নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰী : কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত ছমৰীয়াত শুকুৰবাৰে উৎকোচ লৈ দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ শাখাৰ জালত পৰিছে ছমৰীয়া ৰাজহ চক্ৰৰ কাননগো প্ৰদীপ কলিতা। খবৰ অনুসৰি ছমৰীয়া ৰাজহ চক্ৰৰ কাননগো প্ৰদীপ কলিতাই ভূমি নথি শুধৰণিৰ বাবদ শচীন্দ্ৰ বিশ্বাস নামৰ এজন লোকৰ পৰা ৩০০০ টকা উৎকোচ বিচাৰিছিল। সেই মৰ্মে শুকুৰবাৰে অৰ্থাৎ আজি লোকজনে কাননগো প্ৰদীপ কলিতাক উৎকোচ বিচৰা টকাখিনি দিয়াৰ লগে লগে প্ৰদীপ কলিতাক দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ বিভাগৰ দলে গ্ৰেপ্তাৰ কৰে। দলটোৱে দীৰ্ঘসময় ধৰি জেৰা চলোৱাৰ অন্তত সন্ধিয়া কাননগো প্ৰদীপ কলিতাক গুৱাহাটীস্থিত বিভাগীয় কাৰ্যালয়লৈ লৈ যায় বুলি জানিব পৰা গৈছে।
প্ৰেৰক প্ৰীতম বায়ন