২০২২ৰ মার্চত আৰম্ভ হ’ব গেৰুকামুখ প্রকল্পৰ উৎপাদন
নিয়মীয়া বাৰ্তা ৭ ডিচেম্বৰঃ অসমবাসীৰ প্রতিবাদ, প্রতিৰোধ আন্দোলনক নস্যাৎ কৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ উৎপাদন আৰম্ভ কৰিবলৈ সাজু হৈছে নির্মাণকাৰী সংস্থা এন এইচ পি চি৷ ২০২২ চনৰ মার্চ মাহৰ পৰা জলবিদ্যুৎ প্রকল্পটোত বিদ্যুৎ উৎপাদনৰ প্রক্রিয়া আৰম্ভ হ’ব৷ আজি কেন্দ্রীয় শক্তি মন্ত্রালয়ক এই বিষয়ে সবিশেষ সদৰী কৰে এন এইচ পি চি কর্তৃপক্ষই৷ উল্লেখ্য যে ২,০০০ মেগাৱাট জলবিদ্যুৎ উৎপাদনক্ষম প্রকল্পটোৰ নির্মাণকার্য বন্ধ কৰি দিছিল ৰাজ্যৰ জাতীয় সংগঠনসমূহে৷ কিন্তু নেচনেল গ্রীন ট্রিবুনেলত আইনী বাধা আঁতৰি যোৱাৰ পাছত প্রায় ৮ বছৰৰ বিৰতিত পুনৰ নির্মাণৰ তৎপৰতা আৰম্ভ কৰে এন এইচ পি চিয়ে৷ এই সময়ছোৱাত প্রকল্পটোৰ নির্মাণ ব্যয় ৬,৯০০ কোটিৰ পৰা ২০ হাজাৰ কোটিলৈ বৃদ্ধি পায়৷ এতিয়াও বৃহৎ নদীবান্ধ প্রকল্পটোৰ বিৰুদ্ধে ৰাজ্যত প্রতিবাদ অব্যাহত আছে যদিও ২০২২ চনৰ মার্চৰ পৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ উৎপাদন আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে এন এইচ পি চিয়ে৷ কেন্দ্রীয় চৰকাৰৰ শক্তি মন্ত্রালয়ৰ সচিব সঞ্জীৱ নন্দন সাহাইক এক বৈঠকত এন এইচ পি চি কর্তৃপক্ষই এই নিশ্চয়তা প্রদান কৰি কয় যে সকলো কর্মচাৰীয়ে সোনকালে নির্মাণ সম্পূর্ণ কৰিবলৈ নিজৰ সর্বোচ্চ সময় প্রদান কৰিছে৷ উৎপাদন আৰম্ভ হোৱাৰ পাছত দিনৰ ভাগত যাতে নদীখন শুকাই নাযায়, তাৰ বাবে গ্রীন ট্রিবুনেলৰ নির্দেশমর্মে এটা টার্বাইন দিনৰ সময়ছোৱাতো চলাই ৰখা হ’ব৷ পিক আৱাৰত আঠটা ইউনিটেই কার্যক্ষম হৈ থাকিব৷ উল্লেখ্য যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ বিৰুদ্ধে জাতীয় সংগঠনসমূহৰ প্রবল প্রতিবাদৰ পাছত ৰাজ্য চৰকাৰে এখন বিশেষজ্ঞ সমিতি গঠন কৰি দিছিল৷ এই সমিতিয়ে প্রকল্পটোৰ বিপজ্জনক দিশসমূহ আঙুলিয়াই দিয়াৰ পাছতো নির্মাণ সম্পূর্ণ কৰিবলৈ বদ্ধপৰিকৰ হৈ আছিল চৰকাৰ৷ ২০১৯ চনত বিজেপি শাসনলৈ অহাৰ পাছত তেতিয়াৰ শক্তিমন্ত্রী পীয়ূষ গোৱেল আৰু ক্রীড়ামন্ত্রী সর্বানন্দ সোণোৱালৰ অধ্যক্ষতাত দিল্লীত অনুষ্ঠিত হৈছিল ত্রিপাক্ষিক বৈঠক৷ এই বৈঠকতে কেন্দ্রীয় চৰকাৰৰ বিশেষজ্ঞ আৰু ৰাজ্যৰ বিশেষজ্ঞসকলক লৈ গঠন হৈছিল আন এখন বিশেষজ্ঞ সমিতি৷ কিন্তু এই সমিতিখন সহমতত উপনীত হ’ব নোৱাৰাত কেন্দ্র আৰু ৰাজ্যৰ বিশেষজ্ঞসকলে পৃথকে পৃথকে প্রতিবেদন দাখিল কৰে৷ পৰৱর্তী সময়ত নেচনেল গ্রীন ট্রিবুনেলেও প্রকল্পটোলৈ সেউজ সংকেত দিয়াৰ পাছত এন এইচ পি চিয়ে দিনে–নিশাই নির্মাণ আৰম্ভ কৰে৷ ২০২২ চনৰ মার্চ মাহৰ পৰাই ২,০০০ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম প্রকল্পটোত উৎপাদন আৰম্ভ কৰিবলৈ সাজু হৈছে এন এইচ পি চি৷