নিয়মীয়া বাৰ্তা, ৫মেঃ ৰাজস্থান কোটাৰ পৰা ওভটি অহাৰ পিছত সৰুসজাই ষ্টেডিয়ামত আছুতীয়াকৈ ৰখা শিক্ষাৰ্থীসকলৰ ভিতৰৰ ১২৪ গৰাকী শিক্ষাৰ্থীক আজি নিজৰ ঘৰলৈ যাবলৈ অনুমতি দিয়ে স্বাস্থ্য বিভাগে।
এই শিক্ষাৰ্থীসকলৰ COVID-19 সংক্ৰমণ সম্বন্ধীয় স্বাস্থ্য পৰীক্ষাত কোনো ধৰণৰ পজিটিভ ৰিজাল্ট নোপাৱাত ঘৰলৈ যোৱাৰ অনুমতি লাভ কৰে বুলি টুইটযোগে প্ৰকাশ কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে সৰুসজাই ষ্টেডিয়ামত ছাত্ৰ-ছাত্ৰীসকলৰ ঘৰ অভিমুখী যাত্ৰাৰো তদাৰক কৰে মন্ত্ৰী ড০ শৰ্মাই।
Delighted to share that today 1st batch of 124 Kota students quarantined at Sarusajai stadium has been released after being tested negative for #COVID19. Visited the quarantine site along with officials to monitor their release process. Best wishes to these students.#AssamCares pic.twitter.com/UYAUZPoQXg
— Himanta Biswa Sarma (@himantabiswa) May 5, 2020