নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ২২০টা ক’ভিড হটস্পট চিনাক্তঃ শনিবাৰে প্রকাশ পাব নতুন এছ’পি

আজি জিলা উপায়ুক্তৰে মুখ্যমন্ত্রী ড০ শর্মাৰ ভিডিঅ’ কনফাৰেঞ্চ

নিয়মীয়া বাৰ্তা ২৫ জুনঃ ৰাজ্যৰ ক’ভিড পৰিস্থিতি সম্পর্কত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কাইলৈ জিলা উপায়ুক্তসকলৰ সৈতে এখন ভিডি’ কনফাৰেঞ্চত মিলিত হ’ব৷ সেই ভিডিঅ’ কনফাৰেঞ্চত জিলাসমূহৰ ক’ভিড পৰিস্থিতিৰ ওপৰত বিস্তৃত পর্যালোচনা কৰি অহা শনিবাৰে নতুন এছ’পি প্রকাশ কৰিব৷ বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই বিষয়ে প্রকাশ কৰে৷ মুখ্যন্ত্রী ড০ শর্মাই কয় যে গোলাঘাট আৰু বিশ্বনাথ জিলাৰ পৰিৱেশক লৈ চৰকাৰ উৎকণ্ঠিত হৈ আছে৷ অৱশ্যে কেইদিনমান আগলৈকে কাছাৰ–ডিব্রুগড়–তিন্ জিলাত যি পৰিস্থিতি আছিল, সেই পৰিস্থিতিৰ কিছু উন্নতি ঘটিছে৷

চৰকাৰে ইতিমধ্যে ৰাজ্যখনত ২২০টা হটস্পট চিনাক্ত কৰাৰ বিষয়ে জানিবলৈ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ক’ৰ পৰা সেই অঞ্চলসমূহত সংক্রমণ বৃদ্ধি পাইছে সেই সম্পর্কত কাইলৈ বৈঠকতে পর্যালোচনা কৰা হ’ব৷ একাংশই সংক্রমণ বৃদ্ধি পোৱা জিলাসমূহত লকডাউন দিয়াৰ কথা কোৱাৰ বিপৰীতে একাংশই হটস্পট অঞ্চলসমূহ নিয়ন্ত্রণাধীন কৰি পৰিস্থিতি মোকাবিলা কৰাৰ কথা কৈছে৷ এতিয়া জিলা উপায়ুক্তসকলে যদি হটস্পটসমূহ কনটেইনমেণ্ট কৰি সংক্রমণ ৰোধ কৰিব পৰা যাব বুলি ভাবে, তেতিয়াহ’লে তেনে পদ্ধতিৰে পৰিস্থিতি মোকাবিলা কৰা যাব৷

আনহাতে, ৰাজ্যৰ ক’ভিড পৰিস্থিতি পূর্বতকৈ উন্নত হোৱাৰ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যত ক’ভিড পজিটিভিটীৰ হাৰ দুই শতাংশৰ তললৈ আহিছে৷ বর্তমান ৰাজ্যখনত দৈনিক ক’ভিডত আক্রান্তৰ সংখ্যা ২,৫০০ৰ ওচৰলৈ আহিছে৷ সংক্রমণৰ এই সংখ্যা ৫০০ৰ পৰা ৬০০লৈ কমি আহিলে অৱস্থাটো আৰু ভাললৈ আহিব৷ তদুপৰি যোৱা তিনিটা দিনত ৰাজ্যখনত ব্যাপক ৰূপত হোৱা টিকাকৰণে ক’ভিড পৰিৱেশ সলনি কৰিব বুলি মুখ্যমন্ত্রী ড০ শর্মাই আশা প্রকাশ কৰে৷ এই প্রসংগতে তেওঁ ক’ভিড পৰিৱেশ ভাললৈ অহা জিলাসমূহত চলি থকা বাধ্যবাধকতা শিথিল হ’ব বুলিও জানিবলৈ দিয়ে৷

You might also like