মাত্র ১৩ দিনতে প্রাণহানি ১৬৩জনৰ: পজিটিভ ৩২,৩৫৩
নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰঃ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ (ক’ভিড–১৯) সংক্রমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৰাজ্যত৷ ভবাতকৈও দ্রুত হাৰত বৃদ্ধি পাইছে ক’ভিডৰ সংক্রমণ৷ ক্রমাৎ বাঢ়িছে ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা৷ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ শেহতীয় তথ্য অনুসৰি চলিত মাহৰ বিগত ১৩ দিনত ৰাজ্যত ক’ৰোনাত আক্রান্ত হৈছে ৩২,৩৫৩জন৷ একেদৰে এই সময়ছোৱাত মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণত প্রাণ হেৰুৱায় ১৬৩গৰাকী লোকে৷
লক্ষণীয়ভাৱে আজিক বাদ দি ছেপ্টেম্বৰ মাহৰ প্রথম ১২টা দিনত পজিটিভৰ হাৰ হৈছে ৭.১৫৷ ইয়াৰ বিপৰীতে আজিৰ দিনটোতে পজিটিভৰ হাৰ হ’ল ৮.৩৩ শতাংশ৷
উল্লেখ্য যে যোৱা ১ ছেপ্টেম্বৰত ৰাজ্যত মুঠ ৩৭,০৬৬টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল৷ উক্ত দিনটোত আক্রান্ত লোকৰ সংখ্যা আছিল ২,৬৮৪ (৭.২৪ শতাংশ)৷ ১ ছেপ্টেম্বৰত মৃত্যু হৈছিল ৯জন লোকৰ৷ আনহাতে, ২ ছেপ্টেম্বৰত ৪৭,৭৪৪টা পৰীক্ষাৰ বিপৰীতে ধৰা পৰিছিল ৩,৫৫৫ (৭.৪৪ শতাংশ) ৰোগী৷ মৃত্যু হৈছিল ৮জন লোকৰ৷ সেইদৰে ৩ ছেপ্টেম্বৰত ৪৮,৮৪৬টা নমুনা পৰীক্ষাত ২,৬৮৪ (৬.২৫ শতাংশ), ৪ ছেপ্টেম্বৰত ৩৯,৩৪৭টা নমুনা পৰীক্ষাত ২,৮৯১ (৭.৩৪ শতাংশ), ৫ ছেপ্টেম্বৰত ৩৫,১৪৭টা নমুনা পৰীক্ষাত ২,৬৯৮ (৭.৬৭ শতাংশ), ৬ ছেপ্টেম্বৰত ২৩,৩৩৬টা নমুনা পৰীক্ষাত ১,৫৩৭ (৬.৫৮ শতাংশ), ৭ ছেপ্টেম্বৰত ৩৮,৬১১টা নমুনা পৰীক্ষাত ২,৭৮৫ (৭.২১ শতাংশ), ৮ ছেপ্টেম্বৰত ৩৮,৪৬২টা নমুনা পৰীক্ষাত ২,৫৯৭ (৭.৪১ শতাংশ), ৯ ছেপ্টেম্বৰত ৩১,৫৬২টা নমুনা পৰীক্ষাত ২,২৪৩ (৭.১০ শতাংশ), ১০ ছেপ্টেম্বৰত ৩৫,৩৬৯টা নমুনা পৰীক্ষাত ২,৭৩৪ (৭.৭৪ শতাংশ), ১১ ছেপ্টেম্বৰত ৩৬,৪১৩টা নমুনা পৰীক্ষাত ২,৫৩৪ (৬.৯৬ শতাংশ) আৰু ১২ ছেপ্টেম্বৰত ৩১,৩৫৩টা নমুনা পৰীক্ষাত ২,১৩২ (৬.৮২ শতাংশ)জন লোকৰ শৰীৰত ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে৷
ইয়াৰ উপৰি ১ ছেপ্টেম্বৰৰ পৰা ১২ ছেপ্টেম্বৰলৈ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ১৪৭জন৷ ইয়াৰে ভিতৰত ১ ছেপ্টেম্বৰত ৯জন, ২ ছেপ্টেম্বৰত ৮জন, ৩ ছেপ্টেম্বৰত ৮জন, ৪ ছেপ্টেম্বৰত ১৫জন, ৫ ছেপ্টেম্বৰত ৭জন, ৬ ছেপ্টেম্বৰত ৮জন, ৭ ছেপ্টেম্বৰত ১০জন, ৮ ছেপ্টেম্বৰত ৮জন, ৯ ছেপ্টেম্বৰত ১৮জন, ১০ ছেপ্টেম্বৰত ১৮জন, ১১ ছেপ্টেম্বৰত ১৬জন আৰু ১২ ছেপ্টেম্বৰত ২৩জন লোকৰ মৃত্যু ঘটিছে ক’ৰোনাত৷
তদুপৰি কালিৰ দিনটোত ক’ৰোনাত আক্রান্ত ১৬জনে প্রাণ হেৰুৱায়৷ উল্লেখ্য যে ক’ৰোনা সংক্রমণ প্রতিৰোধৰ বাবে ৰাজ্যত ঘোষণা কৰা হৈছিল লকডাউন৷ কিন্তু পৰৱর্তী সময়ত লকডাউন শিথিল কৰি অর্থনৈতিক কাম–কাজ অব্যাহত ৰাখিবলৈ অনুমতি প্রদান কৰা হয়৷ দোকান–পোহাৰ, চৰকাৰী–বেচৰকাৰী কার্যালয় খুলিবলৈ অনুমতি প্রদান কৰিলেও স্বাস্থ্য বিধি অনুসৰণ কৰিবলৈ কঠোৰভাৱে নির্দেশ দিয়া হৈছিল৷ কিন্তু একাংশই এই নির্দেশনাক চৰম উলংঘা কৰি ওলাই আহিছে ঘৰৰ বাহিৰলৈ৷ আৰক্ষীয়ে জৰিমনা বিহা সত্ত্বেও একাংশ লোকে পৰিধান নকৰে মাস্ক৷ তদুপৰি পৰিবহণ ব্যৱস্থা, অফিচ–কাছাৰী, হাট–বজাৰ আদিত বজাই নাৰাখে সামাজিক দূৰত্ব৷ যাৰ পৰিপ্রেক্ষিতত অতি দ্রুতগতিত চিন্তনীয়ভাৱে বৃদ্ধি পাইছে মহামাৰী ক’ৰোনাৰ সংক্রমণ৷ ফলত চৰকাৰী–বেচৰকাৰী হাস্পতালত ক্রমাৎ হ্রাস পাই আহিছে বিছনাৰ সংখ্যা৷ সমান্তৰালভাৱে জটিল ৰোগীৰ বাবে নোহোৱা হৈছে আই চি ইউ৷ সেয়েহে আগন্তুক সময়ছোৱাত ৰাজ্যত ক’ভিড আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা অধিক বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে৷ একে সময়তে উৎসৱৰ বতৰত ৰাইজ ওলাই আহিলে ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে সৃষ্টি হোৱা পৰিস্থিতি অতি স্পর্শকাতৰ আৰু ভয়াৱহ হৈ পৰিব বুলি ৰাজ্যৰ স্বাস্থ্য বিভাগে আশংকা প্রকাশ কৰিছে৷
স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো শেহতীয়াকৈ আশংকা প্রকাশ কৰিছে যে দুর্গোৎসৱৰ সময়ত ৰাইজ ওলাই আহিলে পৰিস্থিতি নিয়ন্ত্রণৰ বাহিৰলৈ গতি কৰিব৷ দুর্গাপূজাৰ দিন চমু চাপি অহাৰ লগে লগে প্রশাসনৰ বাবে উদ্বিগ্নতাৰ কাৰণ হৈ পৰিছে৷ অৱশ্যে আগন্তুক দুর্গোৎসৱৰ সময়ত কি ধৰণে পূজা অনুষ্ঠিত কৰিবলৈ অনুমতি প্রদান কৰা হ’ব অথবা পূজা কমিটীসমূহে কিদৰে পূজা অনুষ্ঠিত কৰিব, সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ ইয়াৰ মাজতে ছেপ্টেম্বৰৰ মাহত সংক্রমণৰ দ্রুত হাৰে ভয়াৱহ ভৱিষ্যতৰ ইংগিত বহন কৰিছে৷ মাহটোৰ প্রথম ১২টা দিনতে গড় হিচাপত প্রতিদিনে আক্রান্ত হৈছে ২,৫৮৮জন লোক৷ অর্থাৎ এই ধাৰা অব্যাহত থাকিলে চলিত মাহটোত আক্রান্ত হ’ব ৭৭,৬৪০জন লোক৷ ইয়াৰ মাজত জটিল অৱস্থালৈ গতি কৰা ৰোগীক কি ধৰণে চিকিৎসা প্রদান কৰিবলৈ চৰকাৰ সক্ষম হ’ব, সেয়াও আন এক আশংকাৰ কাৰণ হৈ পৰিছে৷ কিয়নো আই চি ইউসমূহত থকা বিছনা ইতিমধ্যে জটিল ৰোগীৰে ভৰি পৰিছে৷