নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুলাইত ২৪.৩৯ লাখ গ্রাহকে দিয়া নাই বিদ্যুৎ বিল

নিয়মীয়া বাৰ্তা ১০ আগষ্টঃ চন্দ্রপুৰ তাপবিদ্যুৎ কেন্দ্রটোৰ উৎপাদন বিগত ১৯৯৯ চনৰ জুন মাহৰ পৰাই বন্ধ হৈ আছে৷ ×৩০ মেগাৱাট চন্দ্রপুৰ তাপবিদ্যুৎ কেন্দ্রত ইন্ধন হিচাপে ব্যৱহাৰ কৰা Furnace oil’ৰ মূল্য হঠাতে যথেষ্ট বৃদ্ধি হোৱাৰ ফলত প্রকল্পটোৰ বিদ্যুৎ উৎপাদন মূল্য যথেষ্ট বৃদ্ধি হয় আৰু বাণিজ্যিকভাৱে অক্ষম হোৱাত সেইসময়ত কেন্দ্রীয় তেল আৰু প্রাকৃতিক গেছ মন্ত্রালয়ৰ নির্দেশমর্মে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে প্রকল্পটো বন্ধ কৰিবলৈ বাধ্য হয়৷ – এই কথা সোমবাৰে বিধানসভাৰ মজিয়াত সদৰী কৰে শক্তিমন্ত্রী বিমল বৰাই৷ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ এক লিখিত প্রশ্ণৰ উত্তৰত যন্ত্রপাতিসমূহ অতি পুৰণি আৰু অকার্যকৰী হোৱা হেতুকে প্রকল্পটো পুনৰ কার্যক্ষম কৰাৰ পৰিকল্পনা নাই বুলি মন্ত্রী বৰাই জানিবলৈ দিয়ে৷

অৱশ্যে ভৱিষ্যৎ পৰিকল্পনা সন্দর্ভত তেওঁ কয় যে এপিডিচিএলৰ তৰফৰ পৰা চন্দ্রপুৰৰ উক্ত ভূমিত নেচনেল গেছ গ্রীডৰ গেছৰ যোগেদি এটা ২৫০ মেগাৱাট গেছ ইঞ্জিন বেছড শক্তি প্রকল্প নির্মাণৰ পৰিকল্পনা লোৱা হৈছে৷

ইফালে, অনাদায় বিদ্যুৎ বিল সন্দর্ভত মন্ত্রী বৰাই দিয়া তথ্য অনুসৰি চলিত বর্ষৰ জুলাই মাহত ২৪,৩৯,৭৩০জন গ্রাহকে ( মুঠ গ্রাহকৰ প্রায় ৪০ শতাংশ) মাহিলি বিদ্যুৎ বিল আদায় দিয়া নাছিল৷ তদুপৰি যোৱা ৩১ জুলাইৰ হিচাপ অনুসৰি ২০,২১৩টা চৰকাৰী প্রতিষ্ঠানে প্রায় ৭৭ কোটি টকা বিদুৎ বিল আদায় দিবলৈ বাকী আছিল৷ ৰাজ্য চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তমর্মে চলিত বর্ষত জানুৱাৰী, ফেব্রুৱাৰী আৰু পাঁচ মাহত মাহিলি ৩০ ইউনিটকৈ বিদ্যুৎ খৰচ কৰা সকলো ঘৰৰ গ্রাহকৰ বিলৰ সমস্ত ধন চৰকাৰে পৰিশোধ কৰা বুলিও তেওঁ সদৰী কৰে৷

এপিডিচিএলৰ যোৱা দুমাহত কোনো লোকচান নাই বুলি উল্লেখ কৰি মন্ত্রী বৰাই কয় যে ২০২০–২১ বর্ষত এপিডিচিএলৰ ২১৬ কোটি টকা লোকচান হৈছিল৷ মাহিলি গড় হিচাপত প্রায় লোকচানৰ পৰিমাণ ১৮ কোটি টকা৷ এইজিচিএলৰ ক্ষেত্রত ২০২০–২১ চনত মাহিলি গড়ে ১.৮৮ কোটি হাৰে লোকচানৰ পৰিমাণ ২২.৬২ কোটি টকা৷ যোৱা চাৰি বছৰত এপিজিচিএলৰ সর্বমুঠ হিচাপত কোনো লোকচান নাই যদিও ২০২০–২১ বর্ষত ২৫.৯৬ কোটি টকা লোকচান হয়৷ সেই বর্ষটোত মাহিলি লোকচানৰ পৰিমাণ আছিল ২.১৬ কোটি টকা৷ মন কৰিবলগীয়া যে অসম চৰকাৰৰ প্রতি ইউনিট বিদ্যুৎ ক্রয়ৰ নামত গড়ে খৰচ হয় ৪.৪৫ টকাকৈ৷

You might also like