নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্রুগড়ত ১ কোটিৰ ড্রাগ্ছসহ গ্রেপ্তাৰ অসম ৰাইফলছৰ ৩ জোৱান

নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰ: এইবাৰ সৰিয়হৰ ডুলিতে ভূত৷ ৰক্ষকেই যেতিয়া ভক্ষকৰ ৰূপ ধাৰণ কৰে, তেতিয়া চকু কপালত উঠাৰে কথা৷ ডিব্রুগড়ত আজি নিষিদ্ধ ড্রাগ্ছসহ গ্রেপ্তাৰ হ’ল তিনি আছাম ৰাইফলছৰ জোৱানসহ এজন সাধাৰণ লোক৷ প্রায় এক কোটি টকা মূল্যৰ হেৰ’ইনসহ নগদ ধন জব্দ কৰিবলৈ সক্ষম হয় ডিব্রুগড় আৰক্ষী৷ ৰাজ্যজুৰি ড্রাগ্ছবিৰোধী অভিযান তীব্রতৰ হৈ থকাৰ সময়তে স্বয়ং দেশৰ অখণ্ডতা ৰক্ষা তথা সুৰক্ষাত ব্রতী হোৱা জোৱান ড্রাগ্ছ ব্যৱসায়ত জড়িত হোৱা ঘটনাই সর্বত্র সৃষ্টি কৰিছে তীব্র চাঞ্চল্য৷

জানিব পৰা মতে, ডিব্রুগড আৰক্ষীয়ে গোপন সূত্রৰ পম খেদি আজি পুৱতিনিশা অভিযান চলাই প্রায় ২৬৯ গ্রাম মাৰাত্মক হেৰ’ইনসহ অসম ৰাইফলছৰ তিনি জোৱানৰ লগতে এজন সাধাৰণ লোকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ডিব্রুগড় আৰক্ষীয়ে গোপন সূত্রৰ পম খেদি ডিব্রুগডৰ জকাইৰ বাইপাছৰ পৰা এই নিষিদ্ধ ড্রাগ্ছসহ চাৰি সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

ডিব্রুগড আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি ডিমাপুৰৰ পৰা হেৰ’ইনখিনি ক্রয় কৰি উজনি অসমৰ তিনিচুকীয়াৰ এজন লোকক দিয়াৰ বাবে গাডীৰে আনি আছিল৷ ডিব্রুগডৰ জকাই বাইপাছত (৫২ বি, ৰাষ্ট্রীয় ঘাইপথ) ডিব্রুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্রা, অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়াসহ বৃহৎ আৰক্ষী দলে তালাচী বহুৱাই এ এছ–০৭ এল–৪০৯৬ নম্বৰৰ বলেৰ’ বাহনখনৰ সৈতে আটক কৰে লোককেইজনক৷ ইয়াৰ পাছতে আৰক্ষীয়ে তদন্ত চলাই দেৰগাঁৱৰ পৰা এন এল–১১–২৬৭৩ নম্বৰৰ এখন টাটা নেস্কন বাহন জব্দ কৰিবলৈ সক্ষম হয়৷

উক্ত বাহনখনৰ পৰা নিষিদ্ধ হেৰ’ইনৰ লগতে নগদ ৪০,০০০ টকা আৰু কেইবাযোৰ সেনাৰ পোছাক আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়৷ অর্থাৎ সেনাৰ পোছাক পৰিধান কৰিয়েই আৰক্ষীৰ তালাচী চকীবোৰ অনায়াসে পাৰ হৈ আহিছিল বা লগত কোনো লোকক সৰবৰাহৰ বাবে ব্যৱহাৰ কৰিলে এনে সেনাৰ পোছাক পৰিধান কৰোৱাই নিয়া বুলি সন্দেহ কৰা হৈছে৷

আনহাতে, কহিমাত কর্মৰত অসম ৰাইফলছৰ তিনি জোৱানসহ সাধাৰণ লোকজনে আৰক্ষীৰ আগত হেৰ’ইনখিনি সৰবৰাহৰ কথা অকপটে স্বীকাৰ কৰিছে৷ লোককেইজনে ডিমাপুৰৰ এগৰাকী মহিলাৰ পৰা ক্রয় কৰি তিনিচুকীয়াত এজন লোকক দিয়াৰ বাবে গৈ আছিল ধৃত ১৬ আছাম ৰাইফলছৰ জোৱান বিহাৰৰ বিনয় কুমাৰ, ২৩ আছাম ৰাইফলছৰ কাছাৰৰ ৰঞ্জিত কুমাৰ সিনহা আৰু মণিপুৰৰ ৭ আছাম ৰাইফলছৰ জুনুছ খানৰ লগতে পিজা হৌলি ৰপ্রিয়’ নামৰ এজন সাধাৰণ লোক৷ সামৰিক পোছাক পৰিধান কৰা জোৱান তিনিজন আৰু অসামৰিক পোছাকত গ্রেপ্তাৰ কৰা ধৃত লোকজনৰ বিৰুদ্ধে ডিব্রুগড় সদৰ থানাত ২০৩৬/২১ নম্বৰত গোচৰ ৰুজু কৰি আই পি চি২২ (চি)২৭/২৯ এন ডি পি এছৰ অধীনত গ্রেপ্তাৰৰ পাছতে কাৰাগাৰলৈ প্রেৰণ কৰিছে৷

You might also like