নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২১ত প্ৰত‍্যুত্তৰ দিব খিলঞ্জীয়া বিৰোধী বিজেপি চৰকাৰক

দুলীয়াজানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ জুমুঠি দাহ

নিয়মীয়া বাৰ্তা, ২ জুলাইঃ ৰাজ্য চৰকাৰৰ শেহতীয়া খিলঞ্জীয়া বিৰোধী নীতিৰ বিৰুদ্ধে অসম চৰকাৰৰ উদ‍্যোগ আৰু বাণিজ্যিক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ জুমুঠি জ্বলি উঠিল দুলীয়াজান চহৰত । চৰকাৰৰ নীতি বিৰোধিতাৰে সদৌ অসম ছাত্র সন্থা আৰু টাই আহোম যুৱ পৰিষদে আজি পৃথক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । উল্লেখযোগ্য যে অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটে অনুমোদন জনোৱা নতুন ভূমি নীতি অধ্যাদেশৰ বিৰুদ্ধে দুলীয়াজান আছুৱে চহৰখনৰ মাজমজিয়া পিপলতল তিনিআলিত নতুন ভূমি নীতিৰ অধ্যাদেশৰ প্ৰতিলিপি দাহ কৰি “খিলঞ্জীয়া বিৰোধী ভূমি নীতি বাতিল কৰক”, “সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ”, “খিলঞ্জীয়াৰ ভূমি বনিয়াক গতোৱাৰ চক্ৰান্ত বন্ধ কৰক” আদি শ্ল’গানেৰে প্ৰতিবাদ থলী উত্তাল কৰি তোলে । এই প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক অনিল গগৈকে ধৰি আঞ্চলিকৰ সভাপতি বুবুল তালুকদাৰ, সম্পাদক দীপাংকৰ গগৈ আদি সংগঠনৰ অন‍্যান‍্য সদস‍্য উপস্থিত থাকে।

ইফালে টাই আহোম যুৱ পৰিষদ, নাহৰকটীয়া মহকুমা সমিতিয়ে দুলীয়াজানত মন্ত্ৰী পাটোৱাৰীৰ জুমুঠি দাহ কৰি চৰকাৰ বিৰোধী শ্ল’গানেৰে তীব্ৰ প্ৰতিবাদ সাব‍্যস্ত কৰে । আনহাতে বিজেপি চৰকাৰে ক্ৰমাগতভাৱে খিলঞ্জীয়া বিৰোধী নীতি গ্ৰহণ আৰু পুঁজিপতিক অসমখন গতাই দিয়াৰ যি চক্ৰান্ত তাৰ বিপক্ষে অহা ২১ ৰ বিধানসভাৰ নিৰ্বাচনত যথোচিত উত্তৰ দিয়া হব বুলি সকীয়নি দিয়ে টাইপাই । প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মানস প্ৰতিম গগৈ, নাহৰকটীয়া মহকুমা সমিতিৰ সভাপতি অনন্ত ফুকন, যুটীয়া সম্পাদকদ্বয় সমৰজিৎ ৰাজকোঁৱৰ আৰু ননী কোৱঁৰসহ অন‍্যান‍্য প্ৰতিবাদী সদস‍্যসকল ।

You might also like