২২ নৱেম্বৰত হ’ব উপ–পৰিদর্শক নিযুক্তিৰ পৰীক্ষা
নিয়মীয়া বাৰ্তা ১১ নৱেম্বৰঃ ৰাজ্য কঁপোৱা অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছ আই) পদৰ চাঞ্চল্যকৰ নিযুক্তি কেলেংকাৰিৰ তদন্ত অব্যাহত থকাৰ মাজতে ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’র্ডে আজি পুনৰ এই পৰীক্ষাৰ নতুন দিন ঘোষণা কৰে৷ ঘোষণা অনুসৰি অহা ২২ নৱেম্বৰত ৰাজ্যত নতুনকৈ অনুষ্ঠিত হ’ব এছ আই পৰীক্ষা৷ ২২ নৱেম্বৰত ৰাজ্যৰ বিভিন্ন পৰীক্ষা কেন্দ্রত দিনৰ ১২ বজাৰ পৰা ২ বজালৈ এই পৰীক্ষা অনুষ্ঠিত হ’ব৷ অৱশ্যে ক’ভিড প্রট’কল মানি চলাৰ বাবে পুৱা ৯.৩০ বজাত পৰীক্ষা কেন্দ্রত উপস্থিত হ’ব লাগিব পৰীক্ষার্থীসকল৷ উল্লেখ্য যে যোৱা ২০ ছেপ্ঢেম্বৰত ৰাজ্যৰ ১৫৪টা কেন্দ্রত এছ আই পদৰ পৰীক্ষা অনুষ্ঠিত হৈছিল৷ মুঠ ৫৭৯টা এছ আই পদৰ বাবে অনুষ্ঠিত পৰীক্ষা আৰম্ভ হোৱাৰ পোন্ধৰ মিনিট পিছতে প্রশ্ণকাকত ফাদিল হোৱাৰ কথা ধৰা পৰে৷ প্রশ্ণকাকত ফাদিল হোৱাৰ বিষয়ে অৱগত হোৱাত ৰাজ্যিক আৰক্ষী নিযুক্তি ব’ডৰ সেই সময়ৰ অধ্যক্ষ প্রদীপ কুমাৰে লগে লগে এছ আই পৰীক্ষা বাতিল কৰিছিল৷ এই চাঞ্চল্যকৰ ঘটনাটোৰ তদন্ত অপৰাধ অনুসন্ধান শাখাই (চি আই ডি) অব্যাহত ৰাখিছে৷ এই ঘটনাৰ এমাহ বিশ দিনৰ পিছত ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’র্ডে এছ আই পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে৷ সেই অনুসৰি যোৱা ২০ ছেপ্ঢেম্বৰত পৰীক্ষাত বহা পৰীক্ষার্থীসকলে নতুনকৈ এডমিট কার্ড সংগ্রহ কৰিব লাগিব৷ অহা ১৬ নৱেম্বৰত এডমিট কার্ড উপলব্ধ হ’ব৷ পৰীক্ষার্থীসকলে অনলাইনযোগে এডমিট কার্ড ডাউনলোড কৰিব পাৰিব৷ আৰক্ষী নিযুক্তি ব’ডৰ ৱেবছাইটwww.slprbassam.inত গৈ পৰীক্ষার্থীসকলে এডমিট কার্ড ডাউনলোড কৰিব পাৰিব৷ তদুপৰি পৰীক্ষার্থীসকলে অধিক তথ্যৰ বাবে টোল ফ্রী ১৮০০–২১২০–০৫৫৯৯ নম্বৰত ফোন কৰিব পাৰিব৷ আনহাতে, পৰীক্ষার্থীসকলৰ সুবিধার্থে প্রতিখন জিলাৰ আৰক্ষী অধীক্ষকৰ কার্যালয়ত স্থাপন কৰা হ’ব হেল্প ডেস্ক৷ প্রতিজন পৰীক্ষার্থীয়ে পৰীক্ষাৰ দিনা লগত ৰাখিব এখন পাছপ’ট ছাইজৰ ফটো আৰু এখন পৰিচয়–পত্র৷ উল্লেখ্য যে এছ আই পৰীক্ষাৰ প্রশ্ণকাকত ফাদিল তথা ধনৰ বিনিময়ত নিযুক্তি কেলেংকাৰি সংঘটিত কৰা ঘটনা সংক্রান্তত প্রথম পর্যায়ত ক্রাইম ব্রাঞ্চ আৰু চি আই ডিয়ে গোচৰ ৰুজু কৰে৷ এই কেলেংকাৰিত অভিযুক্ত ৫০জনতকৈ অধিক লোকক ক্রাইম ব্রাঞ্চ আৰু চি আই ডিয়ে গ্রেপ্তাৰ কৰে৷ আটাইকেইজন অভিযুক্ত বর্তমান কাৰাগাৰত বন্দী হৈ আছে৷ ধনৰ বিনিময়ত বহু চাকৰি প্রার্থীক এছ আই পদত নিযুক্তি দিয়াৰ ব্লুপ্রিণ্ট ৰচনা কৰা দালাল দিবন ডেকা, ৰুবুল হাজৰিকা, সৰোজ শর্মা, কুখ্যাত অৱসৰপ্রাপ্ত আৰক্ষী বিষয়া পি কে দত্ত, কৰিমগঞ্জৰ প্রাক্তন আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণ, সঞ্জীৱ শর্মা আদি এছ আই কেংেলকাৰিৰ মূল অভিযুক্ত হিচাপে বর্তমান ৰঙাঘৰৰ আলহী হৈ আছে৷ এনে পৰিস্থিতিত অহা ২২ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া এছ আই পৰীক্ষা সকলোৱে স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত হোৱাটো কামনা কৰিছে৷