নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত ৩০০গৰাকী হিতাধিকাৰীলৈ মাইক্ৰ’ ফাইনেন্সৰ ঋণমুক্তৰ প্ৰমাণ-পত্ৰ

নিয়মীয়া বাৰ্তা, ১৬ অক্টোবৰ : অসম চৰকাৰৰ গ্ৰামোন্নয়ন, জনস্বাস্থ্য, আইন আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসে আজি হোজাই জিলা সদৰ শংকৰদেৱ নগৰত অসম মাইক্ৰ’ ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ তৃতীয় বৰ্গৰ অন্তৰ্গত জিলাৰ ৩০০গৰাকী হিতাধিকাৰীক ঋণমুক্ত হোৱাৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰে। এই উপলক্ষে জিলা সদৰৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ খেলপথাৰত অনুষ্ঠিত সভাত অংশ লৈ মন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ মুখ্যমন্ত্ৰীজনে ৰাজ্যখনৰ মহিলাসকলক ঋণৰ বোজাৰ পৰা মুক্ত কৰি স্বাৱলম্বী কৰি তোলাৰ বাবে বিগত ২০২১ চনত এই আঁচনি গ্ৰহণ কৰিছিল। মহিলা স্বাৱলম্বী হ’লেহে দেশ প্ৰকৃত অৰ্থত বিকাশৰ পথত আগবাঢ়িব পাৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে এই আঁচনিৰ দ্বাৰা ঋণমুক্ত হৈ এতিয়া মহিলাসকলে অৰ্থনৈতিক স্বাৱলম্বনৰ দিশত অগ্ৰসৰ হ’ব পাৰিব। তেওঁ কয় যে ৰাজ্য চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলক ১ লাখ ১০ হাজাৰ টকাকৈ আগবঢ়োৱাৰ বাবেও আঁচনি হাতত লৈছে। সভাত হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ, জিলা পৰিষদৰ সভানেত্ৰী ৰমাবালা দেৱী আদিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত দিয়া আদৰণী ভাষণত জিলা আয়ুক্ত লাচিত দাসে কয় যে প্ৰথম পৰ্যায়ত অসম মাইক্ৰ’ ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত জিলাৰ শতাধিক হিতাধিকাৰী উপকৃত হৈছিল।

প্ৰেৰক কিশলয় ডি গোস্বামী

You might also like