নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৪ জানুৱাৰীত নলবাৰীত বিজয় সংকল্প দিৱসত অমিত শ্বাহ

জিলা বিজেপিৰ কার্যালয়ত সাংগঠনিক সভা

নিয়মীয়া বাৰ্তা ১৬ জানুৱাৰীঃ অহা ২৪ জানুৱাৰীত নলবাৰী জিলাৰ পূব প্রান্তৰ পাইকাৰকুছি চ’কৰ সমীপৰ কেন্দুকুছি গাঁৱৰ বৃহৎ কৃষিভূমিত ভাৰতীয় জনতা পার্টীৰ এখন বৃহৎ গণসমাৱেশ অনুষ্ঠিত হ’ব৷ এই সমাৱেশত বিজেপিৰ নামনি অসমৰ সকলো জিলা সমিতিয়ে অংশগ্রহণ কৰিব৷ এই ‘বিজয় সংকল্প’ দিৱসত দিনৰ এক বজাত ভাগ ল’ব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ ইতিমধ্যে যোৱা ১২ জানুৱাৰীৰ সন্ধিয়া নলবাৰীৰ বৰদৈচিলা হোটেলত এই বিষয়ে আলোচনা কৰিবলৈ উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া, বিজেপিৰ ৰাজ্যিক উপ–সভাপতি জয়ন্ত মল্ল বৰুৱা, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র শর্মা, মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, মন্ত্রী ভবেশ কলিতা, নলবাৰী সমষ্টিৰ বিধায়ক অশোক শর্মা, বৰক্ষেত্রী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা তথা দলীয় কার্যকর্তাসকল৷ নিশাই মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাসহ বৃহৎ দলটোৱে পূব নলবাৰীৰ কেন্দুকুছিৰ বৃহৎ পথাৰখন পর্যবেক্ষণ কৰি বিভিন্ন ধৰণৰ কার্যব্যৱস্থা গ্রহণ কৰাৰ ব্যৱস্থা কৰে৷ ইতিমধ্যে বৃহৎ গণ সমাৱেশখন সফল কৰিবলৈ বিজেপিৰ সাংসদ, মন্ত্রী, বিধায়ক তথা ৰাজ্যিক দলীয় কার্যকর্তাসকলে বিভিন্ন কার্যব্যৱস্থা হাতত লৈছে৷ এই গণসমাৱেশত প্রায় দুই লক্ষাধিক লোকে অংশগ্রহণ কৰিব বুলি বিজেপিৰ ৰাজ্যিক উপ–সভাপতি জয়ন্ত মল্ল বৰুৱাই জানিবলৈ দিয়ে৷ ইপিনে, নলবাৰী জিলা বিজেপি কার্যালয়ত আজি সন্ধিয়া এখন সাংগঠনিক সভা অনুষ্ঠিত হয়৷ অহা ২৪ জানুৱাৰীত পাইকাৰকুছিত কেন্দ্রীয় গৃহমন্ত্রী শ্বাহৰ উপস্থিতিত অনুষ্ঠিতব্য বিজয় সংকল্প দিৱস সন্দর্ভত সভাত পর্যালোচনা কৰা হয়৷ সভাত জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ, মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, সাংসদ দিলীপ শইকীয়া, বিজেপি সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র শর্মা, ৰাজ্যিক বিজেপিৰ উপ সভাপতি জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকে৷

You might also like