নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনি বিদেশফেৰৎ ছাত্র অমিক্রনত আক্রান্ত হোৱাৰ সন্দেহ

ক’ভিডৰ নতুন ভেৰিয়েণ্টক লৈ ডিব্রুগড় বিশ্ববিঃত চাঞ্চল্য

নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ সম্প্রতি সমগ্র বিশ্বতে ত্রাস সৃষ্টিকাৰী ক’ভিডৰ নতুন ভেৰিয়েণ্ট অমিক্রনক লৈ ডিব্রুগড় বিশ্ববিদ্যালয়ত চাঞ্চল্য অব্যাহত আছে৷ ডিব্রুগড় বিশ্ববিদ্যালয়ৰ তিনিজন ছাত্রৰ দেহত অমিক্রনৰ উপসর্গ দেখা পোৱাত তেওঁলোকক ডিব্রুগড়ৰ জকাহ মডেল হাস্পতালত আছুতীয়া ৰখা হৈছে৷ এই তিনিজনৰ এজন আজি অমিক্রনত আক্রান্ত হোৱাৰ সন্দেহ কৰা হৈছে৷ উল্লেখ্য যে শিক্ষানুষ্ঠানখনৰ এজন ছাত্রৰ দেহত যোৱা দেওবাৰে অমিক্রনত সংক্রমিত হোৱাৰ সন্দেহ ঘনীভূত হোৱাত পৰৱতী সময়ত তেওঁৰ সংস্পর্শলৈ অহা ৪০জন শিক্ষার্থীৰ নমুনা সংগ্রহ কৰে স্বাস্থ্য বিভাগে৷ লাহোৱালৰ আই চি এম আৰৰ পৰীক্ষাগাৰত এহ নমুনাৰ ছিকুৱেঞ্চিং কৰাত আৰু দুজন অমিক্রনত আক্রান্ত হোৱাৰ সন্দেহ কৰা হয়৷ ইয়াৰ এজন দক্ষিণ আফ্রিকাৰ আৰু এজন চৌদি আৰবৰ৷ লাহোৱালৰ আহ চি এম আৰ গৱেষণাগাৰত প্রাথমিক পৰীক্ষাত স্পষ্ট হৈছে যদিও অধিক সুস্পষ্ট হ’বৰ বাবে নমুনা যোৰহাটৰ গৱেষণাগাৰলৈ প্রেৰণ কৰা বুলি জানিব পৰা গৈছে৷ অহা ৭২ ঘণ্টাৰ পাছতহে প্রকৃত তথ্য জানিব পৰা যাব বুলি ডিব্রুগড় জিলাৰ ক’ভিড ন’ডেল বিষয়া ডাঃ নৱজ্যোতি গগৈয়ে জানিবলৈ দিয়ে৷

জানিব পৰা মতে দক্ষিণ আফ্রিকাৰ পৰা অহা এজন ছাত্রৰ দেহত প্রাথমিক পৰীক্ষাত অমিক্রনৰ সন্দেহ হৈছে যদিও এতিয়াও সুস্পষ্ট হোৱা নাহ৷ প্রায় এসপ্তাহ পূর্বে দক্ষিণ আফ্রিকাৰ পৰা আহিছিল ছাত্রজন৷ লক্ষণীয়ভাৱে আফ্রিকা মহাদেশৰ টানঞ্জানিয়াৰ পৰা অহা এজন মণিপুৰৰ ব্যক্তিৰ দেহত অমিক্রন ধৰা পৰাৰ কথা কেন্দ্রী স্বাস্থ্য মন্ত্র্যালয়ে হতিমধ্যে সদৰী কৰিছে৷ জানিব পৰা মতে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ফার্মাচিউটিকেল ছায়েন্সত অধ্যয়নৰত আছিল ছাত্রজন৷ এই সম্পর্কত ডিব্রুগড় জিলাৰ ক’ভিডৰ ন’ডেল বিষয়া ডাঃ নৱজ্যোতি গগৈয়ে জানিবলৈ দি কয়–ডিব্রুগড় বিশ্ববিদ্যালয়ৰ এজন ছাত্র দিক্ষিণ আফ্রিকাৰ পৰা আহিছিল আৰু সংগ্রহ কৰা ছেম্পলত পজিটিভ পোৱা গৈছিল৷ যেতিয়া লাহোৱালৰ আই চি এম আৰত ছেম্পলটোৰ ছিকুৱেঞ্চিং কৰা হয়, তেতিয়া কিছু সন্দেহ হয় আৰু ৰোগীজনৰ চিটি ভ্যেলু ৩২ আছিল৷ সেয়ে কালি ডিব্রুগড় বিশ্ববিদ্যালয়ত কণ্টেক্ট ড্রেচিং কৰাত ৰাজ্যৰ বাহিৰৰ এজনৰ ৰেট পজিটিভ পোৱা হয়৷ কিন্তু সেহজনৰ কোনো ড্রেভেল হিষ্ট্রী নাছিল৷ পাছত সংগ্রহ কৰা সকলো ছেম্পল ছিকুৱেঞ্চিং কৰি থকা হৈছে৷ কিছু সন্দেহ হোৱা বাবে যোৰহাটলৈ প্রেৰণ কৰা হয়।

You might also like