নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ পৰা পালেহি দ্বিতীয়খন বিশেষ ৰে’ল

নিয়মীয়া বাৰ্তা, ১৫ মে’ : দিল্লীৰ পৰা অহা দ্বিতীয়খন বিশেষ ৰাজধানী এক্সপ্রেছ বৃহস্পতিবাৰে অসম পালেহি ৷ নিশাৰ ভাগত গুৱাহাটীত উপস্থিত হোৱা ৰে’লখনৰ পৰা গুৱাহাটীত নামে শতাধিক যাত্রী ৷ গুৱাহাটী ৰে’ল ষ্টেচনতে তেওঁলোকৰ সম্পূর্ণ নাম–ঠিকনা সংগ্রহ কৰা হয় ৷ ৰে’ল বিভাগে দিয়া তালিকা অনুসৰি  গুৱাহাটী ৰে’ল ষ্টেচনত ১০১গৰাকী যাত্রী নমাৰ কথা আছিল যদিও তাতকৈ বেছিসংখ্যক যাত্রী নমা পৰিলক্ষিত হয় ৷ ইয়াৰে ২৫গৰাকী যাত্রীহে কামৰূপ (মহানগৰ) জিলাৰ ৷ আন যাত্রীসকলক সংশ্লিষ্ট জিলা প্রশাসনে বাছেৰে নিজৰ নিজৰ জিলালৈ লৈ যাব ৷ আনহাতে, গুৱাহাটী মহানগৰীৰ যাত্রীসকলক নিয়া হ’ব সৰুসজাই ষ্টেডিয়ামলৈ ৷ তাতেই তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে কোৱাৰেণ্টাইন কৰা হ’ব ৷ উল্লেখ্য যে বহিঃৰাজ্যত আবদ্ধ হৈ থকা যাত্রীসকলক নিজৰ ঘৰলৈ উভতিবলৈ ১৫খন ৰে’লৰ চলাচলৰ ব্যৱস্থা কৰা হৈছে ৷ বুধবাৰে প্রথমখন ৰে’ল অসমত প্রৱেশ কৰাৰ পাছত আজি দ্বিতীয়খন ৰে’লতো বহুসংখ্যক যাত্রী নিজৰ ৰাজ্যলৈ উভতি আহে ৷

You might also like