নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩০ লাখৰ চেক প্রদান দুর্লভ–তীখেশ্বৰৰ পত্নীক

নিয়মীয়া বাৰ্তা ১৬ জুনঃ বাঘজান কাণ্ডত শোকাৱহভাৱে মৃত্যুমুখত পৰা অইলৰ অগ্নি নির্বাপক বাহিনীৰ দুই কর্মচাৰী ক্রমে তীখেশ্বৰ গোহাঁই আৰু দুর্লভ গগৈৰ দুলীয়াজান আৰু নামৰূপস্থিত বাসগৃহত সোমবাৰে উপস্থিত হয় অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্যমন্ত্রী চন্দ্রমোহন পাটোৱাৰী আৰু অইলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক৷ বাসগৃহত উপস্থিত হৈ প্রয়াত দুই কর্মচাৰীৰ সহধর্মিণীৰ হাতত অইলৰ সামাজিক নিৰাপত্তা আঁচনিৰ অধীনত ৩০ লাখ টকাকৈ একোখন চেক প্রদান কৰে৷ আনহাতে দুই পৰিয়ালৰ একোগৰাকী সদস্যক যোগ্যতাৰ ভিত্তিত অইলৰ চাকৰিত নিযুক্তি দিয়াৰো আশ্বাস দিয়ে৷ উপস্থিত থাকে কেন্দ্রীয় ৰাজ্যিক খাদ্য সংসাধন মন্ত্রী ৰামেশ্বৰ তেলী, চাহ জনজাতি কল্যাণ মন্ত্রী (স্বতন্ত্র) সঞ্জয় কিষাণ, দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা, লাহোৱালৰ বিধায়ক ঋতুপর্ণ বৰুৱা, চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকা প্রমুখ্যে ডিব্রুগড আৰু তিনিচুকীয়া জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকদ্বয়৷ ইফালে, অইলে প্রেৰণ কৰা এক বিবৃতিত বাঘজান গেছ খাদৰ জুই নির্বাপণ কৰিবলৈ গ্রহণ কৰা বিভিন্ন কাৰিকৰী দিশৰ সন্দর্ভত উল্লেখ কৰাৰ লগতে অহর্নিশে জ্বলি থকা জুইৰ উত্তাপৰ পৰা ৰক্ষা পাবলৈ প্রয়োজনীয় উত্তাপ ৰক্ষাকৱচসমূহ নির্মাণৰ কাম দুলীয়াজান অইলৰ অভিযান্ত্রিক কাৰখানাত চলি থকাৰ বিষয়ে উল্লেখ কৰিছে৷ কূপ নিয়ন্ত্রণ কার্যৰ জৰুৰী অৱস্থাৰ প্রতি লক্ষ্য ৰাখি তিনিচুকীয়া জিলাৰ উপায়ুক্ত ভাস্কৰ পেগুৱে ব্ল–আউট ক্ষেত্রৰ পার্শ্বৱর্তী স্থানত পানীৰ ওপৰত ১৫০ মিটাৰ দৈর্ঘ্যৰ এক সাঁকো নির্মাণৰ কামৰ বাবে সেনাবাহিনী (২নং পার্বত্য শাখা)ৰ সহযোগ বিচাৰে৷ বাঘজান ক্ষেত্রত সাঁকো নির্মাণৰ বাবে মিছামাৰী আৰু তেজুৰ পৰা সেনাবাহিনীৰ প্রয়োজনীয় সামগ্রী আৰু কাৰিকৰী লোক ইতিমধ্যে বাঘজানলৈ আহিছে৷ আনফালে দল–সংগঠন তথা ৰাইজৰ আন্দোলন অব্যাহত থকাত ১৪ জুনত ৪৮৭ মেড্রিক টন খাৰুৱা তেল আৰু ০.৪৫ এমএমএছচিএম প্রাকৃতিক গেছৰ উৎপাদনত লোকচানৰ সন্মুখীন হৈছে৷ ২৭ মে’ৰ পৰা আজিলৈ বিভিন্ন বন্ধ আৰু অৱৰোধৰ ফলত খাৰুৱা তেলৰ লোকচান হৈছে মুঠ ৫৩৮৬ মেট্ৰিক টন আৰু প্রাকৃতিক গেছৰ লোকচান হৈছে মুঠ ৭.০৪ এমএমএছচিএম৷ বাঘজান ক্ষেত্র আৰু ইয়াৰ পার্শ্বৱর্তী এলেকাসমূহৰ পৰা পোৱা কম্পনৰ তথ্যৰ সন্দর্ভত অইলে উত্তৰ–পূব বিজ্ঞান আৰু প্রযুক্তি প্রতিষ্ঠান, যোৰহাটৰ সহযোগ লৈছে৷ সেই অনুসৰি প্রতিষ্ঠানটোৰ লগতে আৰু অইলৰ এটা দলে কালি কূপৰ পৰা বিভিন্ন দূৰত্বত ব্রডবেণ্ড চেইচমগ্রাফ স্থাপন কৰিবৰ বাবে নির্দিষ্ট ঠাই চিনাক্ত কৰিবলৈ যুটীয়াভাৱে ক্ষেত্র পৰিদর্শন কৰে৷ আনুমানিক সাত দিনৰ পৰা ১০ দিনলৈ ৰেকর্ড হোৱাকৈ পাঁচটা ৰেকর্ডিং ক্ষেত্রত পাঁচটা ব্রডবেণ্ড চেইচমগ্রাফCSIR-NEIST, যোৰহাটৰ দ্বাৰা স্থাপন কৰা হ’ব বুলি অইলৰ বিবৃতিত প্রকাশ৷ স্থানসমূহ ইতিমধ্যে চিনাক্ত কৰা হৈছে আৰু যন্ত্র স্থাপনৰ বাবে ঠাইসমূহৰ প্রাৰম্ভিক কাম কৰি থকা হৈছে৷ আনহাতে শব্দ আৰু বায়ুৰ গুণাগুণৰ লগতেLEL স্তৰ নিৰূপণ কৰিবৰ বাবে দিল্লীৰTERIৰ পৰা এটা দল কাইলৈ উপস্থিত হোৱাৰ সম্ভাৱনা আছে৷

You might also like