মাজদিয়াত পাঁচ শতাধিক পৰিয়ালক খাদ্য সামগ্ৰী যোগান চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ
নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰঃ অসম আৰক্ষী দিৱসৰ লগত সংগতি ৰাখি আইন শৃংখলা পৰিস্থিতি বজাই ৰখাৰ স্বাৰ্থত আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক মধুৰ কৰাৰ লক্ষ্য লৈ নলবাৰী জিলাৰ দৌলাশালস্থিত চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক উজ্বল প্ৰতিম বৰুৱাই গ্ৰহণ কৰিছিল এক প্ৰশংসনীয় পদক্ষেপ । সেই পদক্ষেপৰ অংশ হিচাপে কালি বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত মাজদিয়া-গৰেমাৰী- গাদেশালীপামৰ জনসাধাৰণৰ লগত মত-বিনিময় কৰাৰ উপৰি গাঁও কেইখনৰ পাঁচ শতাধিক পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰে চতুৰ্দশ অসম আৰক্ষী বাহিনীয়ে।
চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক উজ্বল প্ৰতিম বৰুৱাৰ নিৰ্দেশত বাহিনীৰ এটি সজাতি দলে কালি মাজদিয়া- গৰেমাৰী- গাদেশালীপাম (গৰিয়া) গাঁও উন্নয়ন সমিতিৰ সহযোগত গাঁও উন্নয়ন সমিতিৰ কাৰ্যালয়ত পাঁচ শতাধিক পৰিয়ালক এই খাদ্য-সামগ্ৰী যোগান ধৰে। শিশুৰ চকলেট, বিস্কুট, চিপচৰ পৰা আৰম্ভ কৰি মানৱ জীৱনৰ দৈনন্দিন ৰান্ধনিশালত প্ৰয়োজনীয় চাউল, দাইল আদি কেঁচা সামগ্ৰী যোগান ধৰে চতুৰ্দশ অসম আৰক্ষী বাহিনীয়ে ।
উল্লেখ্য যে অসম আৰক্ষী দিৱসৰ লগত সংগতি ৰাখি বাহিনীটোৱে নিকটৱৰ্তী কেইবাখনো গাঁৱৰ জনসাধাৰণৰ লগত মত- বিনিময় আৰু খাদ্য সামগ্ৰী যোগান ধৰাৰ এক অভিনৱ কাৰ্যসূচী হাতত লৈছে । কিছুদিন পূৰ্বে বৰক্ষেত্ৰীৰ বৰতলা, দৌলাশালৰ লগতে নলবাৰীৰ বেলশৰত দুই সহস্ৰাধিক পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰিছিল । ইপিনে গাঁও উন্নয়ন সমিতিৰ সভাপতি কামৰুজ জামানে বাহিনীটোৰ অধিনায়ক উজ্জ্বল প্ৰতিম বৰুৱাৰ এই মহৎ পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰে ।