নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বটদ্রৱা থানৰ সমীপতে মছজিদৰ নামত বেদখল

চৰকাৰী ভূমিত সন্দেহজনক ব্যক্তিক সংস্থাপন ভূ–মাফিয়াৰ

নিয়মীয়া বাৰ্তা ৩০ ছেপ্টেম্বৰঃ   ক’ৰোনাৰ আতংকই অসমৰ জনজীৱন বিপদাপন্ন কৰি থকাৰ সময়তে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ জন্মভিঠা বটদ্রৱা থানৰ নিচেই কাষত পুনৰ বৃদ্ধি পাইছে অবৈধ বেদখলকাৰীৰ দপ্দপনি৷ গুৰুজনাৰ পৱিত্র জন্মস্থান বটদ্রৱা থানৰ আকাশীগংগা তীৰত থকা ভূমিখণ্ড চৰকাৰৰ পৃষ্ঠপোষকতাত ইতিমধ্যে বেদখলমুক্ত হ’ল যদিও এতিয়াও চৰকাৰী বহু ভূমি আৰু বটদ্রৱা থানৰ প্রায় ৫০০ বিঘা ভূমি বেদখলকাৰীৰ কবলত থকাৰ বিষয়ে ইতিপূর্বে ‘নিয়মীয়া বার্তা’ত বিস্তাৰিতভাৱে বাতৰি প্রকাশ পাইছিল৷ বটদ্রৱা থানকে ধৰি দাঁতিকাষৰীয়া বৃহৎ এলেকাৰ চৰকাৰী ৫০০ বিঘাৰো অধিক ভূমিত বেদখলকাৰীয়ে বিগত সময়ত প্রশাসনৰ নির্লিপ্ত মনোভাবৰ বাবে কোনো বাধা–বিঘিনি নোহোৱাকৈ ঘৰ–বাৰী সাজিবলৈ সুযোগ পাইছিল৷ শেহতীয়াভাৱে সমগ্র অসমতে ক’ৰোনাৰ সংক্রমণে তীব্র ৰূপ ধাৰণ কৰাৰ সময়তে বটদ্রৱাৰ শান্তিজান বজাৰৰ চৰকাৰী ভূমিত একাংশ দুষৃকতিকাৰীয়ে মছজিদ কমিটীৰ নাম লৈ অবৈধভাৱে চলাইছে বেদখল৷ স্মর্তব্য যে স্থানীয় বিধায়িকা আঙুৰলতা ডেকাৰ তৎপৰতাত ৰাজ্য চৰকাৰে ইতিপূর্বে পদক্ষেপ গ্রহণ কৰি আকাশীগংগাৰ তীৰত ১৩০ বিঘা ভূমি বেদখলমুক্ত কৰিলে যদিও বটদ্রৱাৰ প্রাচীন ইতিহাসৰ ঘটনাবহুল পৰিক্রমাৰ স্মৃতিস্বৰূপ শান্তিজান জলপৃষ্ঠৰ কাষত বটদ্রৱা শান্তিজান বজাৰৰ সন্মুখৰ অংশতে থকা এটা মছজিদৰ নাম লৈ একাংশই চৰকাৰী ভূমিত চলাইছে বেদখল৷ এইসকল বেদখলকাৰীয়ে চৰকাৰী ভূমিখণ্ডৰ প্রায় ২ বিঘা ভূমি আগুৰি জেওৰা দিয়াক কেন্দ্র কৰি শান্তিজান বজাৰ সমিতি আৰু মছজিদ সমিতিৰ মাজত অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ তদুপৰি বজাৰ বন্ধ বুলি দুষৃকতিকাৰীয়ে অপপ্রচাৰ চলায়৷ ঘটনা সন্দর্ভত আজি পুৱাৰ ভাগত ধিং ৰাজহ চক্রৰ চক্র বিষয়া অজিত শর্মাৰ হস্তক্ষেপত বটদ্রৱা থানাত দুয়ো পক্ষৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয়৷ উক্ত আলোচনাত মঙলবৰীয়া শান্তিজান অর্ধসাপ্তাহিক বজাৰ পুনৰ খোলাৰ সিদ্ধান্ত গ্রহণ কৰে আৰু অচিৰেই শান্তিজান অর্ধসাপ্তাহিক বজাৰ এলেকাত থকা বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানৰ্ ভূমি আৰু দাঁতিকাষৰীয়া চৰকাৰী ভূমিৰ লগতে বজাৰ সমিতিৰ নামত আবণ্টিত ভূমিৰ জৰীপ চলোৱাৰ সিদ্ধান্ত গ্রহণ কৰি এখন ছজনীয়া নিৰীক্ষণ সমিতি গঠন কৰি দিয়ে৷ ধিং ৰাজহ চক্র বিষয়াৰ উপস্থিতিত অনুষ্ঠিত সভাখনত নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গুণীন্দ্র ডেকা, বটদ্রৱা আৰক্ষীৰ ভাৰপ্রাপ্ত বিষয়া ৰাধাকান্ত দাস, মছজিদ সমিতিৰ সভাপতি লোকমান হেকিম, বজাৰ সমিতিৰ হৈ ৰাজু বৰুৱা, হাতেম আলী, বটদ্রৱা সত্র গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য নগেন বৰা, সমাজকর্মী ভাস্কৰজ্যোতি বৰা প্রমুখ্যে ব্যক্তিসকল উপস্থিত থাকে৷

প্রণিধানযোগ্য যে অতীততে বটদ্রৱা থান সত্রৰ নামত থকা বৃহৎ ভূমিখণ্ড সংশ্লিষ্ট বিভাগৰ একাংশ লোকৰ জাতীয় সচেতনতাৰ অভাৱ আৰু দুষ্টচক্রৰ প্রৰোচনাত অতি গোপনীয়তাৰে থান সত্রৰ নাম–কর্তন কৰিছিল৷ এনে প্রেক্ষাপটত অচিৰেই গুৰুজনাৰ জন্মস্থান বটদ্রৱা অঞ্চলৰ সকলো বেদখল উচ্ছেদ কৰি এখন সঠিক ভূমি নীতি প্রণয়ন কৰিব নোৱাৰিলে অঞ্চলটোৰ জাতীয় জীৱনলৈ অমানিশা নামি আহিব৷ অঞ্চলটোত এচাম সন্দেহজনক লোকে প্রশাসনৰ বিনানুমতিত নিশাৰ ভিতৰতে ঘৰ সাজিয়ে ক্ষান্ত নাথাকি বেদখলকাৰীয়ে খান্দিছে বৃহৎ পুখুৰী য’ত মৎস্য উৎপাদনৰ নামত প্রতিদিনে পৰিৱেশ ভূলুণ্ঠিত হৈ আহিছে৷ প্রশাসনৰ ৰহস্যজনক নীৰৱতাৰ সুযোগ গ্রহণ কৰি স্থানীয় এটা ভূমাফিয়া চক্রৰ গুণ্ডা বাহিনীয়ে কিছুদিন পূর্বে মুকলিকৈ ধনৰ বিনিময়ত ভোমোৰাগুৰি কিচামতৰ চৰকাৰী ভূমিত বাহৰ পাতিবলৈ অনুমতি দিয়াৰো এক গুৰুতৰ অভিযোগ উত্থাপন হৈছিল৷ এতিয়া প্রশ্ণ হয় চৰকাৰী ভূমিত নিশাৰ ভিতৰতে এই অচিনাকি লোকক কোনে দিয়ে অনুমতি? এই প্রশ্ণক কেন্দ্র কৰি শেহতীয়াকৈ জাঙুৰ খাই উঠিছে বটদ্রৱা থান পৰিচালনা সমিতি, বটদ্রৱা আঞ্চলিক ছাত্র সন্থা, বিজেপিৰ যুৱ মর্চা আৰু বিভিন্ন দল–সংগঠনৰ লগতে সচেতন মহল৷ লগতে চৰকাৰী ভূমিত এইদৰে বাহৰ পাতি খনন চলোৱাত কৃষিজীৱী অঞ্চলটোৰ খেতিয়কৰ জীৱনলৈ নামি আহিছে সংকট৷ কাৰণ এই চৰকাৰী ভূমিত বিশেষকৈ ঐতিহাসিক সত্যতা থকা শান্তিজান জলপৃষ্ঠৰ নেজ অংশত বেদখলকাৰীয়ে খন্দা বৃহৎ আকাৰৰ পুখুৰীয়ে ভৰি পৰাত বাৰিষাৰ দিনত কৃষিভূমিত সৃষ্টি হয় অভাৱনীয় কৃত্রিম বান৷ ফলত কৃষিজীৱী লোকসকলৰ জীৱনলৈ নামি আহিছে অমানিশা৷ সেয়েহে চৰকাৰে সময় থাকোঁতেই উচিত ব্যৱস্থা লোৱাৰ দাবী উত্থাপন কৰিছে৷ লগতে বটদ্রৱাক বেদখলমুক্ত কৰিবলৈ স্থানীয় ৰাইজে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিত্ত আৰু স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, বিধায়িকা আঙুৰলতা ডেকা আৰু নগাঁও জিলাৰ উপায়ুক্তৰ দৃষ্টি আকর্ষণ কৰিছে৷

You might also like