নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৯৫১ৰ পূর্বে অসমত বাস কৰাসকলেই অসমীয়া

ক্ষুব্ধ আছুৱে ৰাজহুৱা কৰিলে ৬নং দফা কমিটীৰ ৭৯ পৃষ্ঠাৰ প্রতিবেদন

নিয়মীয়া বাৰ্তা ১২ আগষ্টঃ   ১৯৫১ চনৰ ১ জানুৱাৰীৰ পূর্বে অসমৰ পৰিধিত বাস কৰা লোকসকলক ‘অসমীয়া’ হিচাপে গণ্য কৰা হ’ব৷ এইসকল লোকে অসম চুক্তিৰ ৬নং দফা অনুযায়ী সাংবিধানিক ৰক্ষাকৱচ লাভ কৰিব৷ কেন্দ্রৰ গৃহ মন্ত্রালয়ে অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্রতিবেদনত অত্যন্ত স্পষ্ট ভাষাৰে এই কথা উল্লেখ কৰা হৈছে৷ বিগত ৫ মাহ ধৰি কেন্দ্র আৰু ৰাজ্য চৰকাৰে উক্ত প্রতিবেদন গুৰুত্বহীনভাৱে পেলাই থোৱাৰ পাছত বিক্ষুব্ধ হৈ পৰা সদৌ অসম ছাত্র সন্থাই প্রতিবেদনখন মঙলবাৰে ৰাজহুৱা কৰে৷ এখন সংবাদ মেলত আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্য, সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে সদৰী কৰে যে অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে উচ্চস্তৰীয় সমিতি গঠন কৰা হৈছিল ২০১৯ চনৰ ১৬ জুলাইত৷ সেই সময়ত গৃহমন্ত্রী অমিত শ্বাহে প্রতিবেদন দাখিলৰ এসপ্তাহৰ ভিতৰত এয়া কার্যকৰী কৰা হ’ব বুলি ঘোষণা কৰিছিল৷ সমিতিয়ে নির্ধাৰিত সময়ৰ ভিতৰত প্রতিবেদন প্রস্তুত কৰিলে৷ যোৱা ১০ ফেব্রুৱাৰীত সদস্যসকলে চূড়ান্ত প্রতিবেদনত চহী কৰাৰ পাছত ২৫ ফেব্রুৱাৰীলৈ জমা দিবৰ বাবে ৰ’বলগীয়া হ’ল৷ অৱশেষত কেন্দ্রীয় গৃহমন্ত্রীৰ হৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে প্রতিবেদনখন গ্রহণ কৰিলে৷ তাৰ পাছত ৫ মাহ উকলি গ’ল৷ এই সময়ছোৱাত প্রতিবেদনখন কার্যকৰী কৰিবৰ বাবে কি ব্যৱস্থা লোৱা হ’ল, সেয়াও কেন্দ্র–ৰাজ্য চৰকাৰে আজিলৈ স্পষ্ট নকৰিলে৷ আনকি গৃহমন্ত্রীয়ে এই প্রতিবেদন পালে নে নাই, সেয়াও জনা নগ’ল৷ এনে পৰিস্থিতিত অসমৰ ৰাইজে উৎসুকতাৰে প্রতিবেদনখনৰ বিষয়ে জানিব বিচাৰিছে৷ সেই বাবেই অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্রতিবেদনখন ৰাজহুৱা কৰাৰ সিদ্ধান্ত লোৱা হ’ল৷ আজিৰ সংবাদ মেলত ভিডি’ কনফাৰেঞ্চিঙৰ জৰিয়তে অংশগ্রহণ কৰে সমিতিৰ অন্যতম সদস্য তথা বিশিষ্ট অধিবক্তা নিলয় দত্তই৷
কি আছে অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সম্পর্কীয় প্রতিবেদনত, প্রতিবেদন মতে অসমীয়া কোন?
অসম চুক্তি অনুসৰি অসমে সমগ্র দেশৰ হৈ বিদেশীৰ বোজা গ্রহণ কৰিছে৷ সেই বাবেই খিলঞ্জীয়া জনসাধাৰণৰ স্বার্থ সুৰক্ষিত কৰিবৰ বাবে চুক্তিত সন্নিৱিষ্ট কৰা হৈছিল ৬নং দফা৷ এই দফাত উল্লেখ কৰা হৈছিল– ‘অসমীয়া মানুহৰ সাংস্কৃতিক, সামাজিক আৰু ভাষিক পৰিচয় আৰু ঐতিহ্য ৰক্ষা, সংৰক্ষণ আৰু বিকাশৰ বাবে যথোচিত সাংবিধানিক, আইনগত আৰুপ্রশাসনীয় ৰক্ষাকৱচ দিয়া হ’ব৷’ ৰক্ষাকৱচৰ বিষয়টো আলোচনা হ’লেই ‘অসমীয়া’ৰ সংজ্ঞাক লৈ সদায় বিতর্কৰ সূচনা হয়৷ অসমত বাস কৰা কোনসকল লোকক অসমীয়া হিচাপে গণ্য কৰা হ’ব? কাৰ বাবে প্রযোজ্য হ’ব সাংবিধানিক ৰক্ষাকৱচ? উচ্চস্তৰীয় সমিতিৰ প্রতিবেদনত ‘অসমীয়া’ৰ সংজ্ঞা সুস্পষ্ট কৰি দিয়া হৈছে৷ এই সংজ্ঞা অনুসৰি নিম্নোক্ত লোকসকলক ‘অসমীয়া’ হিচাপে গণ্য কৰা হ’ব– (ক) ১৯৫১ চনৰ ১ জানুৱাৰীৰ পূর্বে অসমৰ ভূখণ্ডত বাস কৰা অসমীয়া লোকসকল বা (খ) ১৯৫১ চনৰ ১ জানুৱাৰীৰ পূর্বে অসমত বাস কৰা খিলঞ্জীয়া জনজাতিসকল বা (গ) ১৯৫১ চনৰ ১ জানুৱাৰীৰ পূর্বে অসমত বসবাস কৰা খিলঞ্জীয়া জনগোষ্ঠী বা (ঘ) ১৯৫১ চনৰ ১ জানুৱাৰীৰ পূর্বে অসমত বসবাস কৰা অন্যান্য ভাৰতীয় লোকসকল বা (ঙ) উপৰিউক্ত লোকসকলৰ বংশধৰ৷ এই সংজ্ঞা কেৱল অসম চুক্তিৰ ৬নং দফা অনুযায়ী প্রদান কৰিবলগীয়া সাংবিধানিক ৰক্ষাকৱচৰ ক্ষেত্রতহে প্রযোজ্য হ’ব৷ ‘অসমীয়া’ৰ সংজ্ঞা সন্দর্ভত আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই কয় যে অসমৰ খিলঞ্জীয়া জনজাতি, খিলঞ্জীয়া অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া লোকসকলৰ বাবে সাংবিধানিক ৰক্ষাকৱচ প্রযোজ্য হ’ব৷ বিষয়টো অধিক স্পষ্ট কৰি দি সমিতিৰ অন্যতম সদস্য তথা বিশিষ্ট অধিবক্তা নিলয় দত্তই কয় যে ১৯৫১ চনৰ ১ জানুৱাৰীৰ আগত অসমৰ পৰিধিত যিসকল লোক আছিল, তেওঁলোকে সাংবিধানিক ৰক্ষাকৱচ পাব৷ এই সংজ্ঞা আগত ৰাখিয়েই প্রতিবেদনখন প্রস্তুত কৰা হৈছে৷
সংবিধান সংশোধনৰ প্রস্তাৱ
অসম চুক্তিৰ ৬নং দফা অনুযায়ী সাংবিধানিক ৰক্ষাকৱচ প্রদানৰ বাবে প্রস্তুত কৰা প্রতিবেদনত স্পষ্ট ৰূপত সংবিধান সংশোধনৰ কথা উল্লেখ কৰা হৈছে৷ প্রতিবেদনখনত উল্লেখ থকা মতে, সাংবিধানিক সুৰক্ষাৰ বাবে যিসমূহ বিষয় উল্লেখ কৰা হৈছে, সেয়া কার্যকৰী কৰিবলৈ হ’লে সাংবিধানিক আৰু আইনগত সংশোধনৰ প্রয়োজন হ’ব৷ এইক্ষেত্রত ভাৰতীয় সংবিধানৰ ৩৭১ (বি) অনুচ্ছেদ সংশোধনৰ কিছু ৰূপৰেখা এই প্রতিবেদনত দাঙি ধৰা হৈছে৷ বিশেষ প্রতিবেদনখনত উল্লেখ থকা মতে, অসমৰ বিদেশী চিনাক্তকৰণ, ভোটাৰ লিষ্টৰ পৰা নাম কর্তন আৰু বহিষ্কৰণৰ বাবে অসম চুক্তি কার্যকৰী কৰাটো অতি জৰুৰী৷ চুক্তি স্বাক্ষৰ হোৱাৰ ৩৫ বছৰ পাছতো সম্পূর্ণৰূপে কার্যকৰী নোহোৱাৰ প্রেক্ষাপটত চুক্তিৰ ৫.১ৰ পৰা ৫.৯, ৭, ১০ আৰু ১১ দফা ফলপ্রসূভাৱে কার্যকৰী কৰাটো প্রয়োজনীয়৷ এইক্ষেত্রত পাকিস্তান সীমান্তৰ দৰে ভাৰত–বাংলাদেশ সীমান্ত সম্পূর্ণৰূপে ছীল কৰাৰ ব্যৱস্থা গ্রহণ কৰিব লাগে৷ আনহাতে, ১৯৭১ চনৰ পাছত অহা বিদেশীসকলক চিনাক্তকৰণৰ পাছত বহিষ্কৰণ নোহোৱা পর্যন্ত অসমৰ বাহিৰত ৰাখিব লাগে৷ ইয়াৰ বাহিৰেও চুক্তিৰ ৬নং দফাৰ অধীনত সাংবিধানিক ৰক্ষাকৱচ প্রদানৰ জৰিয়তে ‘অসমীয়া’ লোকসকলৰ বাবে সংসদ, বিধানসভা, স্থানীয় নিগম–নিকায়ত আসন সংৰক্ষণ, চৰকাৰী, ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডত চাকৰি সংৰক্ষণ, উচ্চ সদন গঠন, ইনাৰ লাইন পার্মিট প্রৱর্তন, ভূমিস্বত্ব প্রদান, ভাষিক–সাংস্কৃতিক সুৰক্ষাৰ প্রসংগ বিশদভাৱে প্রতিবেদনত উল্লেখ কৰা হৈছে৷ মুঠ ৭৯ পৃষ্ঠাৰ প্রতিবেদনখন দুবছৰৰ ভিতৰত কার্যকৰী কৰিবলৈ উচ্চস্তৰীয় সমিতিয়ে চৰকাৰক পৰামর্শ আগবঢ়াইছে৷ কার্যকৰী কৰাৰ ক্ষেত্রত প্রয়োজনীয় আলোচনা কৰিবৰ বাবে উচ্চ বা উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্রাপ্ত ন্যায়াধীশৰ নেতৃত্বত কেন্দ্র, ৰাজ্য চৰকাৰ আৰু আছুৰ প্রতিনিধিক লৈ এখন ত্রিপাক্ষিক সমিতি গঠনৰো প্রস্তাৱ ৰখা হৈছে৷ এই সমিতিখনে তিনি মাহৰ মূৰত কমেও এবাৰ বৈঠক অনুষ্ঠিত কৰি প্রতিবেদন কার্যকৰী কৰাৰ দিশটো পর্যালোচনা কৰিব৷ কিন্তু প্রতিবেদন দাখিলৰ ৫ মাহ উকলি যোৱাৰ পাছতো চৰকাৰে এতিয়ালৈকে এই দিশত কোনো পদক্ষেপ গ্রহণ নকৰিলে৷

ভূমিস্বত্ব
প্রতিবেদনত আগবঢ়োৱা পৰামর্শ মতে, অসম ৰাজহ অধিনিয়ম আৰু নিয়মীয়াৱলী ১৮৮৬ কঠোৰভাৱে বলৱৎ কৰিব লাগে৷ এইক্ষেত্রত ৰাজনৈতিক অধিকাৰৰ দৰেই সর্বাত্মক ভূমিস্বত্বও ‘অসমীয়া’ মানুহৰ হাতত থাকিব লাগে৷ ইয়াৰ বাবে কেতবোৰ সুনির্দিষ্ট প্রস্তাৱ প্রতিবেদনখনত ৰখা হৈছে৷ য’ত কৃষিভূমিৰ শ্রেণী পৰিৱর্তনৰ তীব্র বিৰোধিতা কৰা হৈছে৷ লগতে বিশেষ কাৰণত শ্রেণী পৰিৱর্তন কৰিলেও ৰাজহুৱা শুনানি বা গাঁওসভা অনুষ্ঠিত কৰাটো বাধ্যতামূলক হ’ব লাগে বুলি কোৱা হৈছে৷ আনহাতে, গুৱাহাটীৰ পৰা টিহু পর্যন্ত ৰাষ্ট্রীয় ঘাইপথৰ দুয়োকাষৰ মাটিক ইণ্ডাষ্ট্রিয়েল বেল্ট ঘোষণা কৰি চৰকাৰে জাৰি কৰা অধিসূচনা বাতিল কৰিবলৈ সমিতিয়ে মত প্রকাশ কৰিছে৷ আনহাতে, ট্রাইবেল বেল্টৰ ভূমি বেদখল, ৰাজহ অধিনিয়ম ভংগৰ গোচৰৰ বিচাৰৰ বাবে ‘ভূমি ন্যায়াধিকৰণ’ জিলা পর্যায়ত গঠন কৰিবলৈ সমিতিয়ে পৰামর্শ আগবঢ়াইছে৷ ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন কর্তৃপক্ষৰ আওতাৰ পৰা ট্রাইবেল বেল্ট আৰু ব্লকক বাদ দিবলৈ কোৱা হৈছে৷ চৰকাৰী ভূমি আৰু অৰণ্য বেদখলক গুৰুতৰ অপৰাধ হিচাপে বিবেচনা কৰিবলৈও সমিতিয়ে পৰামর্শ দিছে৷ লগতে চৰাঞ্চলৰ ভূমিৰ জৰীপ কৰিবলৈ প্রতিবেদনখনত কোৱা হৈছে৷ তদুপৰি ক্ষুদ্র চাহ খেতি, উদ্যান শস্যৰ দৰে কৃষিকর্মক উৎসাহিত কৰিবলৈ চৰকাৰে বিভিন্ন আঁচনি গ্রহণ কৰিব লাগে৷ যাতে ‘অসমীয়া’ মানুহে আনলৈ কৃষিভূমি হস্তান্তৰ কৰিব লগা নহয়৷ একেদৰে বৃহৎ চাহ বাগিচাৰ স্বত্ব পৰিৱর্তন আৰু চাহ বাগিচাৰ ভূমি আন কামত ব্যৱহাৰৰ ক্ষেত্রত ৰাজ্য চৰকাৰৰ অনুমোদন বাধ্যতামূলক কৰিব লাগে৷ একে সময়তে ২০১৯ চনৰ ভূমি নীতি অনুসৰি দীর্ঘদিন ধৰি নথি–পত্র নোহোৱাকৈ দখলীস্বত্ব ভোগ কৰি থকা অসমীয়া লোকসকলক শীঘ্রে ভূমি পট্টা প্রদান কৰিব লাগে৷ তিনি বছৰৰ ভিতৰত এই কাম সম্পূর্ণ কৰাৰ লক্ষ্য লোৱা উচিত বুলিও প্রতিবেদনখনত উল্লেখ কৰা হৈছে৷
ভাষিক সুৰক্ষা
উচ্চস্তৰীয় সমিতিৰ প্রতিবেদন অনুসৰি, ১৯৬০ চনৰ চৰকাৰী ভাষা আইন অনুসৰি অসমত অসমীয়াই চৰকাৰী ভাষা হৈ থাকিব৷ অৱশ্যে বৰাক উপত্যকা, পাহাৰীয়া জিলা আৰু বি টি এ ডিত স্থানীয় ভাষা প্রয়োগৰ উপযুক্ত সুবিধা থাকিব৷ অসমত চৰকাৰী চাকৰি লাভৰ বাবে অসমীয়া ভাষা বাধ্যতামূলক কৰিব লাগে৷ একে সময়তে বৰাক উপত্যকা, পাহাৰীয়া জিলা আৰু বি টি এ ডিত বিকল্প ব্যৱস্থা থাকিব৷ বড়োকে ধৰি সংবিধানৰ অষ্টম অনুসূচীৰ অন্তর্ভুক্ত সকলো ভাষাৰ অসমীয়াৰ দৰে সংৰক্ষণ আৰু বিকাশৰ ব্যৱস্থা কৰাটো প্রয়োজনীয়৷ তদুপৰি উপযুক্ত সাংবিধানিক প্রক্রিয়াৰে চাৰি ভাষাৰ নীতি অসমত প্রযোজ্য হ’ব লাগে৷ সকলো খিলঞ্জীয়া ভাষাৰ বিকাশৰ বাবে স্বতন্ত্র ভাষা আৰু সাহিত্য প্রতিষ্ঠান গঢ় দিয়াৰ লগতে ৰাজ্যখনৰ সাংস্কৃতিক, সামাজিক, ভাষিক ঐতিহ্য সংৰক্ষণৰ বাবে স্বায়ত্তশাসিত প্রতিষ্ঠান গঠন কৰা উচিত৷ কলকাতাৰ নেচনেল লাইব্রেৰীৰ আর্হিৰে বহুভাষিক পুথিভঁৰাল স্থাপন কৰাৰ পৰামর্শও সমিতিখন আগবঢ়াইছে৷
সামাজিক আৰু সাংস্কৃতিক অধিকাৰ
ন্যায়াধীশ বিপ্লৱ শর্মা নেতৃত্বাধীন সমিতিয়ে ৭৯ পৃষ্ঠাৰ প্রতিবেদনত উল্লেখ কৰিছে যে সত্র, নামঘৰৰ লগতে অন্যান্য খিলঞ্জীয়া ধর্মীয় অনুষ্ঠানসমূহৰ সংৰক্ষণৰ ব্যৱস্থা গ্রহণ কৰিব লাগে৷ ইয়াৰ বাবে উপযুক্ত আর্থিক অনুদানেৰে পৃথক স্বতন্ত্র ব’ড গঠন কৰা উচিত৷ ‘অসমীয়া’ মানুহৰ ভাষা–সাহিত্য–সংস্কৃত্ সবিশেষ গৱেষণাৰ বাবে পৃথক সাংস্কৃতিক কেন্দ্র আৰু গৱেষণা প্রতিষ্ঠান গঠন হ’ব লাগে৷ তদুপৰি কোচবিহাৰত থকা মধুপুৰ সত্র কেন্দ্রীয় চৰকাৰৰ সহযোগত সংৰক্ষণ কৰা উচিত৷ আজান পীৰৰ জিকিৰ আৰু জাৰীসমূহৰো সংৰক্ষণ আৰু ডকুমেণ্টচনৰ পৰামর্শ উক্ত প্রতিবেদনত দিয়া হৈছে৷ শুৱালকুছিৰ বস্ত্র শিল্প, হাজো আৰু সর্থেবাৰীৰ কাঁহ–পিতলৰ উদ্যোগকে ধৰি অসমৰ কুটীৰ শিল্পসমূহৰো বিকাশৰ বাবে উপযুক্ত পদক্ষেপ ল’বলৈ চৰকাৰক উচ্চস্তৰীয় সমিতিয়ে পৰামর্শ দিছে৷ তদুপৰি জ্যোতি চিত্রবন, ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী ফিল্ম আৰু টেলিভিছন প্রতিষ্ঠান, শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰো আন্তঃগাঁথনি শক্তিশালী কৰাৰ প্রয়োজনীয়তা আছে বুলি মন্তব্য কৰিছে৷
সম্পদ আৰু জৈৱ–বৈচিত্র্যৰ সুৰক্ষা
অসমৰ প্রাকৃতিক সম্পদ, পুনৰ নৱীকৰণযোগ্য সম্পদৰ উপযুক্ত ব্যৱহাৰৰ জৰিয়তে অর্থনৈতিক প্রগতি আৰু কর্মসংস্থাপন সৃষ্টিত গুৰুত্ব দিব লাগে৷ ইয়াৰ বাবে অসম ৰাজ্যিক জৈৱ–বৈচিত্র্য ব’ডক উপযুক্ত অর্থ সাহায্যৰে অধিক কার্যক্ষম কৰি তোলা উচিত৷ এইদৰেই অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সমিতিৰ প্রতিবেদনত সংসদৰ পৰা আৰম্ভ কৰি নিগম–নিকায়লৈকে আসন সংৰক্ষণ, চাকৰিৰ সংৰক্ষণ, ভূমিস্বত্ব, ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক অধিকাৰ ‘অসমীয়া’ মানুহৰ হাতত সুৰক্ষিত কৰাৰ পৰামর্শ আৰু প্রস্তাৱ আগবঢ়োৱা হৈছে৷ যোৱা ২৫ ফেব্রুৱাৰীতে এই প্রতিবেদন দাখিল কৰা হ’ল যদিও কেন্দ্রীয় চৰকাৰৰ ফালৰ পৰা প্রতিবেদন কার্যকৰী কৰা সন্দর্ভত এতিয়াও কোনো প্রতিক্রিয়া প্রকাশ কৰা হোৱা নাই৷ যাৰ বাবে সম্পূর্ণ প্রতিবেদনখন আজি সদৌ অসম ছাত্র সন্থাই সংবাদ মেলৰ জৰিয়তে ৰাজহুৱা কৰে৷

You might also like