নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৮-৪৫ বছৰৰ লোকক ভেকচিন দিবলৈ আনিব ২ কোটি ভেকচিন, ব্যৱহাৰ হ’ব আৰোগ্য নিধিৰ জমাধন

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ আজি ৰাজ্যৰ শিক্ষা-স্বাস্থ্য বিভাগ আৰু কামৰূপ মহানগৰ জিলাৰ বিষয়াৰ ক’ৰোনাৰ দ্ৰুত সংক্ৰমণ তথা ভেকচিনেশ্বন সংক্ৰান্তত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ৰাজ্য চৰকাৰে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে। স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কৰোনা ভেকচিনেশ্বন সন্দৰ্ভত কেইবাটাও কথা উল্লেখ কৰে।

ড০ শৰ্মাই কয় যে ইউনিয়ন কেবিনেটে ৰাজ্য চৰকাৰক ১৮ৰ পৰা ৪৫ বছৰ বয়সৰ লোকৰ ভেকচিনেশ্বনৰ প্ৰক্ৰিয়া আগবঢ়াবলৈ দিয়া নিৰ্দেশনা মতে ইতিমধ্যে ৰাজ্য চৰকাৰে ১ কোটি ক’ৰোনা ভেকচিন দিবৰ বাবে ভাৰত বায়োটিকক জনোৱা হৈছে আৰু আন ১ কোটি ভেকচিনৰ বাবে চেৰাম ইনষ্টিটিউটক আবেদন কৰিব।

এইক্ষেত্ৰত ১৮ৰ পৰা ৪৫ বছৰ বয়সৰ লোকৰ বাবে ৰাজ্য চৰকাৰে ২ কোটি ভেকচিনৰ ব্যৱস্থা কৰিব। আনহাতে আজি চেৰাম প্ৰতিষ্ঠানে তেওঁলোকৰ কভিশ্বিল্ড ভেকচিনৰ বাবে নিৰ্ধাৰণ কৰা প্ৰতি ড’জৰ বাবদ ৪০০ টকা মূল্যত ৰাজ্য চৰকাৰে ক্ৰয় কৰিব। এইক্ষেত্ৰত যোৱাবৰ্ষত গঠন কৰা অসম আৰোগ্য নিধিত জমা হোৱা ১১৬ কোটি টকা ভেকচিন কিনাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হব। ইয়াৰ ওপৰিঞ্চি প্ৰয়োজনীয় টকা ৰাজ্য চৰকাৰে প্ৰদান কৰিব।

You might also like