শীতকালীন অধিৱেশনৰ প্রথম দিনাই প্রতিবাদত উত্তাল লাষ্টগেট
জনজাতিকৰণৰ দাবী ‘টাইপা’ৰঃ অংগনৱাড়ী কর্মীৰ ধর্মঘট
নিয়মীয়া বাৰ্তা ২৯ ডিচেম্বৰঃ অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্রথম দিনাই সাত সংগঠনৰ বিক্ষোভ–প্রতিবাদত উত্তাল হৈ পৰিল দিছপুৰ লাষ্টগেট৷ চৰকাৰী বঞ্চনা–ৱহেলাৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰি এই দল–সংগঠনসমূহে চৰকাৰবিৰোধী শ্লোগানেৰে সমগ্র অঞ্চলটোৰ আকাশ–বতাহ কঁপাই তোলে৷ তাই আহোমসকলক শীঘ্রে জনজাতিকৰণ আৰু স্বায়ত্তশাসন প্রদান কৰাৰ দাবীৰে লাষ্টগেটত প্রতিবাদ সাব্যস্ত কৰে তাই আহোম যুৱ পৰিষদে (টাইপা)৷ শতাধিক টাইপাৰ সদস্যই পুৱা ১০ বজাৰ পৰা লাষ্টগেটত পৰস্পৰাগত সাজ–পোছাক পৰিধান কৰি বিক্ষোভ প্রদর্শন কৰে৷ ধর্মঘট কার্যসূচীত অংশগ্রহণ কৰি টাইপাৰ কেন্দ্রীয় সমিতিৰ যুটীয়া সম্পাদক দিগন্ত তামুলীয়ে কয় যে ৰাজনৈতিক, ভূমি আৰু নিয়োগৰ ক্ষেত্রত সংৰক্ষণ কৰাৰ বাবে অনুসূচিত জনজাতিৰ মর্যাদা প্রদানৰ বিকল্প নাই৷ তাই আহোমকে ধৰি ৬ জনগোষ্ঠীক জনজাতিকৰণৰ বাবে চৰকাৰে গ্রহণ কৰা ভূমিকাত ক্ষোভ প্রকাশ কৰি তেওঁ কয়– ‘অসম বিধানসভাত তাই আহোমকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে সর্বসন্মতিক্রমে প্রস্তাৱ গ্রহণ কৰা হৈছিল৷ কিন্তু আজিপর্যন্ত এই প্রস্তাৱ কার্যকৰী নকৰাটো ৰহস্যজনক আৰু অতি পৰিতাপৰ বিষয়৷
ইপিনে বিভিন্ন দাবীৰ সমর্থনত তাল বজাই লাষ্টগেট উত্তাল কৰি তোলে প্রতিবন্ধী সুৰক্ষা সংস্থা, অসমে৷ পাঁচ শতাধিক প্রতিবাদকাৰীয়ে চৰকাৰবিৰোধী শ্লোগানেৰে অঞ্চলটোৰ আকাশ–বতাহ কঁপাই তোলাৰ লগতে শীঘ্রে তেওঁলোকৰ দাবীসমূহ পূৰণ নকৰিলে আন্দোলন অধিক তীব্রতৰ কৰিব বুলি সকীয়াই দিয়ে৷ প্রতিবাদী কার্যসূচীৰ অন্তত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাললৈ প্রেৰণ কৰা ২১ দফীয়া দাবীপত্রৰ জৰিয়তে সংস্থাই প্রতিবন্ধীসকলৰ মাহেকীয়া পেন্সনৰ ধন তিনি হাজাৰ টকালৈ বৃদ্ধি কৰা, পঞ্চায়ত–গ্রামোন্নয় বিভাগৰ অধীনৰ চৰকাৰী আৱাসসমূহ বিশেষভাৱে সক্ষম ব্যক্তিসকলে লাভ কৰাটো নিশ্চিত কৰা, জিৰণি গৃহৰ কাম শীঘ্রে আৰম্ভ কৰা, প্রতিবন্ধীৰ বাবে বিশেষ টেট অনুষ্ঠিত কৰা, প্রতিবন্ধীসকলৰ বাবে চিকিৎসা সেৱা সম্পূর্ণৰূপে বিনামূলীয়া কৰা, ২০১৭ চনত চৰকাৰে ঘোষণা কৰা অনুসৰি ৪,৪১৯টা পদৰ নিযুক্তি সম্পন্ন কৰিবলৈ দাবী উত্থাপন কৰিছে৷ প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰি সংস্থাৰ সম্পাদক নৃপেন মালাকাৰে কয়– ‘আইনগত আৰু সংবিধানৰ গণ্ডীৰ ভিতৰত ব্যৱস্থা গ্রহণ কৰি সামাজিক ন্যায় প্রদান কৰিবলৈ আমি বহুবাৰ আবেদন–নিবেদন কৰি আহিছোঁ৷ কিন্তু আমাৰ প্রতি যি ধৰণৰ মনোযোগ দিব লাগিছিল, সেয়া আজিপর্যন্ত দিয়া পৰিলক্ষিত নহ’ল৷ ২০১৮ বর্ষতে বিজ্ঞাপন প্রকাশ কৰা চতুর্থবর্গৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত নকৰাত দিব্যাংগসকলৰ জীৱন আৰু জীৱিকা অনিশ্চয়তাৰ দিশলৈ গতি কৰিছে৷ যোৱা ১২ নৱেম্বৰতে এই নিযুক্তি প্রক্রিয়া শীঘ্রে সম্পন্ন কৰাৰ বাবে মুখ্যমন্ত্রীৰ ওচৰত আবেদন দাখিল কৰিছোঁ৷ কিন্তু এমাহ অতিক্রম কৰাৰ পাছতো আজিপর্যন্ত বিষয়টো আগ নবঢ়াত আমি দুখিত৷’
ইফালে ৰাজ্যৰ গৰিয়া–মৰিয়া–দেশী জনগোষ্ঠীসমূহৰ অনতিপলমে চিনাক্তকৰণ প্রক্রিয়া আৰম্ভ কৰাৰ দাবীৰে বিক্ষোভ প্রদর্শন কৰে সদৌ অসম গৰিয়া–মৰিয়া–দেশী জাতীয় পৰিষদে৷ পৰিষদৰ উদ্যোগত শতাধিক লোকে প্রতিবাদ সাব্যস্ত কৰি তেওঁলোকৰ দাবীসমূহ শীঘ্রে পূৰণ কৰিবলৈ আহ্বান জনাইছে৷ পৰিষদে দেশী জনগোষ্ঠীৰ বাবে এখন সুকীয়া উন্নয়ন পৰিষদ গঠন কৰা, পূর্বে ঘোষণা কৰা গৰিয়া–মৰিয়া জনগোষ্ঠীৰ বাবে গঠন কৰা উন্নয়ন পৰিষদ কার্যকৰী কৰা আৰু বি টি এ ডিত বসবাস কৰা এই জনগোষ্ঠীকেইটাৰ উন্নয়নৰ বাবে পদক্ষেপ গ্রহণ কৰাৰ দাবী উত্থাপন কৰিছে৷ আনহাতে, মাননি বৃদ্ধি, অৱসৰকালীন সুবিধা প্রদান কৰাৰ দাবীৰে আজি তিনি সহস্রাধিক অংগনৱাড়ী কর্মী–সহায়িকাই লাষ্টগেটত প্রতিবাদ সাব্যস্ত কৰে৷ লাষ্টগেটত অৱস্থান ধর্মঘট কার্যসূচী ৰূপায়ণ কৰা কর্মী–সহায়িকাসকলে চৰকাৰবিৰোধী শ্লোগানেৰে উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷ তেওঁলোকে নতুন শিক্ষা নীতি কার্যকৰীকৰণৰ জৰিয়তে অংগনৱাড়ী কেন্দ্রসমূহক গুৰুত্বহীন কৰিব বিচৰা কার্য বাতিল কৰিবলৈ দাবী উত্থাপন কৰিছে৷ তদুপৰি সকলো অংগনৱাড়ী কর্মী, মিনি কর্মী আৰু সহায়িকাসকলক মাননিৰ সলনি মজুৰি প্রদান কৰিবলৈ দাবী উত্থাপন কৰিছে৷ তেওঁলোকৰ বাবে নূ্যনতম মজুৰি ১৫ হাজাৰ টকা ধার্য কৰাৰ দাবী উত্থাপন কৰিছে৷ তদুপৰি আই চি ডি এছৰ নিয়মীয়া কর্মচাৰী হিচাপে স্বীকৃতি দিয়া, অৱসৰকালীন সুবিধা প্রদান কৰা, প্রতিটো অংগনৱাড়ী কেন্দ্রৰ আন্তঃগাঁথনি উন্নয়ন কৰা আদিৰ দাবীও উত্থাপন কৰে অসম ৰাজ্যিক অংগনৱাড়ী কর্মী আৰু সহায়িকা সন্থাই৷
ইফালে মাইক্র’ফাইনেন্স কোম্পানীৰ অবাধ লুণ্ঠন বন্ধ কৰাৰ লগতে ঋণ ৰেহাই দিয়াৰ দাবীৰে আজি লাষ্টগেটত প্রতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্রাম সমিতিয়ে৷ একাংশ ভুক্তভোগী মহিলাৰ সহযোগত এই প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰা হয়৷ উজনি–নামনিৰ কেইবাশ ভুক্তভোগী মহিলাই এই কার্যসূচীত অংশগ্রহণ কৰি মাইক্র’ফাইনেন্সে গ্রামাঞ্চলসমূহত চলোৱা লুণ্ঠন বন্ধ কৰাৰ দাবীৰে প্রতিবাদ সাব্যস্ত কৰে৷ ৰাজ্যৰ থলুৱা মণিপুৰীসকলৰ বাবে মণিপুৰী স্বায়ত্তশাসিত পৰিষদ গঠনৰ দাবীৰে লাষ্টগেটত বিক্ষোভ প্রদর্শন কৰে সদৌ অসম মণিপুৰী যুৱক সংস্থা আৰু বিষ্ণুপ্রিয়া স্বায়ত্তশাসিত পৰিষদ দাবী কমিটীয়ে৷ দুয়োটা সংগঠনে পৃথকে পৃথকে প্রতিবাদ সাব্যস্ত কৰি কয় যে দীর্ঘদিনে ৰাজ্যত বাস কৰা মণিপুৰী লোকসকল চৰকাৰী সা–সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে৷ সেয়ে এই জনগোষ্ঠীটোৰ সর্বাংগীণ উন্নতিৰ বাবে স্বায়ত্তশাসিত পৰিষদ গঠন কৰিবলৈ দাবী উত্থাপন কৰে৷