বিশেষ বাৰ্তা, ১১ ডিচেম্বৰ : নগাঁৱৰ আমোলাপট্টি বি এম ৰোডত এক চুৰিকাণ্ড সংঘটিত হয়। চোৰৰ দলে নিশা নিৰ্জনতাৰ সুযোগ গ্ৰহণ কৰি ঘৰৰ দৰ্জা ভাঙি সোণৰ আ-অলংকাৰসহ প্ৰায় ৩০ লাখ টকাৰ সা-সামগ্ৰী লুট কৰি নিয়ে। আমোলাপট্টিৰ অনিল মৌৰ নামৰ ব্যৱসায়ীজনৰ ঘৰত পুৱতি নিশা চোৰে চলায় চাফাই অভিযান । চুৰিকাণ্ডৰ সময়ত গৃহটোত আছিল এক বৃদ্ধ দম্পতী। ভুক্তভোগী পৰিয়ালটো কাষ চাপিছে নগাঁও আৰক্ষীৰ। লগে লগে নগাঁও আৰক্ষীৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈ কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই।
প্ৰেৰক কনক হাজৰিকা