দ্বিতীয় পর্যায়ৰ ভোটত নির্ণায়ক হ’ব মুছলমান–বাঙালী–চাহ জনগোষ্ঠী–জনজাতীয় ভোটাৰ
৩৯ আসন দখলৰ ৰাজনৈতিক দলৰ নিমিলা সমীকৰণ
নিয়মীয়া বাৰ্তা ১ এপ্ৰিলঃ আজি ৰাজ্যখনৰ ৩৯টা সমষ্টিত অনুষ্ঠিত হ’ব দ্বিতীয় পর্যায়ৰ নির্বাচন৷ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈকে হ’বলগীয়া ভোটগ্রহণৰ বাবে প্রশাসনে যাৱতীয় ব্যৱস্থা ইতিমধ্যে সম্পূর্ণ কৰি তুলিছে৷ এই ভোটগ্রহণত কোন দল, কোন প্রার্থীয়ে বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হয়, সেয়া অহা ২ মে’ৰ ফলাফলতহে প্রকাশ পাব৷ কিন্তু কাইলৈ ভোটগ্রহণ হ’বলগীয়া সমষ্টিসমূহৰ জনগাঁথনিয়ে ৰাজনৈতিক দলসমূহৰ অংকত নিমিলা সমীকৰণ সৃষ্টি কৰিছে৷ নির্দিষ্ট এটা জনগোষ্ঠীৰ ওপৰত নির্ভৰ কৰি কোনো এটা দলেই যে এই নির্বাচনত সর্বাধিক আসনত জয়লাভ কৰিব নোৱাৰে, সেয়া সমষ্টিসমূহৰ জনবিন্যাসে ইতিমধ্যে স্পষ্ট কৰিছে৷
বৰাক উপত্যকাৰ ১৫টা সমষ্টিৰ ভিতৰত ৫টাত মুছলমান, ৩টাত বাঙালী হিন্দু, ৫টাত বাঙালী হিন্দু–মুছলমান, ২টাত বাঙালী হিন্দু–চাহ জনগোষ্ঠী–মুছলমান ভোটাৰে নির্ণায়ক ভূমিকা গ্রহণ কৰিব৷ মুছলমান ভোটাৰৰ ওপৰত নির্ভৰশীল সমষ্টি ৫টা হৈছে– কৰিমগঞ্জ দক্ষিণ (৬৩ শতাংশ), বদৰপুৰ (৫৫ শতাংশ), হাইলাকান্দি (৫০ শতাংশ), আলগাপুৰ (৫২ শতাংশ) আৰু সোণাই (৫৭ শতাংশ)৷ সেইদৰে বাঙালী হিন্দুৰ ভোটৰ ওপৰত নির্ভৰশীল ৩টা সমষ্টি হৈছে– ৰাতাবাৰী (৫১ শতাংশ), শিলচৰ (৭১ শতাংশ) আৰু ধলাই (৫৪ শতাংশ)৷
মুছলমান আৰু বাঙালী হিন্দুৰ ওপৰত নির্ভৰশীল ৫টা সমষ্টিৰ ভিতৰত পাথাৰকান্দিত বাঙালী হিন্দু ৩৭ শতাংশ আৰু মুছলমান ৩৫ শতাংশ, কৰিমগঞ্জ উত্তৰত বাঙালী হিন্দু ৫৩ শতাংশ আৰু মুছলমান ৪৫ শতাংশ, কাটলিচেৰাত বাঙালী হিন্দু ৩৫ শতাংশ আৰু মুছলমান ৪৪ শতাংশ, বৰখলাত বাঙালী হিন্দু ৩৯ শতাংশ আৰু মুছলমান ৪১ শতাংশ, কাটিগড়াত বাঙালী হিন্দু ৪৯ শতাংশ আৰু মুছলমান ৪১ শতাংশ ভোটাৰ আছে৷ সেইদৰে বাঙালী হিন্দু–চাহ জনগোষ্ঠী–মুছলমান ভোটাৰৰ ওপৰত নির্ভৰশীল সমষ্টি দুটা হৈছে উদাৰবন্দ আৰু লক্ষীপুৰ৷ উদাৰবন্দ সমষ্টিত বাঙালী হিন্দু ৩৮ শতাংশ, চাহ জনগোষ্ঠী ৩১ শতাংশ আৰু মুছলমান ২৭ শতাংশ ভোটাৰ আছে৷ লক্ষীপুৰ সমষ্টিত বাঙালী হিন্দু ৩২ শতাংশ, চাহ জনগোষ্ঠী ৩০ শতাংশ আৰু মুছলমান ভোটাৰ ২৮ শতাংশ আছে৷
আনহাতে, পাহাৰীয়া জিলা তিনিখনৰ ৫টা সমষ্টিৰ ভিতৰত তিনিটা সমষ্টি পার্বত্য জনজাতি আৰু ২টা সমষ্টিত ভৈয়াম জনজাতিৰ আধিপত্য আছে৷ পার্বত্য জনজাতিৰ আধিপত্য থকা সমষ্টি তিনিটা হৈছে– হাফলং (৭৩ শতাংশ), বোকাজান (৫৫ শতাংশ) আৰু ডিফু (৫৩ শতাংশ)৷ ভৈয়াম জনজাতিৰ আধিপত্য থকা সমষ্টি দুটা হৈছে– হাওৰাঘাট (৬৭ শতাংশ) আৰু বৈঠালাংছ’ (৬৬ শতাংশ)৷ ইপিনে কাইলৈ ভোটগ্রহণ হ’বলগীয়া ব্রহ্মপুত্র উপত্যকাৰ ১৯টা সমষ্টিৰ ভিতৰত ৩টা সমষ্টিত মুছলমান ভোটাৰৰ আধিপত্য আছে৷ সেই সমষ্টিকেইটা হৈছে– যমুনামুখ (৮৪ শতাংশ), লাহৰীঘাট (৫৭ শতাংশ) আৰু দলগাঁও (৭৩ শতাংশ)৷ একেদৰে বাঙালী হিন্দুৱে নির্ণায়ক ভূমিকা লোৱা সমষ্টি দুটা হৈছে– লামডিং (৪৪ শতাংশ) আৰু হোজাই (৪৭ শতাংশ)৷ অসমীয়া হিন্দু আৰু মুছলমান ভোটাৰৰ প্রায় সমান আধিপত্য থকা ৭টা সমষ্টি হৈছে– নগাঁও, ৰহা, মঙলদৈ, ছিপাঝাৰ, নলবাৰী, ৰঙিয়া আৰু কমলপুৰ৷
নগাঁও সমষ্টিত অসমীয়া হিন্দু ৪৩ শতাংশ, বাঙালী হিন্দু ১০ শতাংশ, মুছলমান ৩২ শতাংশ, অ’ বি চি ৮ শতাংশ, হিন্দীভাষী ৫ শতাংশ, অন্যান্য ২ শতাংশ ভোটাৰ আছে৷ ৰহা সমষ্টিত অসমীয়া হিন্দু ২১ শতাংশ, বাঙালী হিন্দু ১৪ শতাংশ, অ’ বি চি ১৫ শতাংশ, ভৈয়াম জনজাতি ১২ শতাংশ, মুছলমান ২৯ শতাংশ, অনুসূচিত জাতি ৮ শতাংশ আৰু অন্যান্য ১১ শতাংশ ভোটাৰ আছে৷ মঙলদৈ সমষ্টিত মুছলমান ৪৩ শতাংশ, অসমীয়া হিন্দু ১৯ শতাংশ, বাঙালী হিন্দু ৫ শতাংশ, অ’ বি চি ১৪ শতাংশ, অনুসূচিত জাতি ১২ শতাংশ, ভৈয়াম জনজাতি ৫ শতাংশ আৰু অন্যান্য ২ শতাংশ ভোটাৰ আছে৷
ছিপাঝাৰ সমষ্টিত অসমীয়া হিন্দু ৪৪ শতাংশ, মুছলমান ৩১ শতাংশ, অ’ বি চি ১৮ শতাংশ, অনুসূচিত জাতি ৬ শতাংশ, অন্যান্য ১ শতাংশ ভোটাৰ আছে৷ নলবাৰী সমষ্টিত অসমীয়া হিন্দু ৩৯ শতাংশ, অ’ বি চি ১৩ শতাংশ, ভৈয়াম জনজাতি ৪ শতাংশ, মুছলমান ১৯ শতাংশ আৰু অন্যান্য ৫ শতাংশ ভোটাৰ আছে৷ ৰঙিয়া সমষ্টিত অসমীয়া হিন্দু ২৫ শতাংশ, মুছলমান ২৪ শতাংশ, বাঙালী হিন্দু ৮ শতাংশ, অ’ বি চি ২২ শতাংশ, ভৈয়াম জনজাতি ১৯ শতাংশ আৰু অন্যান্য ২ শতাংশ ভোটাৰ আছে৷ কমলপুৰ সমষ্টিত অসমীয়া হিন্দু ৪৫ শতাংশ, মুছলমান ২৩ শতাংশ, অ’ বি চি ২২ শতাংশ, অনুসূচিত জনজাতি ৫ শতাংশ, অনুসূচিত জাতিৰ ৫ শতাংশ ভোটাৰ আছে৷
সেইদৰে অসমীয়া হিন্দু–মুছলমান–জন্ ভোটাৰৰ ওপৰত নির্ভৰশীল দুটা সমষ্টি হৈছে মৰিগাঁও আৰু কলাইগাঁও৷ মৰিগাঁও সমষ্টিত অসমীয়া হিন্দু ২৯ শতাংশ, অ’ বি চি ২৪ শতাংশ, মুছলমান ২১ শতাংশ, জনজাতি ১৮ শতাংশ, অনুসূচিত জাতি ৬ শতাংশ আৰু অন্যান্য ২ শতাংশ ভোটাৰ আছে৷ সেইদৰে কলাইগাঁও সমষ্টিত জনজাতি ২৪ শতাংশ, মুছলমান ২১ শতাংশ, অসমীয়া হিন্দু ১৭ শতাংশ, অ’ বি চি ১৭ শতাংশ, বাঙালী হিন্দু ৯ শতাংশ, হিন্দীভাষী ৪ শতাংশ, অনুসূচিত জাতি ৫ শতাংশ আৰু অন্যান্য ৩ শতাংশ ভোটাৰ আছে৷ একেদৰে অসমীয়া হিন্দু–মুছলমান–বাঙলী
হিন্দু–জনজাতি ভোটাৰৰ ওপৰত নির্ভৰশীল দুটা সমষ্টি হৈছে জাগীৰোড আৰু পানেৰী৷ জাগীৰোডত অসমীয়া হিন্দু ১৫ শতাংশ, বাঙালী হিন্দু ১৯ শতাংশ, অ’ বি চি ১০ শতাংশ, মুছলমান ২৬ শতাংশ, জনজাতি ১২ শতাংশ, অনুসূচিত জাতি ১০ শতাংশ আৰু অন্যান্য ২ শতাংশ ভোটাৰ আছে৷ পানেৰী সমষ্টিত জনজাতি ৩৬ শতাংশ, বাঙালী হিন্দু ৩৩ শতাংশ, অসমীয়া হিন্দু ১১ শতাংশ, অ’ বি চি ৭ শতাংশ, চাহ জনগোষ্ঠী ২২ শতাংশ, মুছলমান ৩ শতাংশ, নেপালী ৪ শতাংশ আৰু অন্যান্য ৩ শতাংশ ভোটাৰ আছে৷
আনহাতে, জনজাতি–চাহ জনগোষ্ঠী আৰু মুছলমান ভোটাৰৰ মাজবাট আৰু ওদালগুৰি সমষ্টিত আধিপত্য আছে৷ মাজবাট সমষ্টিত জনজাতি ২৪ শতাংশ, চাহ জনগোষ্ঠী ৩০ শতাংশ, মুছলমান ১৫ শতাংশ, অসমীয়া হিন্দু ১১ শতাংশ, বাঙালী হিন্দু ৬ শতাংশ, নেপালী ৬ শতাংশ আৰু অন্যান্য ২ শতাংশ ভোটাৰ আছে৷ ওদালগুৰি সমষ্টিত জনজাতি ৪৩ শতাংশ, চাহ জনগোষ্ঠী ২৮ শতাংশ, অসমীয়া হিন্দু ৮ শতাংশ, নেপালী ৮ শতাংশ, বাঙালী হিন্দু ৪ শতাংশ, অ’ বি চি ৪ শতাংশ আৰু অন্যান্য ৫ শতাংশ ভোটাৰ আছে৷ কাইলৈ ভোটগ্রহণ হ’বলগীয়া ৩৯টা সমষ্টিৰ ভিতৰত একমাত্র বঢ়মপুৰ সমষ্টিতহে অসমীয়া হিন্দুৰ আধিপত্য আছে৷ সমষ্টিটোত ভোটাৰৰ জনগাঁথনি এনেধৰণৰ– অসমীয়া হিন্দু (৫২ শতাংশ), বাঙালী হিন্দু (৪ শতাংশ), অ’ বি চি (১২ শতাংশ), জনজাতি (৮ শতাংশ), চাহ জনগোষ্ঠী (৩ শতাংশ), মুছলমান (১১ শতাংশ) আৰু অন্যান্য (৫ শতাংশ)৷