২২ এইচআইভি আক্রান্তক আলপৈচান ছায়াৰ
নিয়মীয়া বাৰ্তা ১ ডিচেম্বৰঃ ‘এইচ আই ভিয়ে মোৰ জীৱনক এক নতুন গতি দিলে৷ যি এইডছক ভুক্তভোগীৰ বাহিৰে সমাজৰ অইন বহুজনে জীৱনৰ চৰম দুর্দশা বুলি জ্ঞান কৰা দৃষ্টিগোচৰ হয়, সিটোৱে মোক জীৱনটো নতুন দৃষ্টিকোণেৰে যাপন কৰিবলৈ এক কথাত সুযোগ দিয়া বুলি এতিয়া অনুভৱ কৰোঁ৷ ইয়ে মোক জীৱনৰ চৰম তিক্ততাক ওচৰৰ পৰা মুখামুখি হোৱাৰ সাহস দিছে দিছে আনক সেৱা কৰাৰ ইচ্ছা আৰু দিছে নিজক শূন্যৰ পৰা জীয়াই ৰখাৰ হাবিয়াস’৷ বিশ্ব এইডছ দিৱসৰ প্রাক্মুহূর্তত সাংবাদিকৰ সৈতে এক বার্তালাপত এইদৰে মনৰ ভাবব্যক্ত কৰে এইডছৰ বিৰুদ্ধে সংগ্রামখনত দীর্ঘদিন ধৰি সাহসেৰে যুঁজ দি অহা ছায়া দাসে৷
উল্লেখ্য যে অসমত জাহ্ণৱী গোস্বামীৰ পিছত ছায়া দাসে দ্বিতীয়গৰাকী পজিটিভ স্পীকাৰ যিয়ে নিজৰ পৰিচয় স্ব–ইচ্ছাই প্রকাশ কৰি সংগ্রাম তথা ইয়াৰ সজাগতাৰ ক্ষেত্রতো আগভাগ লৈ আহিছে৷ ছায়াই প্রায় ষোল্ল বছৰে মাৰাত্মক এইচ আই ভি আক্রান্ত (এইডছ) হৈও এক কর্মময় জীৱন যাপন কৰাৰ লগতে সমাজ সেৱাত ব্রতী হৈ আনকো সুশৃংখলতাৰে জীয়াই থকাৰ প্রেৰণা দি আহিছে৷ অবিভক্ত বৰপেটা জিলাৰ টাপাৰ ওচৰৰ কঁঠালৰটাৰি গাঁৱৰ ছায়াই (২০০৫ চনত) গাঁৱৰে যুৱক এজনৰে বিবাহপাশত আবদ্ধ হৈছিল৷ দুর্ভাগ্যজনক কথা যে ছায়াৰ স্বামীৰ (পেছাত ট্ৰাক চালক) বিবাহৰ দুবছৰ পিছতে এইডছ আক্রান্ত হৈ মৃত্যু হয়৷ স্বামী মৃত্যুৰ পিছত অকাল বৈধব্যৰ শোক মাৰ নৌযাওঁতেই ছায়াও একে ৰোগত আক্রান্ত হয়৷ এই মর্মান্তিক ঘটনাৰ পিছত স্বামীগৃহৰ লোকে ছায়াক ঘৰ ত্যাগ কৰিবলৈ বাধ্য কৰায়৷ একেদৰে প্রথমাৱস্থাত মাকৰ ঘৰতো অস্পৃশ্যতা–নাদৰৰ সন্মুখীন হৈছিল ছায়া৷ হেৰাই গৈছিল জীৱনৰ সকলো ৰং৷ কিছুদিন পিছত এইডছৰ সজাগতাৰ লগত জড়িত দুই–এগৰাকী লোক তথা স্বেচ্ছাসেৱী সংগঠনৰ প্রেৰণা লাভ কৰে আৰু সেয়াই আৰম্ভণি৷
জীৱন যুঁজৰ চৰম হতাশাৰ পিনে আৰু ঘূৰি নাচাই ছায়াই জড়িত হৈ পৰে এইচ আই ভিৰ বিভিন্ন চৰকাৰী–বেচৰকাৰী সজাগতামূলক প্রকল্পৰ সৈতে৷ প্রকল্পত কর্মী হিচাপে যোগদান কৰি উপার্জনক্ষম হোৱাৰ লগতে আন শতাধিক সংক্রমিত ব্যক্তিক দিয়ে সহযোগিতাৰে মানসিকভাৱে সবল হোৱাৰ মন্ত্র৷ ৰাষ্ট্রসংঘৰ অর্থ–সাহায্যৰে চলা প্রকল্পত প্রায় কুৰিটা মহিলা আত্মসহায়ক গোট গঠনৰ ক্ষেত্রতো সমগ্র জিলাখনতে সক্রিয় উদ্যোগ লৈছিল৷ ২০০৮ চনত গঠিত বৰপেটা ডিষ্ট্রিক্ট পজিটিভ পিপ (BDNP+) স্বেচ্ছাসেৱী অনুষ্ঠানৰ প্রতিষ্ঠাপক সভানেত্রী ছায়াই সম্প্রতি গুৱাহাটীৰ এটি শিশুগৃহত মুখ্য ধানী (Mother) হিচাপে কর্মৰত হৈ আছে৷ য’ত তেওঁ এগৰাকী মাতৃৰ লেখীয়া মুঠ ২২গৰাকী এইচ আই ভি আক্রান্ত শিশু, কিশোৰ–কিশোৰীক খোৱা–বোৱা, বিদ্যালয়ত পঠোৱা আদি বিষয়ৰ যত্ন লৈছে, আলপৈচান ধৰিছে মাতৃত্বৰ স্নেহেৰে৷ তাৰ মাজত আকৌ পিতৃ–মাতৃকো সময় পালে সহায় কৰি গৈছে ছায়াই৷