নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত আজি ২২১৮ গৰাকী লোক কোভিড-১৯ পজিটিভ; আক্ৰান্তৰ হাৰ ৪.০৪শতাংশ

নিয়মীয়া বাৰ্তা, ৮ আগষ্ট: যোৱা ২৪ ঘন্টাত ৫৪ হাজাৰ ৮৪৫টা পৰীক্ষা সম্পাদন কৰাৰ পিছত ৰাজ্যত নতুনকৈ আজি ২২১৮ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷

আজি আক্ৰান্তৰ হাৰ ৪.০৪শতাংশ ৷

আজি আক্ৰান্ত হোৱা বুলি চিনাক্তসকলৰ ভিতৰৰ ২৯৯ গৰাকী ৰোগী কামৰূপ(ম)ৰ, ১৫০গৰাকী নগাঁৱৰ আৰু ১৬৫গৰাকী কাছাৰৰ আৰু ১৪২ গৰাকী ডিব্ৰুগড়ৰ ৷

↗️ অসমত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা — ৫৭৭১৪ জন ৷
↗️ ৰাজ্যত সম্প্ৰতি ১৮৭৬২ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে ৷
↗️ সুস্থ হোৱা ৰোগীৰ সংখ্যা – ৩৮৮০৯
↗️ বিয়োগ হোৱা ব্যক্তিৰ সংখ্যা – ১৪০

You might also like