শিক্ষাক্ষেত্র আঁচনিৰ অধীনত ৰাজ্যত বন্ধ হ’ব ১৬১খন বিদ্যালয়
নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ আগষ্টঃ ৰাজ্যৰ বিদ্যালয়সমূহত শিক্ষকৰ নাটনি পূৰণ কৰা, আন্তঃগাঁথনিৰ উন্নয়নৰ বিপৰীতে শিক্ষা বিভাগে পুনৰ ১৬১খন বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ মুখ্যতঃ বিদ্যালয় একত্রীকৰণৰ লক্ষ্যৰে গ্রহণ কৰা এই সিদ্ধান্তৰ জৰিয়তে ৰাজ্যৰ ১৭খন জিলাত বন্ধ হৈ পৰিব কেইবাখনো পুৰণি বিদ্যালয়৷ শিক্ষাক্ষেত্র আঁচনিৰ অধীনত শেহতীয়াকৈ ১৭খন জিলাত ১৬১খন বিদ্যালয় আন বিদ্যালয়ৰ সৈতে সংলগ্ন কৰাৰ ব্যৱস্থা গ্রহণ কৰিছে শিক্ষা বিভাগে৷ সেই অনুসৰি সর্বাধিক বিদ্যালয় বন্ধ হ’ব মাজুলী জিলাত৷ জিলাখনত ৩১খন প্রাথমিক বিদ্যালয় আন বিদ্যালয়ৰ সৈতে সংলগ্ণ কৰা হ’ব৷ আনহাতে, লখিমপুৰ জিলাত ১৯খন, বঙাইগাঁও জিলাত ১৪খন, হাইলাকান্দি জিলাত ১০খন বিদ্যালয় বন্ধ কৰি সমীপৰ আন বিদ্যালয়ৰ সৈতে সংলগ্ন কৰা হ’ব৷ একেদৰে কৰিমগঞ্জত ৮খন, নগাঁৱত ৭খন, নলবাৰীত ৬খন, শিৱসাগৰত ৮খন, মৰিগাঁৱত ৩খন, শোণিতপুৰত ৩খন, তিনিচুকীয়াত ৪খন, বৰপেটাত ৬খন, ডিব্রুগড়ত ৫খন, যোৰহাটত ৭খন, হোজাইত ৩খন, গোৱালপাৰাত ৩খন, কামৰূপ (ম)ত ৪খন আৰু চৰাইদেউত এখন বিদ্যালয় আন বিদ্যালয়ৰ সৈতে চামিল কৰা হ’ব৷ প্রাথমিক শিক্ষা সঞ্চালকালয়ে যোৱা ১২ আগষ্টত এএছই ৪৮১/২০১৬/১৬৪ নং এক পত্রযোগে শিক্ষাক্ষেত্র আঁচনিৰ অধীনত বিদ্যালয় একত্রীকৰণ তথা ১৬১খন বিদ্যালয় বন্ধ কৰাৰ নির্দেশ দিছে৷ মন কৰিবলগীয়া যে শেহতীয়াকৈ শিক্ষা বিভাগে বিদ্যালয়সমূহত শিক্ষাসেতু এপৰ জৰিয়তে শিক্ষক আৰু ছাত্র–ছাত্রীৰ উপস্থিতি নিয়মীয়া কৰাৰ ক্ষেত্রত অধিক গুৰুত্ব প্রদান কৰি অহাৰ সময়তে ৰাজ্যৰ এই ১৬১খন বিদ্যালয়ত ছাত্র–ছাত্রীৰ উপস্থিতিত অতি নিম্ন তথা একেবাৰে নোহোৱাৰ বাবে বন্ধ কৰিবলগীয়া হোৱা বিষয়টোৱে যথেষ্ঠ প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ পৰিতাপৰ বিষয়টো হ’ল যে শিক্ষা বিভাগে বিদ্যালয় একত্রীকৰণৰ বাবে গ্রহণ কৰা পদক্ষেপ অনুসৰি যোৱা ৭ বছৰত প্রায় ৮ হাজাৰ বিদ্যালয় একত্রীকৰণৰ জৰিয়তে বন্ধ কৰা হৈছে৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে গ্রহণ কৰা এই সিদ্ধান্তত ৰাজ্যত বহু পুৰণি বিদ্যালয় বন্ধ হোৱাটো স্পষ্ট হৈ পৰিছে৷