নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩২ অভিযুক্তৰ বিৰুদ্ধে ৭৩৮৬ পৃষ্ঠাৰ চার্জশ্বীট দাখিল আৰক্ষীৰ

সংখ্যালঘুৰ জলপানি কেলেংকাৰি

নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ সংখ্যালঘু সম্প্রদায়ৰ শিক্ষার্থীসকলক প্রাক্মেট্রিক জলপানি প্রদানৰ ক্ষেত্রত সংঘটিত বিয়াগোম কেলেংকাৰিত ৭,৩৮৬ পৃষ্ঠাৰ চার্জশ্বীট দাখিল কৰিছে অনুসন্ধানকাৰী সংস্থা চি আই ডিয়ে৷ কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আজি তদন্তকাৰী আৰক্ষীৰ সংস্থাটোৱে ৩২জন অভিযুক্তৰ বিৰুদ্ধে এই চার্জশ্বীট দাখিল কৰিছে৷ অভিযুক্তসকলৰ ভিতৰত আছে চাৰিজন প্রধান শিক্ষক, দুজন ইলেক্ট্রনিক ডাটা প্রছেছৰ, দুজন সহকাৰী শিক্ষক, দুজন বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, আঠজন গ্রাহক সেৱা কেন্দ্রৰ গৰাকী আৰু ১৪জন দালাল৷ অভিযুক্তসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২০ বি/৪০৬/৪০৯/৪১৯/৪২০/৪৬৮/৪৭১/১০৯/২০১/৩৪ আৰু তথ্য–প্রযুক্তি আইনৰ ৬৬ চি/৬৬ ডি ধাৰাৰ অধীনত অভিযুক্ত কৰা হৈছে৷ উল্লেখ্য যে বিগত সময়ছোৱাত বিভিন্ন বিদ্যালয়ত সংখ্যালঘু সম্প্রদায়ৰ শিক্ষার্থীসকলক প্রাক্মেট্রিক জলপানি প্রদানৰ ক্ষেত্রত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছিল৷

বিশেষকৈ বহু বিদ্যালয়ত ভুৱা শিক্ষার্থীৰ নামত ৰাজকোষৰ ধন আত্মসাৎ কৰা বুলি পোহৰলৈ আহিছে৷ ইয়াৰ পাছতে অসম সংখ্যালঘু উন্নয়ন পৰিষদৰ সঞ্চালক মাহমুদ হাছানে চি আই ডিত এখন এজাহাৰ দাখিল কৰে৷ ইয়াৰ ভিত্তিতে চি আই ডিয়ে ১৯/২০১৮ আৰু ২৩/২০১৮ নম্বৰৰ দুটা গোচৰ ৰুজু কৰে৷ এই দুয়োটা গোচৰ একত্রিত কৰি তদন্ত আৰম্ভ কৰা চি আই ডিয়ে বিভিন্ন সময়ত এই ৩২জন লোকক গ্রেপ্তাৰ কৰিছে৷ সম্প্রতি তেওঁলোক কাৰাবন্দী হৈ আছে৷ তদন্তকালত চি আই ডিয়ে ১৪টা লেপটপ, ১৩টা ম’বাইল ফোন, দুখন হার্ডডিক্স, এটা চি পি ইউ, এটা ডি ভি আৰ, এটা ফ্রিংগাৰ প্রিণ্ট স্কেনাৰ জব্দ কৰে৷ ইতিমধ্যে এই গোচৰটোত ২২০জন লোকৰ নাম তদন্তকাৰী সংস্থাটোৱে সাক্ষী হিচাপে উল্লেখ কৰিছে৷ আনহাতে, ১০জন সাক্ষীয়ে ফৌজদাৰী বিধিৰ ১৬৪ ধাৰাৰ অধীনত আদালতত জবানবন্দী প্রদান কৰিছে৷ এই গোচৰটোত প্রথম ব্যক্তিজনক গ্রেপ্তাৰৰ দিনটোৰ পৰা ৮৬ দিনৰ ভিতৰত চার্জশ্বীট দাখিল কৰা হৈছে৷

You might also like