সৰুসজাই কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলায়ন কৰা তিনি ক’ৰোনা আক্ৰান্তক আটক কৰিলে আৰক্ষীয়ে
নিয়মীয়া বাৰ্তা ২০ মেঃ অসম আৰক্ষীয়ে সৰুসজাই কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলায়ন কৰা তিনিজন ক’ভিড-১৯ আক্ৰান্তক আটক কৰিছে। ক’ভিড আক্ৰান্ত কেইজন হৈছে হামিদুল আহমেদ ,ছাজাহাল আলী আৰু মঃ ছাইদুল আলম।
হামিদুল আহমেদ আৰু ছাজাহাল আলী নামৰ লোক দুজনক নলবাৰী আৰু মঃ ছাইদুল আলমক হোজাইৰ পৰা আৰক্ষীয়ে আটক কৰিছে।
যাৰ বাবে নলবাৰী আৰু হোজাই আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছে অসমৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।