নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৮ মার্চৰ পৰা গৃহৰক্ষীৰ অনির্দিষ্টকালীন কর্মবিৰতি

নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্রত শাসনাধিষ্ঠিত চৰকাৰখনে কৰি থকা বঞ্চনাৰ প্রতিবাদত অহা ১৮ মার্চৰ পৰা অনির্দিষ্টকালীন কর্মবিৰতি ঘোষণা কৰিছে ৰাজ্যৰ গৃহৰক্ষীসকলে৷ ১৮ মার্চৰ পুৱা ৬ বজাৰ পৰা ৰাজ্যৰ ২৭ হাজাৰ গৃহৰক্ষীয়ে অসহযোগিতা পালনেৰে এই কার্যসূচী ৰূপায়ণ কৰিব৷ আজি গুৱাহাটী প্রেছ ক্লাবত এখন সংবাদ মেলত এই কথা ঘোষণা কৰে সদৌ অসম প্রশিক্ষণপ্রাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাই৷ সংবাদ মেলত প্রশিক্ষণপ্রাপ্ত গৃহৰক্ষী সন্থাৰ সভাপতি কামাখ্যা দাসে কয় যে বিগত সময়ছোৱাত বিভিন্ন সময়ত গৃহৰক্ষী জোৱানসকলে প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰি আহিছে৷ এই প্রসংগত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক সাক্ষাতো কৰা হৈছিল৷ তেওঁলোকে গৃহৰক্ষীসকলৰ সমস্যা সমাধানৰ প্রতিশ্রুতি দিছিল৷ কিন্তু এই প্রতিশ্রুতি আজিপর্যন্ত কার্যকৰী নকৰিলে বুলি উল্লেখ কৰি তেওঁ কয়– ‘যোৱা ৫ মার্চত অসমৰ গৃহ বিভাগৰ পৰা সন্থাক আলোচনাৰ বাবে মতা হৈছিল৷ কিন্তু কোনো কাৰণ নোহোৱাকৈ এদিন পূর্বে এই বৈঠকখন বাতিল কৰা হয়৷ চৰকাৰ তথা গৃহ বিভাগৰ এই ল’ৰা–ধেমালিক আমি তীব্র ভাষাৰে গৰিহণা দিছোঁ৷

গৃহৰক্ষী বাহিনীত কর্তব্যৰত প্রত্যেকজন সদস্যই নিজৰ প্রাপ্যৰ দাবীত জাগ্রত হৈছে৷ অসম চৰকাৰৰ প্রতাৰণা আৰু প্রৱঞ্চনা কোনো কাৰণতে মানি লোৱা নহ’ব৷’ ইফালে কর্মবিৰতি কার্যসূচীৰ লগতে আগন্তুক বিধানসভা নির্বাচনত তেওঁলোকে কোনোধৰণৰ কর্তব্য পালন নকৰে বুলিও আজি স্পষ্ট কৰি দিয়ে৷ এই প্রসংগত দাসে কয়– ‘বিগত সময়ছোৱাত নির্বাচনৰ সময়ত কর্তব্যত নিয়োজিত হৈ থকা বাবে নিজৰ ভোটাধিকাৰ আমি সাব্যস্ত কৰিব পৰা নাছিলোঁ৷ কিন্তু এইবাৰ আমি নির্বাচনৰ কর্তব্য পালন নকৰোঁ৷ ইয়াৰ পৰিৱর্তে আমি ভোটদানৰ জৰিয়তে আমাক কৰা বঞ্চনাৰ প্রতিশোধ ল’ম৷ পৰিয়ালসহ এইবাৰ আমি নির্ণায়ক ভোট প্রদান কৰিম৷’ উল্লেখ্য যে গৃহৰক্ষীসকলে দীর্ঘদিনৰ পৰা তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ লগতে সম–কামৰ সম–মজুৰি আদায়ৰ বাবে দাবী উত্থাপন কৰি আহিছে৷ তদুপৰি গৃহৰক্ষীসকলক অনলাইনৰ জৰিয়তে নিয়োগ কৰা কার্যৰো বিৰোধিতা কৰি আহিছে তেওঁলোকে৷ ইপিনে সংবাদ মেলত দাসে কয় যে এটা বিয়াগোম গৃহ বিভাগ থাকোঁতে আজি গৃহৰক্ষীসকলৰ দুর্দশাৰ সীমা নোহোৱা হৈছে৷ ক’ভিডৰ কালছোৱাত গৃহৰক্ষীসকলে দায়িত্ব পালন কৰিছে৷ কর্তব্যৰত অৱস্থাত ক’ভিডত আক্রান্ত হৈ দুজন গৃহৰক্ষী জোৱানে মৃত্যুবৰণ কৰিছে৷ কিন্তু তেওঁলোকৰ পৰিয়ালে কোনো সাহায্য লাভ নকৰিলে৷

You might also like