নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ মাৰ্চৰ পৰা ১৪১সংখ্যক যোৰহাট ৰেচেছ

জিমখানা ক্লাৱৰ খেলপথাৰত থলুৱা ঘোঁৰা দৌৰৰ ঐতিহাসিক পৰম্পৰা

নিয়মীয়া বাৰ্তা, ১৩ মাৰ্চঃ সময়ৰ দ্ৰুত পৰিবৰ্তনে সমাজৰ বিভিন্ন ক্ষেত্ৰত পৰিবৰ্তনৰ আঁচোৰ বহুৱাই তাৰ ৰং ৰূপ সলনি কৰি পেলালেও এনে কিছু চলন্তি অথবা ব্যৱস্থা আছে যাৰ গাত আজিও পৰিবৰ্তনৰ ৰেশ পৰা নাই। ৰাইজেও তাক পূৰ্বাপৰ অৱস্থাতেই পাবলৈ বিচাৰে। এনে এক অনুষ্ঠান হল যোৰহাটৰ ঐতিহাসিক ঘোঁৰা দৌৰ প্ৰতিযোগিতা বা যোৰহাট ৰেচ। ১৮৭৭ৰ ১৬ জানুৱাৰীত ইংৰাজৰ আমোলত বিনোদনৰ এক আহিলা হিচাপে ঐতিহাসিক যোৰহাট জিমখানা ক্লাৱৰ খেল পথাৰত এই ঘোঁৰা দৌৰ প্ৰতিযোগিতা আৰম্ভ হৈছিল। এই ঘোঁৰাদৌৰ প্ৰতিযোগিতাৰ কিছু বিশেষ বিশেষত্ব আছে। প্ৰতিযোগিতা একমাত্ৰ থলুৱা ঘোঁৰাৰ মাজত অনুষ্ঠিত কৰা হয়। ঘোঁৰাৰ জকীয়ে কোনো জিন ব্যৱহাৰ ব্যৱহাৰ নকৰাকৈ অংশলোৱা প্ৰতিযোগিতাই ইংৰাজৰ লগতে স্থানীয় জনসাধাৰণ আৰু বাগিছাৰ শ্ৰমিককো আনন্দৰ খোৰাক যোগাইছিল। সময় সলনি হল। ইংৰাজৰ বেলি মাৰ গল দেশ স্বাধীন হল। কিন্তু বৰ্তমানেও জিমখানা ক্লাৱৰ উদ্য়োগত, বিভিন্ন বাগিছাৰ সহযোগত পূৰ্বাপৰ যোৰহাট ৰেচ নিয়মিয়াকৈ অনুষ্ঠিত হৈ আহিছে। চলিত বৰ্ষত ১৪১সংখ্যক বৰ্ষত ভৰি দিয়া যোৰহাট ৰেচ অহা ১৫ মাৰ্চৰ পৰা তিনিদিনীয়াকৈ জিমখানা ক্লাৱৰ খেল পথাৰত অনুুষ্ঠিত হব। উল্লেখনীয় যে আৰম্ভণিৰে পৰাই ব্ৰহ্মপূত্ৰৰ দাঁতিকাষৰীয়া মিচিং সম্প্ৰদায়ৰ লোকসকলে প্ৰতিযোগী হিচাপে ভাগ লৈ যোৰহাট ৰেচৰ ঐতিহ্য ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ৰেচৰ এক পৰম্পৰা অনুসৰি প্ৰতিযোগিতাৰ মুখ্য বঁটা গৱৰ্ণৰ কাপ ৰাজ্যৰ ৰাজ্যপালগৰাকীয়ে বিজয়ীৰ হাতত তুলি দিয়াতো এক নিয়ম। কিন্তু চলিত বৰ্ষত এইক্ষেত্ৰত ৰাজ্যপালৰ উপস্থিতি নিশ্চিত হোৱা নাই। ঐতিহাসিক পৰম্পৰা অনুসৰি এইবাৰৰ প্ৰতিযোগিতাত অংশগ্ৰহন কৰিবলৈ জাঁজীমূখ, আমগুৰি কপাহতলি, ককিলামুখ আদিৰ খেলুৱৈসকলে সাজু কৰি তুলিছে তেওঁলোকৰ ঘোঁৰাক। ১৫ মাৰ্চত ১২.৩০ বজাৰ পৰা আবেলি ৫ বজালৈ ঘোঁৰা দৌৰ প্ৰতিযোগিতা। ১৬ মাৰ্চত পুৱা ৮.৩০ বজাত কাৰ ৰেলী। ২.৩০ বজাত কুকুৰৰ প্ৰৰ্দশনী। ১৭ মাৰ্চত ১২.৩০ৰ পৰা ৫ বজালৈ ঘোঁৰাদৌৰ প্ৰতিযোগিতাৰে যোৰহাট ৰেচৰ সামৰণি পৰিব।

প্ৰেৰক নৱজ্যোতি তামুলী

You might also like