নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাহ বুধবাৰে নলবাৰী জিলাৰ দক্ষিণগাঁৱত নির্মাণ কৰি থকা নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ নির্মাণকার্যৰ অগ্রগতিৰ বুজ লয়৷ পাছত তেওঁ সাংবাদিকৰ আগত কয় যে ২০২৩ চনৰ পৰা উক্ত চিকিৎসা মহাবিদ্যালয়খনৰ পাঠদান আৰম্ভ কৰা হ’ব৷ চিকিৎসা মহাবিদ্যালয়খনত এশজন ছাত্র–ছাত্রীয়ে অধ্যয়নৰ সুযোগ লাভ কৰিব৷ ইয়াৰ পূর্বে ২০২২ চনৰ নৱেম্বৰ মাহত চিকিৎসালয়খনৰ বহিঃবিভাগ মুকলি কৰা হ’ব৷ প্রথম অৱস্থাত চিকিৎসালয়খনত ছশ ৰোগী ৰখাৰ ব্যৱস্থা কৰা হ’ব৷ বর্তমান হয়াত এশখন আহ চি হউ বেডৰ সুবিধা থাকিব৷ তেওঁ পুনৰ কয় যে এহ চিকিৎসা মহাবিদ্যালয়খনৰ চৌহদতে এখন কর্কট হাস্পতাল নির্মাণ কৰা হ’ব৷
মুখ্যমন্ত্রীগৰাকীয়ে পুনৰ কয় যে অহা পাঁচ ডিচেম্বৰৰ ভিতৰত ক’ভিডৰ প্রথম পালি ভেকচিন দিয়া সম্পূর্ণ হ’ব আৰু দহ ডিচেম্বৰত ৰাজ্যখনক প্রথম পালি ভেকচিন সম্পূর্ণ কৰা ৰাজ্য হিচাপে ঘোষণা কৰা হ’ব৷ সাংবাদিকে সোধা এক প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাহ কয় যে নলবাৰী মেডিকেল কলেজৰ বাবে চিকিৎসকৰ কোনো অসুবিধা নহ’ব৷ প্রয়োজনীয় চিকিৎসক গুৱাহাটীৰ পৰা অনা হ’ব বুলিও কয়৷ অহা ডেৰ বছৰৰ ভিতৰত মেডিকেল কলেজৰ কাম সম্পূর্ণ হ’ব বুলি মুখ্যমন্ত্রীগৰাকীয়ে সাংবাদিকৰ আগত কয়৷ মুখ্যমন্ত্রীগৰাকীৰ পৰিদর্শনৰ সময়ত নলবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, নলবাৰী জিলা উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত, জিলা স্বাস্থ্য বিভাগৰ বিষয়া–কর্মচাৰীসক সংগ দিয়ে৷ নলবাৰী মেডিকেল কলেজ পৰিদর্শন কৰাৰ পাছতে মুখ্যমন্ত্রী ড০ শর্মাই লাটিমাস্থিত পিতৃগৃহত উপস্থিত হৈ গাঁওবাসীৰ খা–খবৰ লয়৷ মুখ্যমন্ত্রীগৰাকীক ওচৰতে পাই গাঁওবাসী উৎফুল্লিত হৈ পৰে৷ তেওঁ অতি শীঘ্রে পিতৃৰ জন্মভূমিত এনিশা কটোৱাৰ পৰিকল্পনা কৰিছে বুলি গাঁওবাসীক জানিবলৈ দিয়ে৷