নিয়মীয়া বাৰ্তা ১৯ মেঃ প্রতিদিনে নিশা ভিডিঅ’ কলিং কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বুজ ল’ব ক’ভিড চিকিৎসাৰ৷ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ডপস্থিত হৈ ড০ শর্মাই নিশা চিকিৎসালয়ত জ্যেষ্ঠ চিকিৎসকে কর্তব্য পালন নকৰাক লৈ অসন্তুষ্টি ব্যক্ত কৰে৷ ৰোগীৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাত উদ্বিগ্ণতা প্রকাশ কৰি মুখ্যমন্ত্রীগৰাকীয়ে ক’ভিড ৰোগীক ২৪ ঘণ্টাই জ্যেষ্ঠ চিকিৎসকৰ তত্ত্বাৱধানত চিকিৎসা সেৱা নিশ্চিত কৰাৰ বাবে নিশা দুই বজাত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভিডি’ কল কৰি ক’ভিড ৱার্ডৰ বুজ ল’ব বুলি জানিবলৈ দিয়ে৷ লগতে নিশাৰ ভাগত সদায় ক’ভিড ৱার্ড পর্যবেক্ষণ কৰিব অধ্যক্ষ, চিকিৎসালয়ৰ অধীক্ষক, ডপ–ধীক্ষকৰ যিকোনো এগৰাকীয়ে৷ এইক্ষেত্রত জিলা প্রশাসনৰ এগৰাকী প্রশাসনিক বিষয়াকো প্রতিদিনে নিশাৰ ভাগতো পর্যবেক্ষণ কৰিবলৈ নির্দেশ দিয়ে মুখ্যমন্ত্রীগৰাকীয়ে৷
ইফালে ক’ভিডত আক্রান্ত হৈ মৃত্যু ঘটা কোনো লোকৰ পৰিয়ালত যদি অনাথ শিশু থাকে অথবা দুর্ভগীয়া পৰিয়ালটো উপার্জনহীন হৈ পৰে, তেন্তে তেওঁলোকক আর্থিক সকাহ প্রদানৰ বাবে এসপ্তাহৰ ভিতৰত এখন আঁচনি প্রস্তুত কৰি কার্যকৰী কৰা হ’ব বুলিও আজি সদৰী কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ উল্লেখ্য যে মুখ্যমন্ত্রীৰ দায়িত্ব গ্রহণ কৰাৰ পিছত প্রথমবাৰৰ বাবে জিলাখনৰ লগতে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত আজি ডপস্থিত হৈ ক’ভিড পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আজি দুপৰীয়া মুখ্যমন্ত্রীগৰাকীয়ে চিকিৎসা মহাবিদ্যালয়খনত ডপস্থিত হৈ চিকিৎসালয় কর্তৃপক্ষ, জিলা প্রশাসন, আৰক্ষী প্রশাসন, স্বাস্থ্য বিভাগৰ ডচ্চপদস্থ বিষয়াৰ সৈতে ক’ভিড পৰিস্থিতি বিষয়ক এক পর্যালোচনা সভাত অংশগ্রহণ কৰে৷ মুখ্যমন্ত্রীৰ লগত সংগ দিয়ে সাংসদ তপন গগৈ আৰু পল্লৱলোচন দাসে৷ এই পর্যালোচনা সভাত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, বৰছলাৰ বিধায়ক গণেশ লিম্বু আৰু ৰঙাপৰাৰ বিধায়ক কৃষকমল তাঁতীয়েও অংশগ্রহণ কৰে৷
পর্যালোচনা সভাৰ অন্তত সাংবাদিকক সম্বোধন কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে ৰাজ্যখনত ক’ভিডত আক্রান্তৰ হাৰ কালি ৬.৯ শতাংশ হোৱাৰ বিপৰীতে শোণিতপুৰ জিলাত এই হাৰ ১০ শতাংশ৷ এতিয়া প্রায় ১৩১টা মাইক্র’ কণ্টেইনমেণ্ট জ’ন চলি আছে৷ এতিয়ালৈকে শোণিতপুৰ জিলাত ৭২জন ব্যক্তি ক’ভিডত আক্রান্ত হৈ মৃত্যু ঘটিছে৷ গতিকে এই ক’ভিড পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি জিলা ডপায়ুক্তক ক’ভিড পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰা আৰু মাইক্র’ কণ্টেইনমেণ্ট জ’নসমূহ অধিক গুৰুত্বসহকাৰে নিৰীক্ষণ কৰাৰ লগতে জনস্বার্থৰ প্রতি লক্ষ্য ৰাখি সান্ধ্য আইন যাতে কঠোৰভাৱে কার্যকৰী হয়, তাৰ বাবে পৰামর্শ দিয়া হৈছে৷
আনহাতে কণ্টেইনমেণ্ট জ’নত থকা দুখীয়া ব্যক্তিক দুহেজাৰ টকাৰ আর্থিক অনুদান আগবঢ়োৱা হ’ব৷ শোণিতপুৰৰ চিৰাজুলি আৰু ঘোঁৰামাৰী আদর্শ চিকিৎসালয় দুখন সোনকালে মেৰামতি কৰি ক’ভিড চেণ্টাৰলৈ পৰিৱর্তন কৰা আৰু তেজপুৰৰ মানসিক চিকিৎসালয়ৰ পুৰণি ভৱন ক’ভিড চেণ্টাৰলৈ পৰিৱর্তন কৰাৰ বাবে পৰামর্শ দিয়ে৷ জিলাখনত আৰু কিছু চিকিৎসকৰ প্রয়োজন হোৱাৰ প্রতি লক্ষ্য ৰাখি কিছুসংখ্যক চিকিৎসক প্রেৰণ কৰা হ’ব বুলিও আশ্বাস প্রদান কৰি মুখ্যমন্ত্রীগৰাকীয়ে ৫০ বছৰ ঊর্ধ্বৰ ক’ভিড আক্রান্ত লোকক হোম আইছ’লেচনৰ বিপৰীতে ক’ভিড কেয়াৰ চেণ্টাৰত ৰখাৰ ব্যৱস্থা কৰা হ’ব বুলিও জানিবলৈ দিয়ে৷ ইফালে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত অক্সিজেনৰ পাইপলাইন আৰু আই চি ইড আদি বঢ়োৱাৰ প্রয়োজনীয়তা আছে বুলি কৈ মুখ্যমন্ত্রীগৰাকীয়ে বর্তমান চিকিৎসা মহাবিদ্যালয়খনত উপলব্ধ ৪০খন আই চি ইউ ৭০খনলৈ বৃদ্ধি কৰাৰ ব্যৱস্থা গ্রহণ কৰা হৈছে বুলিও অৱগত কৰে৷ লগতে চিকিৎসালয়খনত মেডিচিন ৱার্ড, ছার্জিকেল ৱার্ড আদিতো অক্সিজেনৰ পাইপলাইন সম্প্রসাৰণ কৰি যাতে প্রয়োজন হ’লে এই ৱার্ডসমূহতো ক’ভিড ৰোগী ৰাখিব পৰা যায়, তাৰ বাবে ব্যৱস্থা গ্রহণ কৰিবলৈ চিকিৎসালয় কর্তৃপক্ষক নির্দেশ দিয়ে৷
প্রণিধানযোগ্য যে জিলাখনত ক’ভিড ৰোগত আক্রান্ত হৈ মৃত্যুক সাবটি লোৱা লোকসকলক চিকিৎসালয়ৰ পৰা শ্মশানলৈ নি সৎকাৰ কৰাৰ নামত একাংশ বেচৰকাৰী এম্বুলেঞ্চে বিপুল পৰিমাণৰ ধন দাবী কৰি অহা বুলি সাংবাদিকসকলে অভিযোগ কৰাত মুখ্যমন্ত্রীগৰাকীয়ে তাৎক্ষণিকভাৱে প্রতিক্রিয়া প্রকাশ কৰি জিলা ডপায়ুক্তক সকলো ক’ভিড আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সৎকাৰৰ বাবে প্রশাসনক দায়িত্ব গ্রহণ কৰিবলৈ নির্দেশ দিয়ে৷ মুখ্যমন্ত্রীগৰাকীয়ে লগতে কয় যে কোনো ক’ভিড আক্রান্ত লোকৰ মৃত্যু হ’লে তেওঁৰ সৎকাৰৰ বাবে পৰিয়ালৰ লোকে এটকাও ভৰিব নালাগে বুলি কৈ খৰি আদিকে ধৰি আন যাৱতীয় সকলো ব্যৱস্থা প্রশাসনে কৰিব বুলি মন্তব্য কৰে৷ তেওঁ লগতে ক’ভিড নিয়ন্ত্রণ কৰিবলৈ চৰকাৰে দুবাৰ চেষ্টা কৰিছে, কম সময়তে আমি ভাল ৰিজাল্ট পাম বুলিও মন্তব্য কৰে৷