১৭,৮৪,৮৯০ শিক্ষার্থীৰ নামভর্তি মাচুল ৰেহাই ২৩,২৪৫ ছাত্রীলৈ স্কুটী
শিক্ষা–স্বাস্থ্যখণ্ডত যুগান্তকাৰী পদক্ষেপ
নিয়মীয়া বাৰ্তা ১৩ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন বর্তমানৰ ৰাজ্য চৰকাৰখনে শিক্ষা আৰু স্বাস্থ্যখণ্ডত গ্রহণ কৰা যুগান্তকাৰী পদক্ষেপৰ বিষয়ে আজি সদনত লেখানুদান ভাষণত বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিস্তৃতভাৱে উল্লেখ কৰে৷ মাধ্যমিক আৰু উচ্চ শিক্ষাৰ প্রসাৰৰ বাবে শিক্ষা বিভাগে গ্রহণ কৰা প্রজ্ঞান ভাৰতী আঁচনিৰ অধীনত মুঠ ১৭,৮৪,৮৯০গৰাকী ছাত্র–ছাত্রীয়ে নামভর্তিৰ ক্ষেত্রত মাচুল ৰেহাইৰ সুবিধা লাভ কৰি উচ্চ শিক্ষা লাভৰ লক্ষ্যৰ দিশলৈ ধাৱিত হৈছে৷ স্নাতক পর্যায়লৈ বিনামূলীয়া পাঠ্যপুথি বিতৰণ আঁচনিৰ অধীনত বর্তমানলৈকে ১,০৮,৮৩,৯১৪গৰাকী ছাত্র–ছাত্রী উপকৃত হৈছে৷ অষ্টম শ্রেণীলৈকে বিনামূলীয়া ইউনিফর্ম দিয়াৰ আঁচনিখন এতিয়া চৰকাৰী বিদ্যালয়ত দশম শ্রেণীলৈকে নামভর্তি কৰা ছাত্র–ছাত্রীৰ বাবে প্রযোজ্য কৰা হৈছে৷ এই আঁচনিৰ অধীনত এতিয়ালৈ ৪৪,৩২,৩৬৮গৰাকী ছাত্র–ছাত্রী উপকৃত হৈছে৷ অনাগত দিনত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্র–ছাত্রীসকলক খাদ্য আৰু পৰিবহণ ব্যয়ৰ বাবে মাহিলি ভাট্টা যোগান ধৰাৰ চিন্তা–চর্চা কৰি থকা হৈছে৷ সেইদৰে চৰকাৰী আৰু প্রাদেশীকৃত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্র নিৱাস–ছাত্রী নিৱাসত থাকি অধ্যয়ন কৰা শিক্ষার্থীসকলক চৰকাৰে প্রদান কৰা খোৰাকীৰ ফলত ১৩,৪১৪গৰাকী ছাত্র–ছাত্রী উপকৃত হৈছে৷ কন্যা শিক্ষাৰ ক্ষেত্রত উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্রথম বিভাগ বা তাৰ ওপৰত সুখ্যাতিৰে উত্তীর্ণ হোৱা সকলো ছাত্রীলৈ স্কুটী প্রদান আঁচনিখনৰ অধীনত এতিয়ালৈকে মুঠ ২৩,২৪৫খন স্কুটী বিতৰণ কৰা হৈছে৷ অনাগত দিনতো এই আঁচনি অব্যাহত থাকিব৷
একেদৰে ২০১৬–১৭ বিত্তীয় বর্ষৰ বাজেটত গ্রহণ কৰা বিদ্যালক্ষ্মী আঁচনিৰ অধীনত এতিয়ালৈকে ৫৭৫গৰাকী ছাত্র–ছাত্রীক সামৰি মুঠ ৩৭.৬০ কোটি টকাৰ ঋণ অনুমোদন দিয়া হৈছে৷ অভিনন্দন আঁচনিৰ জৰিয়তে শিক্ষা ঋণ লোৱা ছাত্র–ছাত্রীৰ ঋণ একাউণ্টত ৫০ হাজাৰ টকাকৈ এককালীন অর্থসাহায্য দিয়াৰ ফলত ৫,৭৯৯গৰাকী শিক্ষার্থী উপকৃত হৈছে৷ একেদৰে তেজস্বী–নৱধিতমস্ত্ এডু ইনফ্রা ফাণ্ডছৰ অধীনত গুৱাহাটী বিশ্ববিদ্যালয়ত ২৫ কোটি টকা আবণ্টন দিয়া হৈছে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয় আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে প্রতিখন প্রতিষ্ঠানলৈ ১০০ কোটি টকাকৈ পুঁজি অনুমোদন দিয়ে৷ সেইদৰে যোৱা বছৰৰ বাজেটত ঘোষণা কৰা অনুসৰি পাঠশালাত ভট্টদেৱ বিশ্ববিদ্যালয়, হোজাইত ৰবীন্দ্রনাথ ঠাকুৰ বিশ্ববিদ্যালয়, নাৰায়ণপুৰত মাধৱদেৱ বিশ্ববিদ্যালয়, ডিব্রুগড়ৰ চাবুৱাত শ্রীশ্রীনিৰুদ্ধদেৱ ক্রীড়া বিশ্ববিদ্যালয় আৰু মাজুলীত শ্রীমন্ত শংকৰদেৱ সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে৷ গোলাঘাটত বীৰাংগনা সতী সাধনী বিশ্ববিদ্যালয় আৰু গোলকগঞ্জত বীৰ চিলাৰায় বিশ্ববিদ্যালয় স্থাপনৰ প্রক্রিয়াও চলি আছে৷
অনাগত দিনত বৰাক উপত্যকাতো এখন কৃষি বিশ্ববিদ্যালয় স্থাপনৰ পৰিকল্পনা কৰা হৈছে৷ আনহাতে, ইংৰাজী বা আন মাধ্যমৰ বিদ্যালয়সমূহত দশম শ্রেণীলৈকে অসমীয়া ভাষা বাধ্যতামূলক কৰা হৈছে৷ চলিত বর্ষৰ এক জানুৱাৰীৰ পৰা এই আইনখন কার্যকৰী হৈছে৷ মধ্যাহ্ণ ভোজনৰ সৈতে জড়িত কর্মচাৰীসকলৰ মজুৰি অতিৰিক্তভাৱে ৫০০ টকাকৈ বৃদ্ধি কৰা হৈছে৷ নতুন শিক্ষা প্রতিষ্ঠান সম্পর্কত তেওঁ কয় যে ধুবুৰী, নলবাৰী, ৰঙিয়া, নগাঁও, ডিফু, যোৰহাট, ডিব্রুগড়, তেজপুৰ, শিলচৰ আৰু লখিমপুৰত ১০খন চৰকাৰী আইন মহাবিদ্যালয়ৰ কাম চলি আছে৷ সেইদৰে সোণাই, চেঙা, বটদ্রৱা, জলেশ্বৰ, গোলকগঞ্জ, বিলাসীপাৰা, মঙলদৈ, হাইলাকান্দি আৰু কৰিমগঞ্জৰ সংখ্যালঘুপ্রধান এলেকাত ৯খন আদর্শ মহাবিদ্যালয় স্থাপনৰ বাবে আধাৰশিলা স্থাপন কৰা হৈছে৷ বৰছলা, ডুমডুমা, মাজুলী, বাক্সা, চিৰাং আৰু ওদালগুৰিত ৬খন নতুন স্নাতক মহাবিদ্যালয়ৰ কাম দ্রুতগতিত আগবাঢ়ি আছে৷ তিনিচুকীয়া মহাবিদ্যালয়খন ইতিমধ্যে কার্যক্ষম হৈ উঠিছে৷ অনুৰূপ ধৰণে কাছাৰৰ বৰখলা, কার্বি আংলঙৰ ডেইথৰ, তিনিচুকীয়াৰ কাকপথাৰ আৰু হাইলাকান্দিৰ কাটলিচেৰাত ৭খন নতুন চৰকাৰী মহাবিদ্যালয় ইতিমধ্যে কার্যক্ষম হৈ উঠিছে৷ মৰিগাঁৱৰ লাহৰীঘাট, নগাঁৱৰ চামগুৰি আৰু দক্ষিণ শালমাৰাৰ মাজেৰ আলগাত নির্মাণ কৰা মহাবিদ্যালয়খনৰ কাম–কাজো আগবাঢ়ি আছে৷
ব্যক্তিগত শিক্ষা প্রতিষ্ঠানসমূহত অত্যধিক মাচুল লোৱা আৰু অন্যান্য অনিয়মসমূহ ৰোধ কৰাৰ বাবে শিক্ষা বিভাগে মাচুল নিয়মীয়াকৰণ আইনৰ ধাৰা মতে মাচুল নির্ধাৰণ কৰি দিছে বুলি প্রকাশ কৰে৷ ইপিনে স্বাস্থ্যখণ্ডৰ কাম–কাজৰ খতিয়ান দাঙি ধৰি মন্ত্রী ড০ শর্মাই কয় যে চলিত মাহৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত গুৱাহাটী, ডিব্রুগড়, বৰপেটা, ডিফু, তেজপুৰ, লখিমপুৰ, যোৰহাট, মঙলদৈ আৰু কোকৰাঝাৰত কর্কট সেৱা কেন্দ্রসমূহ কার্যক্ষম হৈ উঠিব৷ গুৱাহাটীৰ ৰাজ্যিক কর্কট প্রতিষ্ঠানক প্রথম পর্যায়ৰ উন্নীতকৰণ চলিত বর্ষতে সম্পূর্ণ হ’ব৷ নির্মাণকার্যৰ লগতে ৰোগ নির্ণয় তথা নিৰাময়ৰ বাবে অত্যাধুনিক সা–সৰঞ্জাম স্থাপন আৰু চিকিৎসক, নার্ছসকলক প্রশিক্ষণৰ বাবে বিস্তৃত পৰিকল্পনা কৰি থকা হৈছে, যাতে নির্মাণকার্য সম্পূর্ণ হোৱাৰ লগে লগে কেন্দ্রসমূহ তৎকালে কার্যক্ষম হৈ উঠে৷ অসমৰ বাহিৰে দেশৰ কোনো ৰাজ্যই এনে বিস্তৃত পর্যায়ৰ কর্কট সেৱাৰ কার্যসূচী গ্রহণ কৰা নাই৷ অটল অমৃত অভিযান আঁচনিয়ে ১,৪৫,২২০গৰাকী হিতাধিকাৰীক উপকৃত কৰিছে৷ তেওঁলোকৰ ভিতৰত ৪,৮৬০গৰাকী হিতাধিকাৰীক বিস্তাৰিত অটল অমৃত অভিযানৰ অধীনত সামৰি লোৱা হৈছে৷ সেইদৰে আয়ুস্মান ভাৰত আঁচনিৰ অধীনত ১,৫০,৯৭৩গৰাকী হিতাধিকাৰীয়ে নগদ ধনবিহীন চিকিৎসা সেৱা লাভ কৰিছে৷ চিকিৎসকৰ অভাৱৰ সমস্যা আঁতৰোৱাৰ বাবে ৰাজ্য চৰকাৰে চিকিৎসা আৰু স্বাস্থ্য নিয়োগ ব’ড গঠন কৰে৷ ২০১৮ বর্ষৰ পৰা ফাষ্ট ট্রেক ভিত্তিত চিকিৎসা আৰু স্বাস্থ্য নিয়োগ ব’র্ডে ১,৪১২গৰাকী চিকিৎসক আৰু ফেকাল্টীৰ অনুমোদন জনোৱাৰ ক্ষেত্রত এই আঁচনিয়ে প্রভূত বৰঙণি আগবঢ়ায়৷ এই ব্যৱস্থাই বিভাগৰ বাবে খালী পদসমূহৰ বিপৰীতে নিয়মিতভাৱে বিজ্ঞাপন দিয়াটো সম্ভৱ কৰি তুলিছে আৰু নতুনকৈ উত্তীর্ণ হোৱা যুৱক–যুৱতীসকল অধিক সময় অপেক্ষা নকৰাকৈয়ে পদসমূহত আবেদন কৰিবলৈ সক্ষম হ’ব৷ ড্রাগ্ছ পৰিদর্শক আৰু খাদ্য সুৰক্ষা বিষয়া পদৰ বাবে বাছনি প্রক্রিয়া অতি সোনকালে সম্পূর্ণ হ’ব বুলি তেওঁ প্রকাশ কৰে৷ সদনত তেওঁ আৰু কয় যে চাংসাৰিত নির্মাণ কৰা এইমছৰ কাম অহা জুন মাহৰ ভিতৰত সম্পূর্ণ হৈ উঠিব৷
গুৱাহাটীৰ এইমছৰ এম বি বি এছৰ প্রথম শৈক্ষিক বর্ষৰ পাঠদান গুৱাহাটীৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ চাৰিসীমাৰ ভিতৰত থকা পেৰা মেডিকেল বিজ্ঞান প্রতিষ্ঠানৰ অস্থায়ী চৌহদত যোৱা ১২ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে৷ উত্তৰ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ২০২১–২২ শিক্ষাবর্ষৰ পৰা পাঠদান আৰম্ভ হ’ব৷ আনহাতে, জন্মগত হূদৰোগ আঁচনিৰ অধীনত প্রায় ৮,১০০ হিতাধিকাৰী উপকৃত হৈছে৷ ১৪ বছৰতকৈ কম বয়সৰ জটিল তথা মাৰাত্মক ৰোগত আক্রান্ত শিশুসকলৰ চিকিৎসাৰ বাবে স্নেহস্পর্শ আঁচনিৰ জৰিয়তে চৰকাৰে বিত্তীয় সাহায্য আগবঢ়াই আহিছে৷ এই আঁচনিৰ জৰিয়তে এতিয়ালৈ ৫৬০টি শিশু উপকৃত হৈছে৷ সেইদৰে চেৰিব্রেল পালছীত আক্রান্ত শিশুসকলৰ পৰিয়ালসমূহলৈ ৫০ হাজাৰ টকাৰ এককালীন বিত্তীয় সাহায্য আগবঢ়োৱাৰ লগতে সেই পৰিয়ালসমূহক ৩৬টা কিস্তিৰ প্রতিটোতে ২,৫০০ টকাকৈ প্রদান কৰা হয়৷ অসম আৰোগ্য নিধিৰ অধীনত ৩,৬৬২গৰাকী লোকক জটিল ৰোগৰ চিকিৎসাৰ বাবে তিনি লাখ টকাপর্যন্ত বিত্তীয় সাহায্য প্রদান কৰা হৈছে৷ স্বাস্থ্যখণ্ডত নিয়োজিত শিক্ষকসকলৰ প্রতি সন্মান জনাই ২০১৮–১৯ বিত্তীয় বর্ষত স্নাতক মহাবিদ্যালয়, বিশ্ববিদ্যালয়, কাৰিকৰী আৰু চিকিৎসা মহাবিদ্যালয়ৰ সকলো শিক্ষকলৈ সংশোধিত দৰমহা প্রদান কৰাৰ ফলত স্বাস্থ্যখণ্ডৰ ২,১৭১গৰাকী শিক্ষাবিদ উপকৃত হৈছে৷ সঞ্জীৱনী গ্রাম্য স্বাস্থ্য সেৱা যোজনা আঁচনিৰ অধীনত চলিত বর্ষৰ জানুৱাৰীলৈকে ৮৭,২৭,৪৩১গৰাকী ৰোগীৰ চিকিৎসা প্রদান কৰা হৈছে৷ আয়ুসৰ সৈতে পৰম্পৰাগত চিকিৎসা আন্তঃগাঁথনিৰ সংমিশ্রণ ঘটাবৰ অর্থে গোৱালপাৰা, দুধনৈত এখন নতুন আয়ুর্বেদিক মহাবিদ্যালয় স্থাপনৰ বাবে চৰকাৰ প্রতিশ্রুতিবদ্ধ হৈছে বুলি তেওঁ প্রকাশ কৰে৷