নিয়মীয়া বাৰ্তা ৩০ ছেপ্টেম্বৰঃ বিৰোধী দল কংগ্রেছে আসন্ন বিধানসভা নির্বাচনত যুঁজাৰ বাবে সংগী বিচাৰি মিত্রতাৰ দুৱাৰ খুলি বহি থকাৰ সময়তে শাসনাধিষ্ঠিত বিজেপি সাজু হৈ উঠিছে নির্বাচনী যুঁজৰ বাবে৷ অহা নির্বাচনত ১০০ প্লাছ আসন দখল কৰি পুনৰ চৰকাৰ গঠনৰ যি সংকল্প লৈছে, সেয়া বাস্তৱায়িত কৰাৰ বাবে বিজেপি ইতিমধ্যে হাতে–কামে কর্মক্ষেত্রত নামি পৰিছে৷ ইয়াৰ অংশ হিচাপে ৰাজ্যিক বিজেপিৰ সমষ্টিয়ে সমষ্টিয়ে অতি সংগোপনে আৰম্ভ কৰিছে জৰীপ৷ কেৱল বিজেপি বা মিত্রদলৰ দখলত থকা সমষ্টিয়েই নহয়, বিৰোধীৰ দখলত থকা প্রতিটো সমষ্টিকে সামৰি ৰাজ্যখনৰ ১২৬টা বিধানসভা সমষ্টিতে এই জৰীপ চলাই থকা হৈছে৷ বাহিৰৰ এটা প্রতিষ্ঠানৰ জৰিয়তে এই জৰীপ চলাই আছে৷ একে সময়তে দলৰ ৰাষ্ট্রীয় কমিটীয়েও তিনিটাকৈ জৰীপৰ ব্যৱস্থা কৰিছে৷ সম্পূর্ণ নিৰপেক্ষ প্রতিষ্ঠানৰ জৰিয়তে এই জৰীপ চলাব৷ মূলতঃ অসমৰ কোনটো বিধানসভা সমষ্টিত এই মুহূর্তত কোন দলৰ কেনেধৰণৰ স্থিতি, সেই সম্পর্কীয় বিতং তথ্য আহৰণৰ বাবেই ৰাজ্যিক বিজেপি আৰু ৰাষ্ট্রীয় বিজেপিয়ে এই পদক্ষেপ গ্রহণ কৰিছে৷ অহা দুমাহৰ ভিতৰত চাৰিওটা পর্যায়ৰ জৰীপ শেষ হ’ব বুলি বিজেপিয়ে আশা প্রকাশ কৰিছে৷ এই সম্পর্কত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে জানিবলৈ দিয়া মতে, অহা বিধানসভা নির্বাচনৰ প্রস্তুতি হিচাপে বিজেপিয়ে এই জৰীপৰ কাম আৰম্ভ কৰিছে৷ চাৰিটা পর্যায়ত চলিবলগীয়া জৰীপ সমাপ্তৰ পিছত লাভ কৰা প্রতিবেদনত ওলাই পৰিব বর্তমান কোন সমষ্টিত কোন দলৰ স্থিতি কেনেধৰণৰ৷ সেইদৰে ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা ৱেবছাইটৰ জৰিয়তে বর্তমানৰ বিধায়কসকলৰো ৰিপ’ট কার্ড সংগ্রহৰ ব্যৱস্থা কৰিছে৷ এই ৰিপ’ট কার্ড সংগ্রহৰ ব্যৱস্থা কেৱল বিজেপি বা মিত্রদলৰ বিধায়কৰ সমষ্টিৰ ভিতৰতে সীমাবদ্ধ নাৰাখি বিৰোধী দলৰ দখলত থকা সমষ্টিসমূহকো সামৰি লোৱা হৈছে৷ বিধায়কসকলৰ ৰিপ’ট কার্ডৰ পৰাই জানিব পৰা যাব বর্তমানৰ বিধায়কসকলৰ জনপ্রিয়তা, সমষ্টিত তেওঁলোকে কৰা উন্নয়ন আৰু কর্মদক্ষতা৷ সভাপতি দাসে জানিবলৈ দিয়া মতে, চাৰিটা পর্যায়ত চলোৱা জৰীপৰ প্রতিবেদনৰ আধাৰতে দলে পৰৱর্তী পর্যায়ত প্রতিদ্বন্দ্বিতা কৰিবলগীয়া আৰু মিত্রদলক এৰিবলগীয়া সমষ্টিও থিৰাং কৰিব পৰা যাব৷ সভাপতি দাসৰ এই ভাষ্যৰ পৰাই এটা কথাই স্পষ্ট হৈছে অহা নির্বাচনত মিত্রদলৰে আসন বুজাপৰাৰ ক্ষেত্রত সমষ্টি সালসলনি হ’ব পাৰে৷ যদিহে বর্তমান চলোৱা জৰীপত মিত্রদলৰ দখলত থকা কোনো সমষ্টিত এতিয়া সেই দলৰ জনপ্রিয়তা হ্রাস পাইছে আৰু তাত যদি বিজেপিৰ জনপ্রিয়তা বৃদ্ধি পাইছে, স্বাভাৱিকতে অহা নির্বাচনত সেইসমূহ সমষ্টিত বিজেপিয়ে প্রার্থিত্ব আগবঢ়াব৷ ইয়াৰ বিপৰীতে বর্তমান বিজেপিৰ দখলত থকা কোনো সমষ্টিত যদি গেৰুৱা দলটোৰ জনপ্রিয়তা হ্রাস পাইছে আৰু তাত মিত্রদলৰ শক্তি বৃদ্ধি হৈছে, তেতিয়াহ’লে সেই সমষ্টি স্বাভাৱিকভাৱে মিত্রদলক এৰি দিব৷ মন কৰিবলগীয়া এয়ে যে মিত্রদল অগপই বর্তমান তেওঁলোকৰ দখলত থকা সমষ্টিসমূহ অহা বিধানসভা নির্বাচনতো অগপক এৰি দিব লাগিব বুলি দাবী কৰি আহিছে৷ কিন্তু বিজেপিয়ে চাৰিটা পর্যায়ত আৰম্ভ কৰা জৰীপৰ প্রতিবেদনৰ ওপৰতহে নির্ভৰ কৰিব তেওঁলোকৰ দাবী কিমানদূৰ ফলৱতী হয়৷ একেদৰে বর্তমানৰ বিজেপিৰ কিমানগৰাকী বিধায়কে অহা নির্বাচনত প্রার্থিত্বৰ পৰা বঞ্চিত হ’বলগীয়াত পৰে, সেয়াও জৰীপৰ প্রতিবেদন আৰু ৰিপ’ট কার্ডৰ ফলাফলৰ ওপৰতে নির্ভৰ কৰিব৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে বিগত লোকসভা নির্বাচনৰ পাছৰে পৰাই বিজেপিয়ে কেৱল নিজৰ দখলত থকা সমষ্টিতে সাংগঠনিক কার্যকলাপ সীমাবদ্ধ ৰখা নাই৷ মিত্রদলৰ দখলত থকা সমষ্টি, বিৰোধীৰ দখলত থকা সমষ্টি আনকি সংখ্যালঘু অধ্যুষিত সমষ্টিতো বিজেপিয়ে সাংগঠনিক কার্যকলাপ অব্যাহত ৰাখিছে৷ মিত্রদল বিপিএফৰ তীব্র বিৰোধিতা সত্ত্বেও যোৱা ডেৰ বছৰে বিটিচি অঞ্চলতো গেৰুৱা দলটোৱে সাংগঠনিক কার্যকলাপ চলাই আহিছে৷ মূলতঃ যোৱা লোকসভা নির্বাচনৰ পিছতেই বিজেপিয়ে আসন্ন বিধানসভা নির্বাচনত ১০০ প্লাছ আসন দখলৰ যি লক্ষ্য স্থিৰ কৰিছে, সেই লক্ষ্যত উপনীত হোৱাৰ বাবে দলটোৱে কাগজ–কলমৰ হিচাপত সীমাবদ্ধ নাথাকি সাংগঠনিকভাৱে অধিক শক্তিশালী ৰূপত অৱতীর্ণ হ’ব বিচাৰিছে৷