১৮০ কোটিৰ কেলেংকাৰিত গ্রেপ্তাৰ গুৱাহাটীৰ ব্যৱসায়ী
নিয়মীয়া বাৰ্তা ২৭ আগষ্টঃ জি এছ টিৰ নামত ভুৱা ৰচিদেৰে প্রায় ১৮০ কোটি টকাৰ কেলেংকাৰি সংঘটিত কৰা গুৱাহাটীৰ এজন ব্যৱসায়ীক গ্রেপ্তাৰ কৰিছে জি এছ টি ইণ্টেলিজেন্সৰ গুৱাহাটী মণ্ডলে৷ ভুৱা ৰচিদেৰে কোটি কোটি টকা আত্মসাৎ কৰি গ্রেপ্তাৰ হোৱা ব্যৱসায়ীজন হৈছে বিকাশ বাঞ্চাল৷ এদিন পূর্বে গ্রেপ্তাৰ কৰা বাঞ্চালক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল৷ আদালতে বাঞ্চালক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্রেৰণ কৰিছে৷
এক বিবৃতিত গুৱাহাটী মণ্ডলৰ অতিৰিক্ত সঞ্চালক এইচ এম এনালে প্রকাশ কৰা অনুসৰি ভুৱা ৰচিদৰ জৰিয়তে কয়লা পৰিবহণৰ নামত কোটি কোটি টকা আত্মসাৎ কৰি আহিছিল ব্যৱসায়ী বাঞ্চালে৷ মেছার্ছ বাঞ্চাল এছ’চিয়েটছৰ স্বত্বাধিকাৰী বিকাশ বাঞ্চালে লুধিয়ানা, গুজৰাটৰ গান্ধীধাম, হাৰিয়ানাৰ কালকা আৰু গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা ভুৱা প্রতিষ্ঠানৰ জৰিয়তে এই ধন আত্মসাৎ কৰি আহিছিল৷ চিমেণ্ট উৎপাদন, ক’ক উৎপাদন আৰু অন্যান্য সামগ্রী উৎপাদনৰ নামত বাঞ্চালে এই ভুৱা ৰচিদসমূহ প্রদান কৰি আহিছিল৷ প্রকৃতার্থত কোনো ধৰণৰ সামগ্রী পৰিবহণ নকৰাকৈয়ে এই ভুৱা ৰচিদসমূহ প্রদান কৰি ধন আত্মসাৎ কৰি আহিছে৷
উল্লেখ্য যে ইয়াৰ পূর্বেও এনেধৰণে ধন আত্মসাৎ কৰা ফাঁচীবজাৰৰ দুজন ব্যৱসায়ীক জি এছ টি ইণ্টেলিজেন্সে গ্রেপ্তাৰ কৰিছিল৷