ৰাষ্ট্রীয় ৰাজনীতিত অসমৰ গৰিমাময় ভূমিকাৰ স্বীকৃতি এয়াঃ মন্ত্রী ড০ শর্মা
ৰাষ্ট্রীয় সম্পাদক দিলীপ শইকীয়াক সম্বর্ধনা
নিয়মীয়া বাৰ্তা ৩০ ছেপ্টেম্বৰঃ প্রথমগৰাকী অসমীয়া হিচাপে বিজেপিৰ ৰাষ্ট্রীয় ৰাজনীতিত সাধাৰণ সম্পাদকৰ পদ অলংকৃত কৰা মঙলদৈৰ সাংসদ দিলীপ শইকীয়াক মঙলবাৰে ৰাজ্যিক বিজেপিয়ে জনালে আনুষ্ঠানিক সম্বর্ধনা৷ ৰাষ্ট্রীয় ৰাজনীতিত অসম তথা উত্তৰ–পূর্বাঞ্চলৰ পৰা প্রথমবাৰলৈ এই স্বীকৃতি পোৱা দিলীপ শইকীয়াক উদ্দেশ্যি আজি মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ মন্তব্য– এয়া সাংসদ শইকীয়াৰ ব্যক্তিগত গৌৰৱ নহয়, এয়া হৈছে অসমীয়া জাতিৰ বাবে গৌৰৱৰ বিষয়৷ দিলীপ শইকীয়াই লাভ কৰা এই পদেৰে বিজেপিৰ ৰাষ্ট্রীয় ৰাজনীতিত অসমৰ গৰিমাময় ভূমিকাই আনুষ্ঠানিক স্বীকৃতি পাইছে৷ ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত দলৰ মুখ্য কার্যালয়ত আয়োজিত এক বিশেষ অনুষ্ঠানত নৱনিযুক্ত ৰাষ্ট্রীয় সাধাৰণ সম্পাদকগৰাকীক ফুলাম গামোচা আৰু ফুলৰ থোপাৰে শুভেচ্ছা জ্ঞাপন কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে কয়– দলে অর্পণ কৰা দায়িত্বসমূহ একাগ্রতা আৰু নিষ্ঠাসহকাৰে পালন কৰি দিলীপ শইকীয়াই নিজৰ কর্মনিপুণতাৰে ৰাষ্ট্রীয় প্রেক্ষাপটতো যাতে জিলিকি উঠে তাৰ বাবে আশা প্রকাশ কৰিছোঁ৷ সভাপতি দাসে দিলীপ শইকীয়াক এই গুৰুদায়িত্ব অর্পণ কৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ লগতে ৰাষ্ট্রীয় বিষয়ববীয়াসকলক কৃতজ্ঞতা জ্ঞাপন কৰে৷ অনুষ্ঠানত ভাষণ প্রদান কৰি ‘নেডা’ৰ আহ্বায়ক তথা
ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়– দিলীপ শইকীয়াক বিজেপিৰ দৰে বিশ্বৰ সর্ববৃহৎ ৰাজনৈতিক দলটোত ৰাষ্ট্রীয় সাধাৰণ সম্পাদকৰূপে গুৰুদায়িত্ব অর্পণ কৰাটো সমগ্র অসমবাসীৰ বাবে গৌৰৱৰ বিষয়৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পূর্বে উল্লেখ কৰিছিল যে এ ফৰ আপেল নহয়, এ ফৰ আছাম হ’ব৷ আমি নিশ্চিতভাৱে এ ফৰ আছাম কোৱাৰ দিশে আগবাঢ়িছোঁ৷ আমাৰ সকলোৰে বাবে সৌভাগ্য যে বিজেপিৰ আটাইতকৈ গুৰুত্বপূর্ণ পদত দিলীপ শইকীয়াই স্থান লাভ কৰিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী, দলৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে এটা ৰাষ্ট্রীয় স্বীকৃতি আমাক অর্পণ কৰিলে৷ ইয়াৰ বাবে আমি সকলোৱে সৌভাগ্যৱান বুলি ভাবিছোঁ৷ আমি সকলোৱে এটা কথা জনা উচিত যে বিজেপিৰ ৰাষ্ট্রীয় ৰাজনীতিত এই নিযুক্তিৰ জৰিয়তে অসমৰ গৰিমাময় ভূমিকাই আনুষ্ঠানিক স্বীকৃতি পাইছে৷ এয়া সম্ভৱ হৈছে দলৰ কার্যকর্তাসকলৰ কষ্ট আৰু ত্যাগৰ বাবে৷ দিলীপ শইকীয়া এগৰাকী নীৰৱ সাধক বুলি উল্লেখ কৰি মন্ত্রী ড০ শর্মাই কয়– তেওঁৰ এই সফলতাই ৰাষ্ট্রীয় ৰাজনীতিৰ ক্ষেত্রখনত অসমৰ প্রৱেশ প্রশস্ত কৰি তুলিব৷ অনুষ্ঠানত উপস্থিত থাকি উত্তৰ–পূবৰ সাংগঠনিক সাধাৰণ সম্পাদক অজয় জামৱালে সাংসদ শইকীয়াৰ কঠোৰ পৰিশ্রম আৰু কর্মনিষ্ঠাৰ প্রশংসা কৰে৷ অনুষ্ঠানত ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্র নাথ শর্মায়ো দিলীপ শইকীয়াক শুভেচ্ছা জনায়৷ আনহাতে সম্বর্ধনা গ্রহণ কৰি নৱনিযুক্ত ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই দলে অর্পণ কৰা দায়িত্ব সুকলমে পালন কৰাৰ বাবে সকলোৰে সহযোগিতা বিচাৰে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাক ধন্যবাদ জ্ঞাপন কৰি এই দুয়োগৰাকী নেতাই ৰাজ্যখনক এখন কল্যাণকামী সর্বস্পর্শী ৰাজ্য চৰকাৰ হিচাপে জনপ্রিয়তা প্রদান কৰা বুলিও উল্লেখ কৰে৷ চৰকাৰখনৰ এই সফলতাই ২০২১ চনৰ নির্বাচনত পুনৰ বিজেপিক জয়যুক্ত কৰিব বুলিও সাংসদ শইকীয়াই দৃঢ়তা প্রকাশ কৰে৷