নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছিৰ ৰাজগড়ত ৩৫ কেজি ওজনৰ ১৫ ফুট দৈৰ্ঘ্যৰ অজগৰ উদ্ধাৰ

বিশেষ বাৰ্তা, ৩ মেঃ আজি পুৱা দহ বজাত শুৱালকুছিৰ ৰাজগড়ত এডাল প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে ৷ উল্লেখ যে প্ৰকাণ্ড অজগৰটো প্ৰথমে চম্পা দাস নামৰ এগৰাকী মহিলাই এঘৰ মানুহৰ টিঙৰ চালিৰ ওপৰত পৰি থকা দেখা পায় ৷ পিছত বিষয়টো ৰাজহুৱা হৈ পৰাত অজগৰটো চাবলৈ অগণন লোকৰ সমাগম হয় ৷ মানুহৰ উমান পাই অজগৰটো নাৰায়ণ (নানা) দাসৰ এটা গুদামত সোমাই যায় ৷ লগে লগে বন বিভাগক খৱৰ দিয়াত হাজো বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ স্হানীয় ৰাইজৰ সহযোগত অতি কৌশলৰে অজগৰটো উদ্ধাৰ কৰে ৷ প্ৰায় ৩৫ কেজি ওজনৰ ১৫ ফুট দৈৰ্ঘৰ অজগৰটো বন বিভাগৰ লোকে নি বংশৰৰ বনাঞ্চলত এৰি দিয়ে ৷

প্ৰেৰক দিলীপ মেধি

You might also like