দেওবাৰে ক’ভিডত আক্রান্ত ১,৫৭৯জন, মৃত্যু ১৬, আক্রান্তৰ হাৰ ১.৬২ শতাংশ
নিয়মীয়া বাৰ্তা, ১২ জুলাইঃ যোৱা দিনকেইটাৰ তুলনাত দেওবাৰে ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ কিছু উন্নতি ঘটিছে৷ দেওবাৰৰ দিনটোত ৰাজ্যখনত আক্রান্তৰ হাৰ ১.৬২ শতাংশলৈ হ্রাস পোৱাৰ লগতে মৃত্যুৰ সংখ্যাও ১৬জনলৈ নিম্নগামী হৈছে৷
ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমে প্রকাশ কৰা অনুসৰি দেওবাৰৰ দিনটোত ৰাজ্যখনত ৯৭,২৫৭জন লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ ইয়াৰে ১,৫৭৯জনৰ দেহত পজিটিভ ধৰা পৰে৷ দিনটোত আক্রান্তৰ হাৰ ১.৬২ শতাংশ৷ দেওবাৰে আক্রান্ত হোৱাসকলৰ ভিতৰত যোৰহাটত ১৮৫জন, গোলাঘাটত ১৮০জন, কামৰূপ মহানগৰত ১৫০জন, শোণিতপুৰত ১০৩জন, বিশ্বনাথত ৮৬জন, লখিমপুৰত ৮৪জন, ডিব্রুগড়ত ৭৮জন, শিৱসাগৰত ৭৮জন লোক আক্রান্ত হৈছে৷
সেইদৰে দেওবাৰৰ দিনটোত ক’ভিডত আক্রান্ত হৈ মৃত্যুবৰণ কৰা ১৬জন লোকৰ ভিতৰত কামৰূপ–কোকৰাঝাৰৰ দুজনকৈ, বাক্সা–বিশ্বনাথ–বঙাইগাঁও কাৰ্বি আলং–নগাঁও–নলবাৰী আৰু তিনিচুকীয়াৰ এজনকৈ লোক৷
মন কৰিবলগীয়া এয়ে যে ৰাজ্যখনত সুস্থতাৰ হাৰ ৯৫.১০ শতাংশলৈ বৃদ্ধি পাইছে৷ আনহাতে সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত দেওবাৰে ২,৭৯৩জন লোকক হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়৷ বর্তমান ৰাজ্যখনত ১৯,৯৭২জন সক্রিয়া ক’ভিড ৰোগী আছে৷