নিয়মীয়া বাৰ্তা, ১৬ অক্টোবৰ : ধুবুৰী জিলাৰ বিলাসীপাৰাৰ জমিদাৰ বাৰীৰ পূজাখনে এইবেলি ১৮৮ বছৰ স্পৰ্শ কৰিব। লোকশ্ৰুতি অনুসৰি সেই সময়ৰ জমিদাৰ কীৰ্তি নাৰায়ণ চৌধুৰীৰ পত্নী মাতংগিনী দেৱীয়ে হাল বাওতে এগৰাকী কৃষকৰ নাঙলত মাটিৰ পৰা এটা অষ্টভূজা উদ্ধাৰ হোৱা বুলি সপোনত দেখে৷ পত্নীক সপোনত দেৱীয়ে পৰিয়াললৈ আনি পূজাৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ দিয়াৰ কথা শুনি জমিদাৰ কীৰ্তি নাৰায়ণে খা-খবৰ লৈ চাপৰৰ কাজিপাৰাৰ এগৰাকী কৃষকে হাল বাওতে সঁচাকৈয়ে মাটিৰ পৰা অষ্টভূজাৰ এটা প্ৰতিমা উদ্ধাৰ কৰা বুলি অৱগত হয় ৷ জমিদাৰে কৃষকগৰাকীৰ পৰা প্ৰতিমাটো সংগ্ৰহ কৰি নিজৰ গৃহৰ চোতালত মন্দিৰ নিৰ্মাণ কৰি অষ্টভূজা দেৱীৰ দৈনিক পূজাৰ ব্যৱস্থা কৰে৷ তেতিয়াৰ পৰাই বিলাসীপাৰাৰ জমিদাৰ পৰিয়ালত দুৰ্গাপূজাৰ প্ৰচলন হয়৷ প্ৰথমৱস্থাত দুৰ্গাপূজাৰ সময়ত জাকজমকতাৰে সেই অষ্টভূজাৰ মূৰ্তিটোকে দেৱী দুৰ্গা ৰূপে পূজা কৰা হৈছিল৷ কিন্তু কেইবছৰমান পিছত অষ্টভূজা দেৱীৰ সমান্তৰালকৈ পূজাৰ সময়ত দেৱী দুৰ্গাৰ মৃন্ময় মূৰ্তিৰো পূজা আৰম্ভ হয় পৰিয়ালটোত৷ উল্লেখ্য যে ১৮৫৮ চনত চাপৰ এস্টেটৰ সদৰ চাপৰৰ পৰা বিলাসীপাৰালৈ স্থানান্তিৰত হোৱাৰ পিছৰ পৰা পৰিয়ালটো চাপৰৰ পৰা আহি বিলাসীপাৰাত থাকিবলৈ লয়৷ সেই সময়ত পৰিয়ালৰ উপাস্য দেৱতা অষ্টভূজা দেৱী আৰু গোপীনাথ জিউৰ বাবে সম্পূৰ্ণ শ্বেতপাথৰৰ মন্দিৰ নিৰ্মাণ কৰে জমিদাৰে৷ অৱশ্যে ১৯৩৬ চনৰ ভূঁইকঁপত সম্পূৰ্ণৰূপে ধ্বংস হয় সেই মন্দিৰটো৷ তাৰ পিছত টিনৰ মন্দিৰত পূজা-অৰ্চনা কৰা হ’লেও পিছত পকী মন্দিৰ নিৰ্মাণ কৰি স্থাপন কৰা হয় দুয়োকে৷ স্থানীয়ভাৱে একচালা শৈলীৰূপে পৰিচিত পৰিয়ালটোৰ পূজাৰ দুৰ্গা প্ৰতিমাৰ শৰীৰ আৰু বস্ত্ৰৰ ৰং, অংগসজ্জা, মুখ আৰু চকুৰ অভিব্যক্তি আজিলৈকে সলনি হোৱা নাই; পূৰ্বে যি আছিল আজিও একে। ১৯৫৬ চনত জমিদাৰী প্ৰথাৰ বিলোপ ঘটোৱাৰ পিছত বৰ্তমানে বিলাসীপাৰাৰ জমিদাৰ বাৰীৰ দুৰ্গাপূজাখনৰ জাকজমকতা কিছু ম্লান পৰিলেও বৰ্তমানেও কিন্তু বৃহত্তৰ বিলাসীপাৰাৰ ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু এই পূজাখন৷
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী