নিয়মীয়া বার্তা, ৪ মে’ : লকডাউনৰ মাজতে চলি থকা তালাচীত ২৬ জনকৈ সন্দেহযুক্ত বাংলাদেশী নাগৰিকক দেওবাৰে পুৱা ধুবুৰী জিলাৰ বহলপুৰৰ আৰক্ষী–প্রশাসনে আটক কৰে ৷ দুখনকৈ বাহনেৰে যাত্রা আৰম্ভ কৰা ২৬জনকৈ বাংলাদেশী নাগৰিকক আটক কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে ৷ আন জিলাৰ পৰা ধুবুৰী জিলাত প্রৱেশ কৰা লোকসকলৰ স্ক্রীনিঙৰ বাবে বঙাইগাঁও আৰু ধুবুৰী জিলাৰ সীমান্তৱর্তী বহলপুৰ পৰীক্ষণ শিবিৰলৈ অনা হয় ৷ জানিব পৰা মতে, বাংলাদেশৰ কুৰিগ্রাম জিলাৰ এই লোকসকলে যোৰহাট জিলাৰ ককিলামুখত বসবাস কৰি ব্রহ্মপুত্রত মাছ ধৰা কামত নিয়োজিত হৈ আছিল ৷ দুই–তিনি বছৰৰ পূর্বে ট্যুৰিষ্ট ভিছাৰে অসমত প্রৱেশ কৰা এই বাংলাদেশী নাগৰিককেইজনৰ ভিছাৰ ম্যাদ ইতিমধ্যে উকলি গৈছে ৷ ম্যাদ উকলা ভিছাৰে ব্রহ্মপুত্রত মাছ ধৰা কামত নিয়োজিত হৈ থকা লোককেইজন লকডাউনত আবদ্ধ হৈ পৰে ৷
অভিযোগ মতে যোৰহাটৰ জনৈক বৰা উপাধিৰ লোক এজনে ভুৱা পৰিচয়েৰে যাতায়াতৰ অনুমতি–পত্র উলিয়াই লোকসকলক অবৈধভাৱে বাংলাদেশলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰে ৷ সেইমতে লোককেইজনে ধুবুৰীলৈ অনুমতি থকা এ এছ–০১ এইচ চি–৫৯৩৪ আৰু এ এছ–০৪ বি চি–১৩৮৩ নম্বৰৰ দুখন ট্রেভেলাৰেৰে যোৰহাটৰ পৰা পশ্চিমবংগৰ বাংলাদেশ সীমান্ত চেংৰাবান্ধালৈ গৈ আছিল ৷ বর্তমান আটকাধীন বাংলাদেশী নাগৰিককেইজনক ধুবুৰী জিলা প্রশাসনে স্বাস্থ্য পৰীক্ষা কৰোৱাই কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰিছে৷ ধৃত বাংলাদেশী নাগৰিককেইজনৰ বিষয়ে বাংলাদেশ দূতাৱাসৰ লগত যোগাযোগ কৰা হ’ব বুলি ধুবুৰী জিলা প্রশাসনে জানিবলৈ দিছে ৷