকালৈকে বিনামূলীয়া চিকিসা লাভ কৰিব বুলি ভাষণত মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই। বিগত ৫ ৰাজ্য নিৰ্বাচনৰ ফলাফল দিয়াৰ পূৰ্বে কংগ্ৰেছ নেতা ভূপেন বৰা, ৰকিবুল হুচেইন, দেবব্ৰত শইকীয়া, গৌৰৱ গগৈয়ে সাৱধান বাণী শুনাইছিল যে ৩ তাৰিখে চাই লম। কিন্তু ফলাফলৰ পাছত তেওঁলোক টিভিত আজিলৈকে ওলোৱা নাই। ঘৰত সোমাই আছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। আজি সভাখনেই প্ৰমাণ যে, আগন্তুক লোকসভা নিৰ্বাচনত অসমত ১২টা সমষ্টিত বিজেপি, ইইউপিপিএল, অগপৰ প্ৰাৰ্থী জয়ী হব বুলি নিশ্চিত মন্ত্ৰী হাজৰীকা। পূৰ্বৰ নিৰ্বাচনত সাংসদ দিলীপ শইকীয়াক জয়ী কৰাইছিল, আগন্তুক নিৰ্বাচনতো বিজেপি প্ৰাৰ্থীক বিপুল ভোটত জয়ী কৰাব বুলি দৃঢ় বিশ্বাসী মন্ত্ৰীগৰাকী। এই সন্মিলনত সতীৰ্থ মন্ত্ৰী অজন্তা নেওগ, সাংসদ দিলীপ শইকীয়া, বিধায়ক সুশান্ত বৰগোহাঁই, বিটিআৰৰ ই এম বিজিৎ গৌৰা নাৰ্জাৰী, জিলা সভাপতি ভিক্টৰ দাসসহিতে ৰাজ্যিক, জিলা, মণ্ডল আৰু বুথৰ বিষয়ববীয়া- কাৰ্যকৰ্তাসকল উপস্থিত থাকে।

#বাৰ্তা ডেস্ক

You might also like