নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাঁতুৰি থাকোঁতেই ঘঁৰিয়ালৰ আক্ৰমণত মৃত্যু ফুটবলাৰৰ

বিশেষ বাৰ্তা, ২ আগষ্ট : কোষ্টাৰিকান ফুটবলাৰ জেছুছ আলবাৰ্টো লোপেজ অৰ্টিজক ২৯ জুলাইত নদীত সাঁতুৰি থকাৰ সময়তে ঘঁৰিয়ালে আক্ৰমণ কৰে, যাৰ ফলত ফুটবলাৰজনৰ মৃত্যু হয়। স্থানীয় ৰাইজে দেখাৰ পিছতেই ঘঁৰিয়ালটোক খেদি পঠিয়ায়। তথ্যানুসৰি ২৯ বছৰীয়া ফুটবলাৰগৰাকীয়ে কোষ্টাৰিকা গুৱানাকাষ্টে প্ৰদেশৰ ৰিঅ’ কানাছৰ নদীত সাঁতুৰি আছিল। হঠাৎ অহা ঘঁৰিয়ালটোৱে ফুটবল খেলুৱৈজনক আক্ৰমণ কৰে। স্থানীয় লোকে ফুটবল খেলুৱৈজনৰ মৃতদেহ উলিয়াই আনে। স্থানীয় আৰক্ষীয়ে জনোৱা মতে, তেওঁলোকৰ বিষয়াসকলে ঘঁৰিয়ালটোক গুলীয়াই হত্যা কৰিছিল, যাতে ই মানুহজনৰ মৃতদেহৰ পৰা ওলাই যায়। এই সিদ্ধান্ত লোৱা হৈছে কাৰণ ঠিক সেই মুহূৰ্ততে যদি ঘঁৰিয়ালটোক গুলীয়াই হত্যা কৰা নহ’লহেঁতেন তেন্তে ঘঁৰিয়ালটোৱে মানুহজনৰ মৃতদেহটো ক’ৰবাত লুকুৱাই ৰাখিলেহেঁতেন আৰু উদ্ধাৰৰ কোনো সম্ভাৱনা নাথাকিলহেঁতেন। এতিয়া এই ঘটনাৰ বহু ভিডিঅ’ আৰু ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। এই ছবিবোৰত দেখা যায় যে এজন মানুহৰ শৰীৰ মুখত লৈ পানীত সাঁতুৰিছে এটা বিশাল ঘঁৰিয়াল। আন এটা ভিডিঅ’ত স্থানীয় ৰাইজে মৃতদেহটো পাৰলৈ অনাৰ পূৰ্বে পানীত গুলী চলাই থকা দেখা গৈছে। চুচো নামেৰে বেছি পৰিচিত জেছুছ আলবাৰ্টো লোপেজ অৰ্টিজ আছিল ডিপ’ৰ্টীভ’ ৰিঅ’ কানাছ দলৰ এজন ফুটবলাৰ। তেওঁ দুটা সন্তানৰ পিতৃও আছিল। ৩১ জুলাইত লোপেজৰ পৰিয়ালৰ সদস্যসকলে জনসাধাৰণক ফুটবলাৰজনৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ পৰিশোধ কৰাত সহায় কৰিবলৈ কয়, কাৰণ তেওঁলোকৰ আৰ্থিক অৱস্থা দুৰ্বল। জেছুছ আলবাৰ্টোৰ দলীয় পৰিচালক লুইছ কাৰ্লোছ মণ্টেছেও লোপেজ পৰিয়ালক সহায় কৰিবলৈ চেষ্টা কৰিছে। শ্ৰদ্ধাঞ্জলি জনাই ফুটবলাৰ ক্লাবটোৱে কয়, গভীৰ দুখেৰে আমি আমাৰ খেলুৱৈ জেছুছ লোপেজ অৰ্টিজৰ আত্মাক শান্তি কামনা কৰিছোঁ। তেওঁৰ সমগ্ৰ পৰিয়ালৰ যন্ত্ৰণাত আমি ভাগ লওঁ আহক।

You might also like