প্রথম পর্যায়ত ২০ প্লাছ আসন পাব মহাজোঁটে
নিয়মীয়া বাৰ্তা ২৬ মাৰ্চঃ কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ অংশীদাৰ দল বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীৰ মতে, এইবাৰ মহাজোঁটে ৭০+ আসন লাভ কৰি অসমত চৰকাৰ গঠন কৰিব৷ বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত মহিলাৰীয়ে এই মন্তব্য কৰি কয় যে অহা ২৭ মার্চত ভোটগ্রহণ হ’বলগীয়া প্রথম পর্যায়ৰ নির্বাচনত ৪৭টা সমষ্টিৰ ভিতৰত মহাজোঁটে ২০+ আসন লাভ কৰিব৷ উজনি অসম আৰু উত্তৰ অসম ঘূৰিয়েই তেওঁ এই মন্তব্য কৰিছে বুলি প্রকাশ কৰে৷
ইপিনে ছত্তিশগড়ৰ মুখ্যমন্ত্রী ভূপেশ বাঘেলে বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদ মেলত কয় যে প্রথম পর্যায়ৰ নির্বাচনত অধিকাংশ সমষ্টিতেই কংগ্রেছ জয়ী হ’ব৷ এনে এটা সমষ্টি নাই, য’ত কংগ্রেছ দৌৰত নাই৷ যোৱা দুসপ্তাহ ধৰি তেওঁ প্রথম পর্যায়ত ভোটগ্রহণ হ’বলগীয়া প্রায় প্রতিটো সমষ্টিতেই যোৱাৰ বিষয়ে জানিবলৈ দি সেই কথা প্রকাশ কৰে৷ তেওঁ কয় যে অসমত এইবাৰ মহাজোঁটৰ চৰকাৰ হ’ব৷ ৰাইজে মহাজোঁটৰ চৰকাৰ অনাৰ বাবে মন বান্ধিছে৷ বিজেপিয়ে যি ১০০+ৰ কথা কৈছে, সেয়া বিজেপিৰ নহয়, কংগ্রেছৰহে হ’ব৷ ছত্তিশগড়ত বিজেপিয়ে ৬০+ৰ কথা কৈছিল৷ কিন্তু ছত্তিশগড়ৰ নির্বাচনী ফলাফলত কংগ্রেছে ৭০খন আসন লাভ কৰি চৰকাৰ গঠন কৰিলে৷ ঝাৰখণ্ডতো বিজেপিয়ে চৰকাৰ গঠন কৰাৰ কথা কৈছিল, কিন্তু চৰকাৰ কংগ্রেছৰ হ’ল৷
অসমত কংগ্রেছৰ এজন ভূমিপুত্রই মুখ্যমন্ত্রী হ’ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে৷ ইপিনে ‘কা’ক লৈ বিজেপিয়ে তিনিমুখীয়া স্থিতি লোৱাৰ গুৰুতৰ অভিযোগ কৰি কয় যে পশ্চিমবংগত তেওঁলোকে ‘কা’ ৰূপায়ণ কৰিব বুলি কয়৷ চৰকাৰ গঠন হ’লেই প্রথমখন কেবিনেটতে ‘কা’ ৰূপায়ণৰ সিদ্ধান্ত গ্রহণ কৰিব বুলি কৈছে৷ ইয়াৰ বিপৰীতে তামিলনাডুত ‘কা’ ৰূপায়ণ নকৰাৰ কথা কয়৷ অসমত তেওঁলোকে বিষয়টোক লৈ নিশ্চুপ হৈ থাকে৷ অসমত কংগ্রেছে ‘কা’ ৰূপায়ণ হ’বলৈ নিদিয়াৰ কথা ক’লে তেওঁলোকে কেন্দ্রীয় আইনৰ দোহাই দিয়ে৷ সংবাদ মেলখনত তেওঁৰ সৈতে এ আই চি চিৰ মুখপাত্র অধ্যাপক গৌৰৱ বল্লভ আৰু অসম প্রদেশ কংগ্রেছ কমিটীৰ মিডিয়া বিভাগৰ অধ্যক্ষা ববিতা শর্মা উপস্থিত থাকে৷