নিয়মীয়া বাৰ্তা ২১ ডিচেম্বৰঃ প্রাথমিক বিদ্যালয়ত প্রধান শিক্ষকৰ পদ সৃষ্টি, স্নাতক শিক্ষকৰ পৰা কর্তন কৰা ৮,৭০০ টকাৰ গ্রেড পে’ ঘূৰাই দিয়াৰ দাবীৰে পুনৰ আন্দোলনৰ কার্যসূচী ঘোষণা কৰিছে ৰাজ্যৰ প্রাথমিক শিক্ষকসকলে৷ অহা ২২ জানুৱাৰীত খাৰঘুলিস্থিত মুখ্যমন্ত্রীৰ চৰকাৰী বাসগৃহ ঘেৰাও কৰিব ক্ষুব্ধ প্রাথমিক শিক্ষকসকলে৷ আজি এই কথা সদৰী কৰিছে অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীৰ সভাপতি জীৱন চন্দ্র বৰা আৰু প্রধান সম্পাদক ৰাতুল চন্দ্র গোস্বামীয়ে৷ এক বিবৃতিত সন্মিলনীৰ নেতৃদ্বয়ে কয় যে ২২ জানুৱাৰীৰ দিনা লতাশিল খেলপথাৰত ৰাজ্যৰ প্রাথমিক শিক্ষকসকল সমৱেত হ’ব আৰু তাৰ পৰাই মুখ্যমন্ত্রীৰ বাসভৱন ঘেৰাওৰ বাবে সমদল কৰি আহি একে সময়তে সেই দিনাই ৰাজ্যৰ প্রাথমিক শিক্ষকসকলে বিত্তীয় আৰু কার্যালয়কেন্দ্রিক কামৰ পৰা সামূহিকভাৱে অব্যাহতি গ্রহণ কৰিব বুলিও বিবৃতিত সদৰী কৰিছে৷ উল্লেখ্য যে প্রাথমিক শিক্ষকসকলৰ বিভিন্ন সমস্যা সমাধান আৰু ৮,৭০০ টকাৰ গ্রেড পে’ ঘূৰাই দিয়াৰ দাবীৰে দীর্ঘদিনে সন্মিলনীয়ে প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰি আহিছে৷ এই সন্দর্ভত কেইবাবাৰো সংশ্লিষ্ট বিষয়ববীয়াৰ লগতে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ সৈতে বৈঠকত মিলিত হৈছে৷ বিগত বর্ষৰ ৩০ ডিচেম্বৰত মুখ্যমন্ত্রীৰে হোৱা আলোচনাকালত প্রধান শিক্ষকৰ পদ সৃষ্টিৰ লগতে কর্তন কৰা গ্রেড পে’ ঘূৰাই দিবলৈ নির্দেশ দিছিল৷ কিন্তু সেই নির্দেশ আজিলৈ কার্যকৰী নহ’ল৷ যাৰ পৰিপ্রেক্ষিতত আজি অনুষ্ঠিত ৰাজ্যিক কার্যনির্বাহক সভাত এই দুয়োটা সমস্যা সমাধানৰ দাবীৰে প্রাথমিক শিক্ষকসকলে চৰকাৰৰ বিৰুদ্ধে বিদ্রোহ ঘোষণা কৰে৷ বিবৃতিটোত সন্মিলনীৰ প্রধান সম্পাদক ৰাতুল চন্দ্র গোস্বামীয়ে প্রকাশ কৰা অনুসৰি প্রাথমিক বিদ্যালয়ত প্রধান শিক্ষকৰ দায়িত্ব পালন কৰি থকা সকলো শিক্ষকে অহা ২২ জানুৱাৰীৰ পৰা কেৱল শৈক্ষিক দায়িত্বহে পালন কৰিব৷ বিত্তীয় আৰু কার্যালয়কেন্দ্রিক তথ্য যোগানৰ কাম আদিৰ পৰা প্রাথমিক শিক্ষকসকল বিৰত থাকিব৷ মধ্যাহ্ণ ভোজনৰ সামগ্রী বিষয়াই বিদ্যালয়ত যোগান দিলেহে ছাত্র–ছাত্রীক পৰিৱেশনৰ দায়িত্ব গ্রহণ কৰিব প্রধান শিক্ষকসকলে৷ একেদৰে গৃহ নির্মাণৰ ক্ষেত্রতো সামগ্রী যোগান দিলে পর্যবেক্ষণৰ দায়িত্ব পালন কৰিব যদিও বিত্তীয় লেনদেন আৰু কার্যালয়কেন্দ্রিক কাম–কাজ কৰাৰ পৰা সম্পূর্ণৰূপে বিৰত থাকিব বুলিও গোস্বামীয়ে প্রকাশ কৰিছে৷ আনহাতে, শিক্ষার্থীসকলৰ শৈক্ষিক তথ্যৰ প্রয়োজনীয় তথ্যৰ বাহিৰে আন তথ্য মজুত ৰখা অথবা আদান–প্রদানৰ দায়িত্বও শিক্ষকসকলে পালন নকৰে বুলি উল্লেখ কৰি বিবৃতিটোত গোস্বামীয়ে কয় যে প্রয়োজন সাপেক্ষে ৩০০ টকাৰ বানচ গ্রহণৰ পৰা বিৰত থাকিবলৈ তেওঁলোকে কুণ্ঠাবোধ নকৰিব৷ দাবী পূৰণ নোহোৱা পর্যন্ত সন্মিলনীৰ এই প্রতিবাদী কার্যসূচী অব্যাহত থাকিব বুলিও গোস্বামীয়ে প্রকাশ কৰে৷