কাছাৰত ১৬জনকৈ লোকক গুলীয়ালে ডকাইতে, এজনৰ অৱস্থা সংকটজনক
নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ কাছাৰত কালি নিশা প্ৰায় ১ বজাত ২৫ জনীয়া এটা ডকাইতৰ দলে গুলীয়াই আহত কৰে ১৬গৰাকীকৈ লোকক। কাছাৰৰ কালাই বুৰুং গাঁৱৰ প্ৰথম খণ্ডত সংঘটিত হয় এই ডকাইতি কাণ্ড।
অজি উদ্দিন নামৰ প্ৰাক্তন সেনা জোৱানজনৰ ঘৰত ডকাইতি কাণ্ড সংঘটিত কৰে ডকাইতৰ দলটোৱে। লক্ষাধিক টকাসহ আ-অলংকাৰ লুটি নিয়া ডকাইতৰ দলটোক কৰায়ত্ত কৰিবলৈ ওচৰ-চুবুৰীয়াই চেষ্টা চলাই যদিও গুলীচালনা কৰি পলায়ন কৰে দলটোৱে।
এই গুলীচালনাত আহত হোৱা ১৬গৰাকী লোকৰ ভিতৰত অজি উদ্দিনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ঘটনা সংঘটিত হোৱাৰ পিছত ডকাইতৰ দলক গ্ৰেপ্তাৰৰ দাবীত শিলচৰ-গুৱাহাটী পথ অৱৰোধ কৰে ৰাইজে।