নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাক্তন বিধায়ক অতুল কুমাৰ শৰ্মাৰ মৃত্যুঃ শোক প্ৰকাশ

নিয়মীয়া বাৰ্তা ১ ডিচেম্বৰঃ নগাঁও জিলাৰ চামগুৰি বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক, বিগত অসম আন্দোলনৰ অগ্ৰনী নেতা,সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন উপ-সভাপতি অতুল কুমাৰ শৰ্মাৰ মঙলবাৰে বিয়লি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পৰলোকপ্ৰাপ্তি ঘটে। যোৱা ২৫ নৱেম্বৰত উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হোৱাত ততাতৈয়াকৈ গুৱাহাটীৰ ডাউনটাউন হস্পিটেলত ভৰ্তি কৰা কৰাৰ পাছত কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰিত কৰা হয় প্ৰাক্তন বিধায়ক গৰাকীক। বিশেষজ্ঞ চিকিৎসকে চিকিৎসা সেৱা প্ৰদান কৰাৰ মাজতে মঙলবাৰে দুপৰীয়া প্ৰায় ১২ বজাত অতুল কুমাৰ শৰ্মাৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ পাছত বিয়লি প্ৰায় ৫.৫৫ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। ১৯৫৭ চনৰ ৫ ডিচেম্বৰত নগাঁও জিলাৰ চামগুৰিৰ তেলীয়াগাঁৱত জন্মগ্ৰহণ কৰে অতুল কুমাৰ শৰ্মাই। নগাঁও জিলাৰ শালনা চাহ বাগিচাত পিতৃৰ কৰ্ম সূত্ৰে ডাঙৰ দীঘল হোৱাৰ পাছত পুৰণিগুদামত শিক্ষা জীৱন আৰম্ভ কৰে।

ইপিনে, কলেজত নাম ভৰ্তি কৰাৰ সময়ত সমগ্ৰ ৰাজ্যখনত অস্তিত্ব ৰক্ষা আন্দোলন আৰম্ভ হয় আৰু এই আন্দোলনত অতুল কুমাৰ শৰ্মা জপিয়াই পৰে। সদৌ অসম ছাত্ৰ সন্থাৰ সদস্য পদ গ্ৰহণ কৰি অতুল কুমাৰ শৰ্মাই পুৰণিগুদাম আঞ্চলিক ছাত্ৰ সন্থাৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ ধিং অধিবেশনত জিলা সভাপতি নিৰ্বাচিত হয়। ইয়াৰ পৰবৰ্তী সময়ত তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পাছত অসম চুক্তি স্বাক্ষৰিত হয়। চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত তেওঁ অসম গণ পৰিষদ দলত যোগদান কৰি ১৯৮৫ আৰু ১৯৯১ চনত চামগুৰি বিধানসভা সমষ্টিৰ পৰা দলীয় টিকটত অৱতীৰ্ণ হয় যদিও তেওঁ পৰাজয় বৰণ কৰে। কিন্তু ১৯৯৬ চনত তেওঁ অগপ দলৰ পৰা চামগুৰি বিধানসভা সমষ্টিত পুনৰ অৱতীৰ্ণ হৈ অসম বিধানসভালৈ নিৰ্বাচিত হয়।

বিগত বহুবছৰ ধৰি অসম গণ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা অতুল কুমাৰ শৰ্মা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ অতি ঘনিষ্ঠ আছিল। বিধায়ক হিচাবেও এজন সু-সংগঠক,ভদ্ৰ,নম্বৰ বুলি পৰিচিত অতুল কুমাৰ শৰ্মাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাত সমগ্ৰ নগাঁও জিলাতে শোকৰ ছাঁ পৰিছে। তেওঁৰ বিধায়ক হৈ থকাৰ সময়ত ছোৱাত অসম চৰকাৰৰ পণ্যাগাৰ নিগমৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তদুপৰি অগপ নেতৃত্বাধীন প্ৰথমটো চৰকাৰৰ কাৰ্যকালত অতুল কুমাৰ শৰ্মাই নগাঁও মহকুমা পৰিষদৰ মুখ্য প্ৰশাসক হিচাপে সুদক্ষতাৰে কাৰ্যনিৰ্বাহ কৰিছিল।

শেহতীয়াকৈ ২০১৫ চনত তেওঁ অগপ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰিছিল যদিও শাৰীৰিক অসুস্থতাৰ বাবে কোনো দায়িত্ব গ্ৰহণ কৰাৰ পৰা বিৰত আছিল। মঙলবাৰে সন্ধিয়া তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাত বহুসংখ্যক গুণমুগ্ধই তেওঁৰ নগাঁও চহৰৰ পানীগাঁও ডিমৰুগুৰিৰ আনন্দ নগৰৰ বাসভৱনত উপস্থিত হয়হি। অৱশ্যে বাতৰি যুগুত কৰাৰ সময়লৈকে প্ৰাক্তন বিধায়ক অতুল কুমাৰ শৰ্মাৰ নশ্বৰ দেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা আহি পোৱা নাই। ইপিনে, অতুল কুমাৰ শৰ্মাৰ মৃত্যুত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মা,জিতু গোস্বামী, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

You might also like